ETV Bharat / bharat

হাথৰছৰ পদপিষ্টৰ ঘটনাৰ এজাহাৰ দাখিল: নাম নাই স্বয়ম্ভূ গুৰু ভোলে বাবাৰ - Hathras Stampede Incident

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 5:51 PM IST

Updated : Jul 3, 2024, 6:25 PM IST

Hathras Stampede Incident : হাথৰছত জগত গুৰু সাকাৰ বিশ্ব হৰি ভোলে বাবাৰ সৎসংগ ঘটনাত আৰক্ষী প্ৰশাসনে প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছে । আৰক্ষীয়ে সৎসংগৰ আয়োজক প্ৰধান সেৱক দেৱ প্ৰকাশ মধুকৰ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে । কিন্তু ৰহস্যজনকভাৱে এই এজাহাৰত নাম নাই স্বয়ম্ভূ গুৰু ভোলে বাবাৰ ।

Hathras Stampede Incident
হাথৰছৰ পদপিষ্টৰ ঘটনাৰ এজাহাৰ দাখিল (ETV Bharat)

নিউজ ডেস্ক, ৩ জুলাই : উত্তৰ প্ৰদেশৰ হাথৰছৰ ফুলৰাই মোগলগড়ীৰ মাজত জি টি ৰোডৰ ওচৰত অনুষ্ঠিত জগত গুৰু সাকাৰ বিশ্ব হৰি ভোলে বাবাৰ সৎসংগৰ সময়ত সংঘটিত দুৰ্ঘটনাটোৰ পিচত প্ৰশাসনে প্ৰথমখন এজাহাৰ পঞ্জীয়ন কৰিছে । হাথৰছৰ চিকন্দৰাৰাউ আৰক্ষী থানাত পঞ্জীয়ন কৰা এজাহাৰত এই সৎসংগৰ আয়োজক প্ৰধান সেৱক দেৱপ্ৰকাশ মধুকৰ আৰু সহযোগী সেৱকসকলৰ নাম উল্লেখ কৰা হৈছে । কিন্তু ৰহস্যজনকভাৱে এজাহাৰখনত স্বয়ম্ভূ বাবা ভোলে বাবাৰ নাম উল্লেখ কৰা হোৱা নাই ।

এজাহাৰ অনুসৰি, আয়োজকসকলে অনুষ্ঠানটোত সমবেত হোৱা লাখ লাখ লোকৰ তথ্য লুকুৱাই প্ৰায় ৮০,০০০ লোক সমবেত হ'ব বুলি সমাবেশৰ অনুমতি বিচাৰিছিল । সেই অনুসৰি আৰক্ষী আৰু প্ৰশাসনে ভিৰ নিয়ন্ত্ৰণ, শান্তি-শৃংখলা ব্যৱস্থাপনা আৰু যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থাপনা কৰিছিল । কিন্তু উক্ত কাৰ্যসূচীত আঢ়ৈ লাখতকৈও অধিক ভক্তৰ আগমনৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় ।

সমাবেশৰ বাবে জি টি ৰোডত যান-বাহন নিয়ন্ত্ৰণ কৰা হৈছিল । আনহাতে, কৰ্তব্যৰত আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলে পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে চেষ্টা চলাইছিল । তাৰ মাজতে মুখ্য প্ৰবচক সূৰযপাল ওৰফে ভোলে বাবাই তেওঁৰ প্ৰবচনৰ পিচত নিজৰ গাড়ীত উঠি অনুষ্ঠানস্থলীৰ পৰা যাবলৈ ওলায় । সেই সময়তে ভক্তসকলে তেওঁৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'বলৈ আৰু চৰণৰ ধূলি মূৰত ল'বলৈ বিচাৰি ভিৰ কৰে । তেনে সময়ত ভক্তসকলৰ মাজত ঠেলা-হেঁচা লাগি পৰে আৰু বহু ভক্ত বাগৰি পৰাত পদপিষ্টৰ ঘটনাৰ সূত্ৰপাত ঘটে । ইয়াৰ পিচতে সমগ্ৰ অনুষ্ঠানস্থলীত তীব্ৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় আৰু মৃত্যু সমদল আৰম্ভ হয় ।

