ETV Bharat / bharat

মণিপুৰত উগ্ৰপন্থীৰ ধাৰাবাহিক আক্ৰমণত নিহত ২, আহত ১২ - Militant attack in Manipur

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 4:49 PM IST

Drone attacks in Imphal West: মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৰাজ্যখনৰ ইম্ফল পশ্চিম জিলাত ড্ৰোন বোমা আৰু বন্দুকৰ আক্ৰমণত সোমবাৰে এগৰাকী মহিলাকে ধৰি তিনিজন লোক আহত হৈছে । ১ ছেপ্টেম্বৰত মণিপুৰৰ কৌট্ৰাক অঞ্চলত একেধৰণৰ আক্ৰমণত দুজন লোক নিহত হোৱাৰ লগতে ৯ জন আহত হৈছিল । ইম্ফল পশ্চিম জিলাৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত কৌট্ৰাক ৷

MILITANT ATTACK IN MANIPUR
মণিপুৰত ধাৰাবাহিক উগ্ৰপন্থী আক্ৰমণ (ANI)

নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ: মণিপুৰত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ ড্ৰোন বোমা আৰু বন্দুকৰ আক্ৰমণত দুজন লোক নিহত হোৱাৰ মাত্ৰ ২৪ ঘণ্টাৰ পাছত সোমবাৰে সন্ধিয়া উত্তৰ-পূবৰ ৰাজ্যখনৰ ইম্ফল পশ্চিম জিলাত একেধৰণৰ আক্ৰমণত এগৰাকী মহিলাসহ তিনিজন লোক আহত হয় ৷ মঙলবাৰে মণিপুৰ আৰক্ষীয়ে এই তথ্য সদৰী কৰে ৷

আৰক্ষী বিষয়াসকলে জনোৱা মতে, সোমবাৰে সন্ধিয়া প্ৰায় ৬.২০ বজাত আৱাসিক স্থানত ড্ৰোনৰ পৰা কমেও দুটা বিস্ফোৰক নিক্ষেপ কৰা হয়, য’ত এগৰাকী মহিলা আৰু আন দুজন লোক আহত হয় । মহিলাগৰাকী চেঞ্জাম চিৰঙস্থিত নিজৰ বাসগৃহত থকাৰ সময়তে তেওঁৰ ঘৰৰ চাদত বোমাটো পৰি বিস্ফোৰণ হয় । আহতসকলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

উগ্ৰপন্থীয়ে কাংপকপি জিলাৰ পাহাৰীয়া অঞ্চলৰ ছেজাম চিৰাং গাঁৱত নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত নিৰাপত্তা বাহিনীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে বুলি আৰক্ষী বিষয়া এজনে জানিবলৈ দিয়ে । দেওবাৰে সংঘটিত একেধৰণৰ ড্ৰোন বোমা আৰু বন্দুকৰ আক্ৰমণত দুজন লোক নিহত হোৱাৰ লগতে ৯ জন আহত হোৱা কৌট্ৰাকৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই অঞ্চলটো ।

সন্দেহযুক্ত উগ্ৰপন্থীকেইজনক নিৰাপত্তাৰক্ষীয়ে খেদি পঠোৱাৰ পূৰ্বে তেওঁলোকে গাঁওখনৰ প্ৰায় ৫টা খালী ঘৰ জ্বলাই দিছিল । এজন আৰক্ষী বিষয়াই কয়, "সন্ত্ৰাসবাদীয়ে পাঁচটা পৰিত্যক্ত ঘৰ জ্বলাই দিয়ে । দেওবাৰে নিশা প্ৰায় ২.৩০ বজাৰ পৰা আৰম্ভ হোৱা বন্দুক আৰু বোমা আক্ৰমণৰ পিছতে বাসিন্দাসকলে নিজৰ ঘৰৰ পৰা পলায়ন কৰিছিল । দেওবাৰে নিশা নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থীকেইটাক খেদি পঠায় ।"

ৰাজ্যৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত কৌট্ৰাক বিগত বৰ্ষৰ মে’ মাহত মণিপুৰত জাতিগত হিংসা সংঘটিত হোৱাৰ পিছৰে পৰা কেইবাটাও আক্ৰমণৰ সাক্ষী হৈ আহিছে । দেওবাৰে সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত বাসিন্দাসকলৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হয় আৰু মহিলা, শিশু আৰু বৃদ্ধ লোকসকলে নিৰাপদ অঞ্চললৈ পলায়ন কৰিবলগীয়া হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

