ETV Bharat / bharat

হত্যা নে আন কিবা ? ঘাইপথৰ কাষৰ অৰণ্যত উদ্ধাৰ যুৱতীৰ মৃতদেহ - GIRL DEAD BODY FOUND

GIRL DEAD BODY FOUND : উত্তৰাখণ্ডৰ ডেৰাডুন জিলাৰ ৰায়ৱালা আৰক্ষী থানা অঞ্চলৰ হৰিদ্বাৰ ঘাইপথৰ সমীপত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ অৱশ্যে, যুৱতীগৰাকীৰ পৰিচয় এতিয়াও চিনাক্ত কৰা হোৱা নাই ।

GIRL DEAD BODY FOUND
ঘাইপথৰ কাষৰ অৰণ্যত যুৱতীৰ মৃতদেহ উদ্ধাৰ, চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা যুৱতীক (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 2:11 PM IST

নেশ্যনেল ডেস্ক, 6 মে’ : সোমবাৰে উত্তৰাখণ্ডৰ হৰিদ্বাৰ-ডেৰাডুন ঘাইপথৰ পানীৰ কালভাৰ্টৰ সমীপৰ অৰণ্যত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হয় । যুৱতীগৰাকীৰ ডিঙিটো চোকা অস্ত্ৰৰে কাটি পেলোৱা হৈছে ৷ এই কথা গম পাই লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ইয়াৰে সমান্তৰালকৈ এটা ফৰেনচিক দল ঘটনাস্থলীত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰে ।

আইপিএছ প্ৰশিক্ষাৰ্থী তথা ৰায়ৱালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীতেন্দ্ৰ চৌধুৰীয়ে ঘটনা সন্দৰ্ভত কয় যে ৬ মে' সোমবাৰে পুৱা প্ৰায় ৩ বজাত বনাঞ্চলত পৰি থকা এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ এই তথ্যৰ ভিত্তিত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱতীগৰাকীৰ মৃতদেহ তেজেৰে লুতুৰি পুতুৰি হৈ থকা প্ৰত্যক্ষ কৰে ৷ যুৱতীগৰাকীৰ ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰা হৈছিল । মৃতদেহটোৰ চাৰিওফালে তেজৰ ডোঙা বান্ধিছিল ৷

ঘটনাস্থলীত ফৰেনচিক দল উপস্থিত হৈ নমুনা সংগ্ৰহ কৰিছে ৷ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । মৃত যুৱতীগৰাকীৰ পিন্ধনত আছিল জীন্স আৰু টপ । যুৱতীগৰাকীৰ পোছাক দেখি অনুমান কৰা হৈছে যে যুৱতীগৰাকী সম্ভ্ৰান্ত পৰিয়ালৰ সদস্য ৷ অৱশ্যে যুৱতীগৰাকীৰ মৃতদেহটোৰ কাষৰ পৰা কোনো নথি-পত্ৰ, ম'বাইল আদি উদ্ধাৰ হোৱা নাই ৷ সেইবাবে এতিয়াও যুৱতীগৰাকীৰ পৰিচয় লাভ কৰিব পৰা হোৱা নাই ৷

লগতে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীতেন্দ্ৰ চৌধুৰীয়ে কয় যে আৰক্ষীয়ে পথটোৰ আশে-পাশে থকা চিচিটিভি কেমেৰাৰ ফুটেজো অনুসন্ধান কৰি আছে । যুৱতীগৰাকীৰ বয়স 20 ৰ পৰা 25 বছৰৰ ভিতৰত হ’ব বুলি সন্দেহ কৰিছে । আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি মৃতদেহটো প্ৰায় 12 ঘণ্টা পুৰণি । যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰা অঞ্চলটো ৰাজাজী ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ সমীপতে আছে ৷

লগতে পঢ়ক: সন্ত্ৰাসবাদীৰ আক্ৰমণত বায়ু সেনা জোৱানৰ মৃত্যু, আহত 4 - Terrorist attack in poonch

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.