আনহাতে, এজাহাৰ অনুসৰি, জি টি ৰোডৰ সিপাৰে প্ৰায় তিনি মিটাৰ গভীৰ পথাৰত পানী আৰু বোকাত পিষ্ট হোৱা জনতাক আয়োজক সমিতি আৰু সেৱকসকলে হাতত লাঠি লৈ বলপূৰ্বকভাৱে বাধা প্ৰদান কৰে । যাৰ ফলত ভিৰৰ চাপ বৃদ্ধি পায় আৰু মহিলা, শিশু আৰু পুৰুষসকল পদপিষ্ট হয় । এই ঘটনাত বৃহৎসংখ্যক মহিলা, শিশু আৰু পুৰুষৰ মৃত্যু হয় । এই সময়ছোৱাত ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলে আহতসকলক উপলব্ধ সুবিধাৰে সৈতে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু আয়োজক আৰু সেৱকসকলৰ পৰা এই ক্ষেত্ৰত কোনো সহযোগিতা পোৱা নাছিল । ইফালে প্ৰাপ্ত তথ্য মতে, ঘটনাৰ পিচৰে পৰা পলাতক হৈ আছে স্বয়ম্ভূ বাবাগৰাকী । এতিয়ালৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা হোৱা নাই ।

উল্লেখ্য যে মঙলবাৰে আবেলি হাথৰছৰ নাৰায়ণ সাকাৰ হৰি ওৰফে ভোলে বাবাৰ সৎসমগত সংঘটিত পদপিষ্টৰ ঘটনাত ১২১ জনৰো অধিক লোকে প্ৰাণ হেৰুৱায় ।

ঘটনাৰ প্ৰত্যক্ষদৰ্শী মায়াদেৱী নামৰ এগৰাকী মহিলাই দিয়া বিৱৰণী অনুসৰি, তেওঁ ২০ বছৰ ধৰি ভোলে বাবাৰ অনুগামী আৰু তেওঁৰ সকলো সৎসংগতে তেওঁ উপস্থিত আছিল । তেওঁ কয় যে সৎসংগৰ পিচত প্ৰভুৰ প্ৰস্থানৰ লগে লগে তাত উপস্থিত লোকসকলে দৌৰিবলৈ আৰম্ভ কৰে । এনেকুৱাতে পদপিষ্টৰ ঘটনা সংঘটিত হয় । 20 বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে তেওঁ এনেধৰণৰ দৃশ্য দেখা বুলি উল্লেখ কৰি মায়াদেৱীয়ে কয় যে এই দৃশ্যই তেওঁৰ অন্তৰাত্মাক কঁপাই তুলিছিল ।

আন এগৰাকী ভক্ত আগ্ৰাৰ মায়া দেৱীয়ে ঘটনাৰ বিৱৰণী দি কয় যে মঙলবাৰে আবেলি প্ৰভুৱে সৎসংগ স্থানৰ পৰা ওলাই গৈছিল । তেতিয়া আৰতি আছিল । ইফালে মানুহে তাত প্ৰভুক চাবলৈ দৌৰিবলৈ আৰম্ভ কৰে । তাৰ পিচত চিঞৰ-বাখৰ আৰম্ভ হয় ।

মীৰা দেৱীয়ে লগতে কয় যে এই ঘটনা এইবাৰেই প্ৰথমবাৰৰ বাবে হোৱা নাই । প্ৰতিবাৰেই আৰু সকলো ঠাইতে সৎসংগত এনেকুৱা হয় । সৎসংগত আৰতিৰ পিচত প্ৰভু যোৱাৰ লগে লগে এই পৰিস্থিতিৰ উদ্ভৱ হয় । মানুহে তেওঁক চাবলৈ বা চৰণৰ ধূলি ল'বলৈ দৌৰাদৌৰি কৰে । কিন্তু মঙলবাৰে পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰে ।

