ETV Bharat / bharat

কেৰালাত চিলিণ্ডাৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত অসমৰ শ্ৰমিক - Assam Labour injured in Kerala - ASSAM LABOUR INJURED IN KERALA

Gas Cylinder Blast: কেৰালাত গেছ চিলিণ্ডাৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত অসমৰ শ্ৰমিক । আহত শ্ৰমিকজনৰ নাম গণেশ বুলি জানিব পৰা হৈছে যদিও তেওঁৰ সম্পূৰ্ণ পৰিচয় বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

Gas Cylinder Blast
কেৰালাত চিলিণ্ডাৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত অসমৰ শ্ৰমিক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 11:13 AM IST

নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ: কেৰালাৰ পাঠানমথিটাৰ ৰান্নীত অসমৰ এজন প্ৰব্ৰজিত শ্ৰমিকৰ কোঠাত দেওবাৰে নিশা সংঘটিত হয় এক অঘটন ৷ প্ৰব্ৰজিত শ্ৰমিকজনৰ কোঠালিৰ গেছ চিলিণ্ডাৰটো হঠাৎ বিস্ফোৰণ ঘটে ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় অসমৰ প্ৰব্ৰজিত শ্ৰমিকজন । আহত শ্ৰমিকজনক গণেশ বুলি জানিব পৰা হৈছে ৷ সম্প্ৰতি তালুক হাস্পতালত চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গণেশ ৷

দেওবাৰে নিশা প্ৰায় ৯:১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ৰান্নী মুখ্য ডাকঘৰৰ সিপাৰৰ এটা অট্টালিকাৰ ওপৰৰ মহলাত সংঘটিত হয় এই বিস্ফোৰণটো । বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে কোঠালিটোৰ দুৱাৰখন ছিটিকৈ গৈ ওচৰৰ অট্টালিকাৰ ছাঁদত পৰিছিল ৷ আনহাতে খিৰিকীৰ কাঁচৰ টুকুৰাবোৰ ভাঙি অট্টালিকাৰ তলৰ ৰাস্তাটোত পৰিছিল ।

নিশা তীব্ৰ বিস্ফোৰণৰ শব্দ শুনি স্থানীয় লোক আতংকিত হয় আৰু শব্দৰ উৎস বিচাৰি আহি ঘটনাস্থলীত উপস্থিত হয় ৷ তেওঁলোকে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ ইয়াৰ পাছত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় সমগ্ৰ দিশ তদাৰক কৰে আৰু আহত শ্ৰমিকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

প্ৰথম অৱস্থাত এই বিস্ফোৰণৰ কাৰণ স্পষ্ট নাছিল যদিও পিছত আৰক্ষীয়ে সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰি গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই অসমৰ শ্ৰমিকজন আহত হোৱাৰ কথা নিশ্চিত হয় ৷ বিস্ফোৰণ সংঘটিত হোৱা কোঠালিটোত গণেশে অকলে বাস কৰিছিল ৷ সম্প্ৰতি কেৰালা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে নিৰাপত্তাৰ খাতিৰত সমগ্ৰ অঞ্চলটো ছীল কৰিছে ।

লগতে পঢ়ক: হাৰিয়ানাত প্ৰব্ৰজিত শ্ৰমিকক প্ৰহাৰ কৰি হত্যা, গুৰুতৰভাৱে আহত অসমৰ শ্ৰমিক - Migrant worker beaten to death

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.