ETV Bharat / bharat

আগ্ৰাতো আছে ভোলে বাবাৰ নিৰাপদ ঘৰ, পোহৰলৈ আহিছে চাঞ্চল্যকৰ কাহিনী - Hathras Stampede Incident

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 8:30 PM IST

Hathras Stampede Incident: উত্তৰ প্ৰদেশৰ হাথৰাছৰ চিকন্দৰৰাউত মঙলবাৰে সৎসংগৰ সময়ত পদপিষ্ট হৈ বৰ্তমানলৈ প্ৰায় ১২১ জন লোকৰ মৃত্যু হৈছে । যাৰ বাবে শেহতীয়াকৈ পোহৰলৈ আহিছে ছ্যুট-বুটৰ নাৰায়ণ সাকাৰ হৰি ওৰফে ভোলে বাবা । আগ্ৰাৰ সৈতে নাৰায়ণ সাকাৰ হৰি ওৰফে ভোলে বাবাৰ গভীৰ সম্পৰ্ক আছে । ই টিভি ভাৰতৰ দলে আগ্ৰাৰ নাৰায়ণ সাকাৰ হৰি বাবাৰ লগত জড়িত স্থান আৱিষ্কাৰ কৰিছে । পঢ়ক বিতং বাতৰি...

Hathras Stampede Incident
আগ্ৰাতো আছে ভোলে বাবাৰ নিৰাপদ ঘৰ (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ৩ জুলাই: উত্তৰ প্ৰদেশৰ হাথৰাছৰ চিকন্দৰৰাউত মঙলবাৰে অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানৰ মাজতে পদপিষ্ট হৈ মহিলা আৰু শিশুসহ বৰ্তমানলৈ প্ৰায় ১২১ জন লোকৰ মৃত্যু হয় ৷ ভগৱান শিৱৰ আৰাধনাৰ বাবে অনুষ্ঠিত কৰা ‘সৎসংগ’ (প্ৰাৰ্থনা সভা)ৰ সময়ত সংঘটিত হয় এই ভয়াৱহ ঘটনা । হাথৰছৰ এই শোকাবহ ঘটনাৰ আঁৰৰ কাহিনী জানিবলৈ ই টিভি ভাৰতৰ সাংবাদিক উক্ত স্থানত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ।

মঙলবাৰৰ মাজনিশা যেতিয়া দলটোৱে শ্বাহগঞ্জ থানা এলেকাৰ কেদাৰ নগৰত উপস্থিত হয় তেতিয়া ৰাইজে সুৰজপাল সিং ওৰফে ভোলে বাবাৰ সমগ্ৰ কাহিনী কয় । স্থানীয় ৰাইজে কৈছিল যে প্ৰায় ১৫ৰ পৰা ১৮ বছৰ আগতে ছ্যুট-বুট পৰিধান কৰা কৰা বাবা ওৰফে এছ পি সিং পৰিয়ালৰ সৈতে ইয়াত বাস কৰিছিল । অনুগামীসকলে তেওঁৰ বাসগৃহক বাবাৰ জুপুৰি বুলি কয় । কিন্তু, এইটো বাবাৰ নিৰাপদ ঘৰ । খোদ আগ্ৰাৰ পৰাই ভোলে বাবাই ভোলেৰ অনুগামীৰ লগত লৈ নিজৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছে ।

লগতে পঢ়ক: হাথৰছৰ পদপিষ্টৰ ঘটনাৰ এজাহাৰ দাখিল: নাম নাই স্বয়ম্ভূ গুৰু ভোলে বাবাৰ - Hathras Stampede Incident

কাছগঞ্জ জিলাৰ পাটিয়ালি তহচিলৰ বাহাদুৰনগৰ গাঁৱৰ নিবাসী সুৰজপাল সিং (এছ পি সিং) ১৭ বছৰ পূৰ্বে উত্তৰ প্ৰদেশ আৰক্ষীৰ কনিষ্টবল আছিল । তেতিয়া এছ পি সিঙে পৰিয়ালৰ সৈতে আগ্ৰাৰ শ্বাহগঞ্জৰ কেদাৰ নগৰত অৱস্থিত এটা বাসগৃহত বাস কৰিছিল । ১৭ বছৰ আগতে চাকৰি এৰি এছ পি সিঙে বাবা হৈ ধৰ্মধ্বনি দিবলৈ আৰম্ভ কৰিছিল । ছ্যুট-বুট পিন্ধি ধৰ্মধ্বনি দিয়াৰ অনন্য শৈলীৰ বাবে তেওঁ অতি সোনকালেই সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল । লাহে লাহে মানুহে এছ পি সিঙক নাৰায়ণ সাকাৰ হৰি ওৰফে ভোলে বাবা নামেৰে মাতিবলৈ ধৰিলে । বৰ্তমান উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানকে ধৰি বহু ৰাজ্যত ভোলে বাবাৰ লাখ লাখ অনুগামী আছে ।

