ETV Bharat / bharat

পত্নী-সন্তানসহ ঘৰৰ ভিতৰতে গুলীয়াই হত্যা শিক্ষকক - Brutal murder - BRUTAL MURDER

murder case: দুই কন্যা আৰু পত্নীসহ এগৰাকী শিক্ষকক নৃশংসভাৱে হত্যা ৷ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে শিক্ষকজনৰ পৰিয়ালটোক ৷

Amethi Murder Case
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 4, 2024, 1:04 PM IST

নিউজ ডেস্ক, ৪ অক্টোবৰ: বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যৰ লগতে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । একেটা পৰিয়ালৰে চাৰিজন সদস্যক নিৰ্দয়ভাৱে গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই । নৃশংস ঘটনাটোত এগৰাকী চৰকাৰী শিক্ষক, তেওঁৰ পত্নী আৰু দুগৰাকী কন্যাই প্ৰাণ হেৰুৱায় । হাঁহি-স্ফূৰ্তিৰে ভৰি থকা ঘৰখন নিমিষতে পৰিণত হ’ল মৰিশালিত ৷

এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আমেঠীত ৷ ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিচতে অযোধ্যাৰ জিলা আয়ুক্ত, আৰক্ষী মহাপৰিদৰ্শকৰ লগতে আমেঠিৰ এছ পি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । আনহাতে, ঘটনাটোৰ তদন্তৰ বাবে উত্তৰ প্ৰদেশ এছ টি এফৰ ৫ টা দল মোতায়েন কৰা হৈছে । চুলতানপুৰ ডকাইতি-কাণ্ডৰ গেংষ্টাৰ মংগেশ যাদৱক এনকাউণ্টাৰ কৰা এছ টি এফৰ উপ-আৰক্ষী অধীক্ষক পি ডি কে শ্বাহীয়ে ইয়াৰ দায়িত্ব গ্ৰহণ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ সূত্ৰও লাভ কৰিছে ।

আমেঠীত পত্নী-কন্যাসহ শিক্ষকক হত্যা (ETV Bharat)

উল্লেখ্য যে ৰায়বৰেলীৰ জগতপুৰ অঞ্চলৰ সুদামাপুৰ গাঁৱৰ বাসিন্দা দলিত শিক্ষক সুনীল কুমাৰে জিলাখনৰ শিৱৰতন গঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত আহোৰভা ভৱানী মন্দিৰৰ ওচৰৰ এটা ভাৰাঘৰত পৰিয়ালৰ সৈতে বাস কৰি আছিল । বৃহস্পতিবাৰে সন্ধিয়া গুলীচালনাত শিক্ষকগৰাকী, তেওঁৰ পত্নী পুনম আৰু দুগৰাকী কন্যা নিহত হয় ।

আনহাতে, শিক্ষকগৰাকীৰ পিতৃ ৰাম গোপালে ৰায়বৰেলীৰ জন্মগাঁৱত বাস কৰে । তেওঁৰ ডাঙৰ পুত্ৰ পৰিয়ালৰ সৈতে মুম্বাইত থাকে । সৰু পুত্ৰ সুনীলে 2020 চনত শিক্ষা বিভাগত চাকৰি লাভ কৰে । তেওঁ আমেঠি জিলা সদৰৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰৈত সিংপুৰৰ পানহাউনা প্ৰাথমিক বিদ্যালয়ত নিযুক্তি লাভ কৰিছিল । তেওঁৰ পিতৃৰ মতে, কেইদিনমান পূৰ্বে দুৰ্বৃত্তই সুনীলক বাট আগচি ধৰিছিল । কিন্তু তাত মানুহৰ সমাগম ঘটাত দুৰ্বৃত্তই পলায়ন কৰে ।

ইফালে একেটা পৰিয়ালৰ ৪ জন সদস্যৰ হত্যাকাণ্ডই অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উল্লেখ্য যে স্বামী আৰু পত্নীৰ মৃতদেহ ঘৰৰ পানীৰ টেপৰ ওচৰত পৰি থকাৰ বিপৰীতে তেওঁলোকৰ কন্যা দুগৰাকীৰ মৃতদেহ তাৰ পৰা কিছু দূৰৈত পৰি আছিল । আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ পিচত স্থানীয় লোকে আটাইকেইজনকে স্থানীয় সিংপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও তাত চিকিৎসকে আটাইকে মৃত ঘোষণা কৰে । এই ঘটনাৰ খবৰ পোৱা মাত্ৰকে কেইবাখনো আৰক্ষী থানাৰ আৰক্ষীৰ উপৰি ফৰেনচিক, নিৰীক্ষণ দল আৰু ডগ স্কোৱাডো ঘটনাস্থলীত উপস্থিত হয় আৰু হত্যাৰ প্ৰমাণ সংগ্ৰহত নিয়োজিত হয় ।

ঘটনা সন্দৰ্ভত শোক ব্যক্ত কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ছ'চিয়েল মিডিয়াৰ এটা পোষ্টত কয়, "আজি আমেঠিত সংঘটিত ঘটনা অতিকৈ গৰিহণাৰ যোগ্য আৰু ক্ষমাৰ অযোগ্য । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা । এই দুখৰ সময়ত উত্তৰ প্ৰদেশ চৰকাৰ পীড়িতসকলৰ কাষত আছে । এই ঘটনাৰ অপৰাধীসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব । তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"

লগতে পঢ়ক :ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১০ শ্ৰমিক; আহত ৩ গৰাকী - tragic road mishap
লগতে পঢ়ক :গুজৰাটত সংকটত অসমৰ তীৰ্থযাত্ৰী, এজনৰ মৃত্যু : জামনগৰত চিকিৎসাধীন ৮ গৰাকী - Bajali Pilgrimage Died in Gujarat

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.