ETV Bharat / bharat

পাকিস্তানৰ পৰা স্বদেশলৈ উভতিল অসমৰ ৱাহিদা সহ ৪ ভাৰতীয় - Pakistan releases Indian - PAKISTAN RELEASES INDIAN

Pakistan releases Indian: ৱাঘা সীমান্তৰ মাজেৰে পাকিস্তানে ভাৰতক প্ৰত্যাৰ্পণ কৰিলে ৪ গৰাকী নাগৰিকক । দীৰ্ঘদিন ধৰি পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছিল লোককেইগৰাকী । তাৰ ভিতৰত অসমৰ ৱাহিদা বেগম আৰু তেওঁৰ পুত্ৰও আছে । বাকী দুগৰাকী হিমাচল প্ৰদেশ আৰু ৰাজস্থানৰ ।

Pakistan releases Indian
পাকিস্তানৰ পৰা স্বদেশলৈ উভতিল অসমৰ মাতৃ-পুত্ৰসহ ৪ ভাৰতীয় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 12:22 PM IST

নেশ্যনেল ডেস্ক, ৩১ মে': অৱশেষত পাকিস্তান চৰকাৰে মুকলি কৰি দিলে ৪ বন্দী ভাৰতীয়ক । পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা এই চাৰি ভাৰতীয়ৰ ভিতৰত অসমৰো আছিল দুগৰাকী লোক । অসমৰ নগাঁৱৰ ৱাহিদা বেগম আৰু তেওঁৰ ১১ বছৰীয়া পুত্ৰ ফৈজ খানকো মুকলি কৰি দিয়া হৈছে । তেওঁলোকক পাকিস্তানৰ কোৱেটা কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল আৰু ৮ মাহৰ কাৰাদণ্ডৰ পিচত শুকুৰবাৰে তেওঁলোক স্বদেশলৈ উভতি আহিছে ।

তেওঁলোকক আটাৰী ৱাঘা সীমান্তৰ জৰিয়তে ভাৰতলৈ পঠিওৱা হয় । প্ৰট’কল বিষয়া অৰুণ মহলে এই সন্দৰ্ভত কয় যে, পাকিস্তান চৰকাৰে ৪ গৰাকী ভাৰতীয় নাগৰিকক মুকলি কৰি দিছে । তেওঁলোকৰ ভিতৰত অসমৰ নগাঁৱৰ ৱাহিদা বেগম আৰু পুত্ৰ ফৈজ খান ভানা কোৱেটা কাৰাগাৰত বন্দী হৈ আছিল আৰু ৮ মাহ কাৰাবাসৰ পিচত তেওঁলোক ভাৰতলৈ উভতি আহিছে ।

প্ৰট’কল বিষয়াই লগতে কয় যে, আন দুজন ব্যক্তিৰ ভিতৰত আছে হিমাচল প্ৰদেশৰ সুৰজ পাল । তেওঁক পাকিস্তানৰ লাহোৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল ।

আনজন ব্যক্তি হৈছে ৰাজস্থানৰ বৰমাৰ জিলাৰ বাসিন্দা শবীৰ আহমেদ দাৰাছ । তেওঁক কৰাচীৰ মালিৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল । এই দুয়োগৰাকী ডেৰ বছৰৰ পৰা দুবছৰ পাকিস্তানৰ কাৰাগাৰত আছিল ।

অসমৰ ৱাহিদা বেগমৰ পুত্ৰ ফৈজ খানে অৱগত কৰা মতে তেওঁলোক দুষ্টচক্ৰৰ কবলত পৰিছিল । নিচাজাতীয় দ্ৰব্য সেৱন কৰাই তেওঁলোকক পাকিস্তানলৈ লৈ যোৱা হৈছিল । ৰহমান নামৰ এজন পাকিস্তানী নাগৰিকে তেওঁলোকক প্ৰথমে অসমৰ পৰা কলকাতা, তাৰ পৰা ডুবাই আৰু ডুবাইৰ পৰা কান্দাহাৰলৈ লৈ গৈছিল । তাৰ পৰা তেওঁলোক কোৱেট পাইছিল ।

সকলো কথা গম পোৱাত তেওঁলোকে পাকিস্তান আৰক্ষীৰ সৈতে যোগাযোগ কৰে । কিন্তু আৰক্ষীয়ে তেওঁলোকক জেৰা চলাই আৰু পিচত নিৰ্দিষ্ট আইনৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় বুলি তেওঁ অৱগত কৰিছে ।

জানিব পৰা মতে, চাৰিওগৰাকী ভাৰতীয় নাগৰিকৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত পাকিস্তানে ভাৰতলৈ প্ৰেৰণ কৰে । তেওঁলোকৰ পৰিয়ালৰ লোকসকলো আটাৰী সীমান্তত উপস্থিত হৈছে । অৱশ্যে নিৰ্দিষ্ট নিয়মৰ অধীনত তেওঁলোকক পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হ'ব । প্ৰথমে গুৰু নানক দেৱ চিকিৎসালয়ত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হ'ব ।

লগতে পঢ়ক :আজি স্বদেশত উপস্থিত হ'ব পুত্ৰসহ নগাঁৱৰ ৱাহিদা; পাকিস্তানত বন্দী আন তিনিগৰাকী ভাৰতীয়কো মুক্তি - Wahida Begum Return From Pakistan

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.