নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : চিঙৰা ৷ নাম শুনিলেই জিভাৰ পানী পৰা এবিধ খাদ্য ৷ ঘৰত প্ৰস্তুত কৰা এই জুতিলগা খাদ্যবিধতকৈ হোটেলৰ পৰা ক্ৰয় কৰা এইবিধৰ সোৱাদেই কিছু সুকীয়া হয় ৷ মাজে-সময়ে হোটেলত বহি একাপ চাহৰ সৈতে বা সুস্বাদু মিঠাইৰ সৈতে মচমচীয়া চিঙৰাৰ জুতি নিশ্চয় আপুনিও লয় ৷
মচমচীয়া চিঙৰাৰ ভিতৰত ভৰোৱা আলু-মটৰ-বাদামৰ কিছু শুকান ভাজিয়ে ইয়াৰ সোৱাদ কিন্তু দুগুণে বৃদ্ধি কৰে ৷ কি ডেকা, কি বুঢ়া সকলোৰে প্ৰিয় বিভিন্ন মিঠা-জ্বলা চাটনিৰে সৈতে খোৱা এইবিধ খাদ্য ৷
কিন্তু আপুনি বাৰু কল্পনা কৰিব পাৰেনে কেতিয়াবা যে এই চিঙৰাৰ ভিতৰত থকা আলুৰ সৈতে থাকিব পাৰে এবিধ অদ্ভুত বস্তু ৷ যদিহে ঘৰতকৈ হোটেলত প্ৰস্তুত কৰা চিঙৰা খাই আপুনি ভাল পায়, তেন্তে এই বিশেষ প্ৰতিবেদনটো আপোনাৰ বাবে ৷
- আহকচোন যাওঁ কাহানিৰ মাজলৈ...
দিনটো অত্যন্ত ব্যস্ত আছিল অমন ৷ ব্যস্ততাৰ অন্তত একাপ চাহ খাবলৈ অমন সোমাল এখন মিঠাইৰ দোকানত ৷ অমনৰ লগত আছিল দুই-তিনিজন বন্ধু ৷ আটাইৰে মন গ’ল চাহৰ লগত আজি চিঙৰা খাবলৈ ৷ কথা মতে কাম ৷ হোটেলৰ গৰাকীক দিয়া হ’ল চাৰিটা চিঙৰাৰ অৰ্ডাৰ ৷
অৰ্ডাৰ দিয়া মতে, নিৰ্দিষ্ট সময়ত আহিল চিঙৰা ৷ চাহ আৰু চিঙৰাৰ জুতি কি যে অপূৰ্ব ! লাহে লাহে সকলোৱে খাবলৈ ল’লে চিঙৰা ৷ অমনেও চাহকাপত এসোহা মাৰি একামোৰ দিলে চিঙৰাত ৷ এয়া কি... হঠাৎ চিঞৰি উঠিল অমন ৷ কি কৰো, কি নকৰো অৱস্থা ৷ সকলো হতবাক ৷ হঠাতে কি হ’ল অমনৰ !
কিছু সময়ৰ পাছত নিজকে কিছু সংযত কৰি অমনে লগত থকা বন্ধুবৰ্গৰ লগতে হোটেলত সেই সময়ত উপস্থিত থকা আন গ্ৰাহককো দেখুৱালে তেওঁ খোৱা চিঙৰাটো ৷ এয়া কি ? সকলো আচৰিত ! আচৰিত নহ’বই বা কিয় ! কিয়নো অমনে খোৱা চিঙৰাটোত ওলাল ভেকুলীৰ ঠেং ৷
তাৰ পাছতে লাগি গ’ল হুলস্থূল ৷ মিঠাইৰ দোকানৰ গৰাকী-কৰ্মচাৰীক অমনৰ লগতে অন্য গ্ৰাহকেও বহু প্ৰশ্ন কৰি থকা-সৰকা কৰিলে ৷ লগে লগে ঘটনা সন্দৰ্ভত খবৰ দিয়া হ’ল আৰক্ষীক ৷ খবৰ লাভ কৰাৰ অন্তত উক্ত স্থানত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খাদ্য বিভাগকো অৱগত কৰে ।
পৰৱৰ্তী সময়ত খাদ্য বিভাগৰ বিষয়া উক্ত স্থানত উপস্থিত হৈ মিঠাই দোকানখনৰ পাকঘৰ, গুদাম আদিৰ লগতে মিঠাইৰ দোকানখনৰ সকলো দিশ তন্ন তন্নকৈ পৰিদৰ্শন কৰে । লগতে বেঙৰ ঠেং ওলোৱা চিঙৰাটোৰ নমুনা পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয় ।
আমি উল্লেখ কৰা এই ঘটনাটো সংঘটিত হৈছে গাজিয়াবাদত ৷ গাজিয়াবাদৰ ইন্দিৰাপুৰমত অৱস্থিত এখন স্বনামধন্য মিঠাইৰ দোকানত সংঘটিত হৈছে এই ঘটনাটো ৷ চিঙৰাৰ ভিতৰত ভেকুলীৰ ঠেং ওলোৱা ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷
লগতে পঢ়ক : সাৱধান ! সুস্বাদু আইচক্ৰীমৰ ভিতৰত ওলাইছে মানুহৰ কটা আঙুলি - Human Finger in Ice Cream