উল্লেখ্য যে হাথৰছৰ সৎসংগত পদপিষ্টৰ ঘটনা সংঘটিত হোৱাৰ পিচৰে পৰা সন্ত ভোলে বাবা নাৰায়ণ হৰি পলাতক হৈ আছে । কিন্তু বৰ্তমান তেওঁৰ সন্ধান লাভ কৰা হৈছে । এইটো কোৱা হৈছে যে এইগৰাকী স্বয়ম্ভূ বাবা তেওঁৰ মৈনপুৰ আশ্ৰমত লুকাই থাকিব পাৰে । আনহাতে, তেওঁ মৈনপুৰ আশ্ৰমত লুকাই থকাৰ সন্দেহত আৰক্ষী বাহিনী তালৈ ৰাওনা হৈছে ।

এইটোও কোৱা হৈছে যে স্বয়ম্ভূ বাবা তেওঁৰ শ শ অনুগামীৰ সৈতে মৈনপুৰ আশ্ৰমত আছে । উল্লেখ্য যে এই ঘটনাক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ক্ষোভিত হৈ আছে । তেওঁ ডিজিপিক তৎক্ষণাৎ স্বয়ম্ভূ বাবাজনক বিচাৰি উলিয়াবলৈ আৰু যিমান সম্ভৱ সোনকালে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিছে ।

ইফালে হাথৰছৰ দুৰ্ঘটনাৰ পিচত সকলোৰে দৃষ্টি এতিয়া ভোলে বাবাৰ ওপৰত নিবদ্ধ হৈ আছে । সূত্ৰ অনুসৰি, ভোলে বাবাই মঙলবাৰে নিশা তেওঁৰ কনভয়েৰে বিচ্ছৱানৰ ঘাইপথত অৱস্থিত আশ্ৰমত উপস্থিত হৈছিল । তালৈ তেওঁৰ আগমনৰ খবৰ লাভ কৰি তেওঁ অনুগামীসকলো গৈ তাত একত্ৰিত হ'বলৈ আৰম্ভ কৰে ।

জানিব পৰা মেত, বহুসংখ্যক অনুগামী সন্ধিয়ালৈকে তাত আছিল । ইফালে এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় । ভোগাঁৱৰ চি অ' সুনীল কুমাৰো গৈ আশ্ৰমত উপস্থিত হয় । অৱশ্যে ভোলে বাবাই তেওঁক সাক্ষাৎ নকৰে আৰু তাৰ পিচত তেওঁ দলটোৰ সৈতে উভতি আহে ।

আনহাতে, সংবাদ মাধ্যমৰ লোকসকলেও ঘটনাটোৰ বিষয়ে স্বয়ম্ভূ বাবাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰি আছে । কিন্তু তেওঁ কাৰো সৈতে কথা পতা নাই । ইফালে আৰক্ষীয়েও এতিয়ালৈকে এই বিষয়ত মুখ খুলিব খোজা নাই । তেনে ক্ষেত্ৰত এইগৰাকী স্বয়ম্ভূ বাবাৰ এজাহাৰত নাম নথকা বা তেওঁৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ৰহস্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :সৎসংগ অনুষ্ঠানত পদপিষ্ট হৈ নিহত হোৱা লোকসকলৰ তালিকা প্ৰকাশ ; মুকলি হেল্পলাইন নম্বৰ - STAMPEDE DURING SATSANG
লগতে পঢ়ক :সৎসংগ অনুষ্ঠানত অংশ ল’বলৈ গৈ প্ৰাণ হেৰুৱালে কমেও 116 গৰাকী ভক্তই : মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা - stampede during satsang

Last Updated : Jul 3, 2024, 6:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.