মণিপুৰ আৰক্ষীয়ে দাবী কৰিছে যে এই আক্ৰমণত ৰকেটচালিত গ্ৰেনেড আৰু ড্ৰোন ব্যৱহাৰ কৰা হৈছে । গুলী আৰু বোমা আক্ৰমণৰ সন্দৰ্ভত এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে, "ইম্ফল পশ্চিমৰ কৌট্ৰাকত এক ভয়াবহ আক্ৰমণত অভিযুক্ত উগ্ৰপন্থীয়ে উচ্চ প্ৰযুক্তিৰ ড্ৰোন ব্যৱহাৰ কৰি অসংখ্য আৰ পি জি ব্যৱহাৰ কৰিছে । সাধাৰণ যুদ্ধত ড্ৰোন বোমা ব্যৱহাৰ কৰা হৈছে যদিও শেহতীয়াকৈ নিৰাপত্তা বাহিনী আৰু সাধাৰণ নাগৰিকৰ বিৰুদ্ধে বিস্ফোৰক নিয়োগ কৰিবলৈ ড্ৰোন নিয়োগ কৰাটোৱে এক উল্লেখযোগ্য উত্থানৰ সূচনা কৰিছে ।” সম্ভৱতঃ কাৰিকৰী বিশেষজ্ঞ আৰু সহায়ৰ সৈতে উচ্চ প্ৰশিক্ষিত পেছাদাৰীসকলৰ জড়িত থকাটো নুই কৰিব নোৱাৰি বুলিও বিবৃতিটোত কোৱা হৈছে ।

একেসময়তে, মণিপুৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে তালাচী অভিযানৰ সময়ত কাংপোকপি জিলাৰ সমীপৱৰ্তী খৰাম ভাইফেই গাঁৱৰ পৰা এটা ড্ৰোন উদ্ধাৰ কৰা হৈছে । কাংপকপি জিলাৰ কাংচুপ পনলেনত নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান আৰু এলেকা কণ্টেইনমেণ্টৰ সময়ত অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰে ।

বিবৃতিটোত লগতে কোৱা হৈছে যে এই অভিযানৰ সময়ত দহটা ১২ ইঞ্চিৰ একক ব’ৰ বেৰেল ৰাইফল, এটা ইম্প্ৰভাইজড মৰ্টাৰ, ৯টা ইম্প্ৰভাইজড মৰ্টাৰ বেৰেল, বিশডাল জেলেটিন ষ্টিক, ত্ৰিশটা ডিটনেটৰ, দুটা দেশত নিৰ্মিত ৰকেট আদি জব্দ কৰা হৈছে ।

‘সন্ত্রাসবাদৰ কার্য’: মণিপুৰৰ মুখ্যমন্ত্রী বীৰেণ সিং

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্মক কাণ্ডক গৰিহণা দি কয় যে সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনীৰ ওপৰত বোমা নিক্ষেপ কৰিবলৈ ড্ৰোন ব্যৱহাৰ কৰাটো, ‘সন্ত্ৰাসবাদৰ কাৰ্য’ ।

ঘৃণা, বিভাজন আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে একেলগে একত্ৰিত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে এই ‘কাপুৰুষৰ আক্ৰমণ’ক সম্ভৱপৰ শক্তিশালী শব্দৰে ধিক্কাৰ দিয়ে ।

"ড্ৰোন ব্যৱহাৰ কৰি জনসাধাৰণ আৰু নিৰাপত্তা বাহিনীৰ ওপৰত বোমা নিক্ষেপ কৰাটো সন্ত্ৰাসবাদৰ কাম আৰু মই এনে কাপুৰুষালি কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছো । মণিপুৰ চৰকাৰে এনে অপ্ৰৰোচিত আক্ৰমণক অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰে আৰু ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব ।" X ত পোষ্ট কৰি মুখ্যমন্ত্ৰী সিঙে কয় ।

তেওঁ লগতে কয় যে আমি সকলো ধৰণৰ হিংসাক ধিক্কাৰ দিওঁ আৰু মণিপুৰৰ জনসাধাৰণে ঘৃণা, বিভাজন আৰু বিচ্ছিন্নতাৰ বিৰুদ্ধে একত্ৰিত হ’ব ।

কংগ্ৰেছৰ সাংসদ এ বিমল আকোইজামে অভিযোগ কৰে যে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাই আইন প্ৰয়োগকাৰী সংস্থা বিশেষকৈ মণিপুৰত নিয়োজিত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ ব্যৰ্থতা উদঙাই দিছে ।

"এয়া কোনো ইউক্ৰেইন নহয় । এইখন সংঘৰ অন্যতম ৰাজ্য মণিপুৰ ! মণিপুৰৰ কেন্দ্ৰীয় উপত্যকাত শেহতীয়াকৈ ড্ৰোন ব্যৱহাৰ কৰি আৱাসিক এলেকাত বোমা বিস্ফোৰণকে ধৰি সাধাৰণ নাগৰিকৰ ওপৰত কৰা অপৰাধমূলক আৰু মাৰাত্মক আক্ৰমণে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিফলতা উদঙাই দিছে ।"

বিমল আকোইজামে লগতে কয়, "তেওঁলোকৰ কাৰ্য বা নিষ্ক্ৰিয়তাৰ বাবে কাক জবাবদিহি কৰা হ'ব ? এই মৃত্যু আৰু ধ্বংসৰ বাবে ভাৰত চৰকাৰে নৈতিক বা অন্য কোনো ধৰণে দায়িত্ব লোৱা উচিত নহয়নে ?"

লগতে পঢ়ক: সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলীত নিহত মহিলা: আহত 4 গৰাকী - Militant attack in Manipur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.