পুৱা আৰু গধূলি অনুৰাগীয়ে সৎসংগ কৰে:

ইটিভি ভাৰতৰ লগত কথা পাতি কেদাৰনগৰৰ ৰাইজে কয় যে যেতিয়া এছ পি সিং ওৰফে ভোলে বাবাই পুলিচত কাম কৰিছিল তেতিয়া তেওঁ ইয়াতে বাস কৰিছিল । সেই সময়ত এই ঘৰটোও সম্পূৰ্ণ হোৱা নাছিল । এই ঘৰৰ আশে-পাশে থকা মানুহবোৰ ভোলে বাবাৰ প্ৰথম অনুগামী হৈ পৰিল । ইয়াৰ পিছতে সৎসংগ শুনিবলৈ ঘৰত বহু মানুহ আহিবলৈ ধৰিলে । ভোলে বাবাৰ অনুগামীৰ অধিকাংশই অশিক্ষিত আৰু কম শিক্ষিত । ইফালে ভোলে বাবাই ঘৰৰ বাহিৰত স্থাপন কৰা দমকলৰ পৰা পানী দি মানুহক সুস্থ কৰাৰ দাবী কৰে । ইয়াৰ পিচতে পুৱা আৰু গধূলি ঘৰৰ বাহিৰত ওচৰৰ লগতে আন জিলাৰ লোকৰ ভিৰ বাঢ়িবলৈ ধৰিলে । বৰ্তমান বাবা ইয়ালৈ নাহে । এনে পৰিস্থিতিত স্থানীয় অনুগামীসকলে নমন, ভজন, সৎসংগ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম কৰে ।

লগতে পঢ়ক: সৎসংগ অনুষ্ঠানত পদপিষ্ট হৈ নিহত হোৱা লোকসকলৰ তালিকা প্ৰকাশ ; মুকলি হেল্পলাইন নম্বৰ - STAMPEDE DURING SATSANG

ইটিভি ভাৰতৰ সৈতে কথা পাতি থাকোঁতে স্থানীয় ৰাইজৰ ক্ষোভো প্ৰকাশ কৰে । তেওঁলোকে কয় যে সকলোৱে নিজৰ নিজৰ ধৰণেৰে ভগৱানক পূজা কৰে । আমি ইয়াৰ বিৰোধিতা নকৰো, কিন্তু ১৫ বছৰতকৈও অধিক হ’ল, ভোলে বাবাও ইয়ালৈ নাহে । ইয়াৰ পিচতো অনুগামীসকলে প্ৰতিদিনে পুৱা আৰু গধূলি তেওঁৰ পুৰণি ঘৰত উপস্থিত হয় । যাৰবাবে ৰাস্তাটো বন্ধ হৈ থাকে । বিভিন্ন সময়ত সৎসংগৰ সময়ত মানুহৰ বাইক আৰু অন্যান্য সামগ্ৰী চুৰি হয় ।

ভোলে বাবাৰ ভতিজীৰ মৃত্যুক লৈ সৃষ্টি হৈছিল হুলস্থূল

ভোলে বাবাৰ ভতিজীৰ মৃত্যুক কেন্দ্ৰ কৰি কেদাৰনগৰৰ বাসিন্দা পংকজে কয় যে ভোলে বাবা ওৰফে এছ পি সিঙৰ কোনো সন্তান নাই । ভতিজীক দত্তক লৈছিল । তেওঁ কেন্সাৰত আক্ৰান্ত হৈছিল বুলি জনা যায় । ভোলে বাবাৰ আন এখন চহৰত সৎসংগ আছিল । উভতি আহোঁতে ভতিজীৰ মৃত্যু হ’ল । এই বিষয়েও বহু আলোচনা হৈছিল । এই সময়ছোৱাত অনুগামীসকলে বহুত হুলস্থুল কৰিছিল । অনুগামীসকলে দাবী কৰে যে বাবাই নিজৰ ভতিজীক জীৱিত অৱস্থাত ঘূৰাই আনিছিল । তাৰ পিচত ভোলে বাবাক পুলিচে লৈ যোৱাৰ লগতে তেওঁৰ অনুগামীসকলক নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচালনা কৰিব লগা হয় । তেওঁৰ অনুগামীসকল এতিয়াও ইয়ালৈ আহে । ইয়াত মহিলা ভক্তসকলে শাৰীৰ আঁচল আৰু শৰীৰৰ কাপোৰেৰে জুপুৰিটো পৰিষ্কাৰ কৰে ।

লগতে পঢ়ক: সৎসংগ অনুষ্ঠানত অংশ ল’বলৈ গৈ প্ৰাণ হেৰুৱালে কমেও 116 গৰাকী ভক্তই : মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা - stampede during satsang

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.