ETV Bharat / bharat

এখন, দুখন নহয় একেলগে জ্বলিল 19 খন চিতা - Terrible Road Accident - TERRIBLE ROAD ACCIDENT

Kawardha Road Accident : ছত্তীশগড়ৰ কৱৰ্ধাত যাত্ৰীভৰ্তি পিকআপ বাহন দুৰ্ঘটনাত পতিত হৈ 19 গৰাকী লোকে শোকাৱহ মৃত্যুক আঁকোৱালি লৈছিল । ইয়াৰ পিচতে আজি একেলেগে 19 গৰাকী লোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ।

Kawardha Road Accident
19 টা পৰিয়ালত কান্দোনৰ ৰোল (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 9:50 AM IST

নেশ্যনেল ডেস্ক, 21 মে’ : সোমবাৰে ছত্তীশগড়ৰ কৱৰ্ধাত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হোৱা 19 জন লোকৰ মঙলবাৰে অন্তিম সংস্কাৰ কৰা হ’ব ৷ চৰকাৰ আৰু প্ৰশাসনৰ সহায়ত, গাঁওবাসীয়ে অন্ত্যেষ্টিক্ৰিয়া কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । আজি পুৱা প্ৰায় 10 বজাত গাঁওখনৰ বাহিৰৰ মুক্তি ধামত এক অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান অনুষ্ঠিত হ'ব ।

দুৰ্ঘটনাটো কেতিয়া আৰু কেনেকৈ সংঘটিত হৈছিল: সোমবাৰে, চেমৰাহা গাঁৱত বাস কৰা 36 জন গাঁওবাসীয়ে এখন পিকআপ বাহনত প্ৰতিদিনৰ দৰে টেণ্ডু পাত চিঙিবলৈ ৰুখমিদাদাৰৰ অৰণ্যলৈ গৈছিল । তেওঁলোকে অৰণ্যৰ পৰা টেণ্ডু পাত ছিঙি দুপৰীয়া প্ৰায় ২ বজাত উভতি আহিছিল । তাৰ পাচতে বাহাপানী গাঁৱৰ সমীপৰ ঘাটত গাড়ীখনৰ ব্ৰেক বিকল হয় । ফলত গাড়ীখন নিয়ন্ত্ৰণহীন হৈ পৰা দেখি চালকজনে গাড়ীৰ পৰা জঁপিয়াই দিয়ে ৷

চালকজনক গাড়ীৰ পৰা জঁপিয়াই পৰা দেখি গাড়ীখনত বহি থকা প্ৰায় 15 জন লোকেও চলন্ত বাহনখনৰ পৰা জঁপিয়াই দিয়ে ৷ সেই সময়তে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 30 ফুট দ খাৱৈত বাগৰি পৰে । ফলত বাহনখন দুৰ্ঘটনাত পতিত হৈ 19 গৰাকী লোকৰ মৃত্যু হয় । নিহতসকল বৈগা জনজাতীয় লোক আছিল বুলি জানিব পৰা গৈছে । নিহতসকলৰ 19 গৰাকীৰ ভিতৰত 18 গৰাকী মহিলা ৷

18 গৰাকী মহিলা, 1 জন পুৰুষৰ মৃত্যু: পিকআপ বাহনখন প্ৰায় 30 ফুট তললৈ বাগৰি পৰাত বাহনখনৰ তলত পিষ্ট হৈ 13 গৰাকী মহিলা ঘটনাস্থলীত মৃত্যু হয় । আনহাতে আঠজন লোকক সংকটজনক অৱস্থাত কুকদুৰ কমিউনিটি হেল্থ চেণ্টাৰত ভৰ্তি কৰোৱাৰ সময়তে চিকিৎসাধীন অৱস্থাত পাঁচগৰাকী মহিলাৰ মৃত্যু হয় ৷ ইয়াৰে 3 গৰাকীক গুৰুতৰভাৱে আহত অৱস্থাত জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাচতে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰীগৰাকী ঘটনাস্থলীত উপস্থিত হয় ৷ তাৰ পিচতে প্ৰাক্তন মুখ্যমন্ত্ৰী, আয়ুক্ত, সংগ্ৰাহক, আইজি, আৰক্ষী অধীক্ষককে ধৰি সমগ্ৰ জিলা প্ৰশাসন ঘটনাস্থলীত উপস্থিত হয় । সোমবাৰে বিয়লি উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে । ইয়াৰ পাচত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও কৱৰ্ধাত উপস্থিত হৈ জিলা চিকিৎসালয়ত ভৰ্তি হোৱা আহতসকলক সাক্ষাৎ কৰে ৷

তাৰ পাচতে নিশা প্ৰায় 10 বজাত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে মৃত লোকসকলৰ গাঁও চেমাহাৰাত উপস্থিত হৈ সকলো মৃতকৰ ঘৰলৈ গৈ পৰিয়ালসমূহক সাক্ষাৎ কৰি ৷ লগতে ঘটনা সন্দৰ্ভত গভীৰ শোক প্ৰকাশ কৰে।

লগতে পঢ়ক: ছত্তীশগড়ত মৰ্মান্তিক দুৰ্ঘটনা, ১৯ গৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু - Kawardha accident

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.