ETV Bharat / bharat

ভাৰতীয় স্থলসেনাৰ ৩০ সংখ্যক সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ - New Army Chief of India

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 3:26 PM IST

General Upendra Dwivedi: ভাৰতীয় সেনাৰ চীফ অৱ আৰ্মি ষ্টাফ হিচাপে দায়িত্বভাৰ গ্ৰহণ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ ৷ সেনাবাহিনীৰ ভাইচ চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল দ্বিৱেদীয়ে ৷ জেনেৰেল মনোজ পাণ্ডেৰ অৱসৰৰ পিচত তেওঁ এই দায়িত্ব গ্ৰহণ কৰে ৷

NEW ARMY CHIEF OF INDIA
General Upendra Dwivedi (ANI Picture)

নিউজ ডেস্ক, ৩০ জুন: ভাৰতীয় সেনাৰ বৰ্তমানৰ চীফ অৱ আৰ্মি ষ্টাফ জেনেৰেল মনোজ পাণ্ডেই সেৱাৰ পৰা অৱসৰ লোৱাৰ পিচত দেওবাৰে জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ৩০ সংখ্যক চীফ অৱ আৰ্মি ষ্টাফৰ দায়িত্ব গ্ৰহণ কৰে ।

চীন আৰু পাকিস্তানৰ সৈতে সীমান্তত ব্যাপক অভিযানৰ অভিজ্ঞতা থকা জেনেৰেল দ্বিবেদীয়ে সেনাবাহিনীৰ ভাইচ চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । ১৯ ফেব্ৰুৱাৰীত সেনাবাহিনীৰ ভাইচ চীফ হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে জেনেৰেল দ্বিবেদীয়ে ২০২২-২০২৪ চনলৈকে উত্তৰ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

লগতে পঢ়ক: বীৰচক্ৰ জিণ্টু গগৈক স্মৰণ পিতৃ-মাতৃৰ; চৰকাৰৰ প্ৰতি আক্ষেপ প্ৰকাশ পৰিয়ালৰ - Death anniversary of Jintu Gogoi

যি সময়ত ভাৰতে চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি)কে ধৰি বিভিন্ন নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, সেই সময়ত তেওঁ ১.৩ মিলিয়ন সেনাৰ দায়িত্ব লয় ।

সেনা মুৰব্বী হিচাপে তেওঁ থিয়েটাৰ কমাণ্ড প্ৰৱৰ্তনৰ ক্ষেত্ৰত কেন্দ্ৰৰ অভিলাষী পৰিকল্পনাৰ ওপৰতো নৌসেনা আৰু ভাৰতীয় বায়ুসেনাৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব । ৰেৱাৰ সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ জেনেৰেল দ্বিবেদীয়ে ১৯৮৪ চনৰ ১৫ ডিচেম্বৰত ভাৰতীয় সেনাৰ ১৮ জম্মু-কাশ্মীৰ ৰাইফলছত কমিচন লাভ কৰে । পিচত তেওঁ ইউনিটক কমাণ্ড কৰে ।

লগতে পঢ়ক: ভাৰতীয় স্থলসেনাৰ পৰৱৰ্তী মুৰব্বী হ’ব লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী - CHIEF OF ARMY STAFF

প্ৰায় ৪০ বছৰীয়া দীৰ্ঘ আৰু বিশিষ্ট কেৰিয়াৰত তেওঁ বিভিন্ন ধৰণৰ কমাণ্ড, ষ্টাফ, নিৰ্দেশনামূলক আৰু বিদেশী নিযুক্তিত কাৰ্যনিৰ্বাহ কৰিছে । জেনেৰেল দ্বিবেদীৰ কমাণ্ড নিযুক্তিৰ ভিতৰত আছে কমাণ্ড অৱ ৰেজিমেণ্ট (১৮ জম্মু-কাশ্মীৰ ৰাইফল), ব্ৰিগেড (২৬ ছেক্টৰ আছাম ৰাইফলছ), ইন্সপেক্টৰ জেনেৰেল, আছাম ৰাইফলছ (পূব) আৰু ৯ কৰ্পছ ।

তেওঁ পৰম বিশিষ্ট সেৱা পদক, আতি বিশিষ্ট সেৱা পদক আৰু তিনিখন জিঅ’চি-ইন-চি প্ৰশংসা কাৰ্ড লাভ কৰিছে ।

লগতে পঢ়ক: সেনাৰ বাবে দেশীয়ভাৱে নিৰ্মাণ হ'ব ৬৮০০ কোটি টকাৰ বিশেষ মিছাইল - Army shoulder fired missiles

উত্তৰ সেনাৰ অধিনায়ক হিচাপে জেনেৰেল দ্বিবেদীয়ে উত্তৰ আৰু পশ্চিম সীমান্তত স্থায়ী অভিযানৰ পৰিকল্পনা আৰু নিষ্পাদনৰ বাবে কৌশলগত নিৰ্দেশনা আৰু কাৰ্যকৰী তদাৰকী প্ৰদান কৰাৰ উপৰিও জম্মু-কাশ্মীৰত গতিশীল সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ নেতৃত্ব দিছিল বুলি বিষয়াসকলে জনায় ।

এই সময়ছোৱাত বিষয়াগৰাকীয়ে চীনৰ সৈতে চলি থকা আলোচনাত সক্ৰিয়ভাৱে জড়িত হৈ আছিল বুলি তেওঁলোকে কয় । ভাৰতীয় সেনাৰ সৰ্ববৃহৎ সেনাবাহিনী কমাণ্ডৰ আধুনিকীকৰণ আৰু সজ্জিতকৰণৰ কামতো তেওঁ জড়িত আছিল, য'ত তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ অংশ হিচাপে থলুৱা সঁজুলি প্ৰৱৰ্তন কাৰ্যৰ পৰিচালনা কৰিছিল ।

লগতে পঢ়ক: স্বদেশী MPATGM অস্ত্ৰ প্ৰণালীৰ সফল ক্ষেত্ৰ পৰীক্ষণ - MPATGM weapon system

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.