ETV Bharat / bharat

দিল্লী পালেগৈ চম্পাই ছোৰেণ: গেৰুৱা হ’বলৈ মন মেলিছে নেকি বৰ্ষীয়ান নেতাগৰাকীয়ে ? - JMM leader Champai Soren

author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 2:08 PM IST

Veteran JMM leader Champai Soren : সঁচাকৈয়ে গেৰুৱা বসন পিন্ধিব নেকি ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম)ৰ প্ৰবীণ নেতা চম্পাই ছোৰেনে ৷ আজি জেএমএমৰ প্ৰবীণ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে সাক্ষাৎ কৰাৰ সম্ভাৱনা গৃহমন্ত্ৰী অমিত শ্বাহক ৷ বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি থকাৰ সময়তে এই সাক্ষাতক লৈ বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে দেশৰ ৰাজনৈতিক মহলত ৷

Former Jharkhand CM Champai Soren Heads To Delhi Amid Speculation Of BJP Switch
জেএমএমৰ প্ৰবীণ নেতা চম্পাই ছোৰেন (ETV Bharat)

নেশ্যনেল ডেস্ক, 18 আগষ্ট: চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব ঝাৰখণ্ড বিধানসভা নিৰ্বাচন ৷ ইয়াৰ পূৰ্বে শাসকীয় জেএমএমৰ প্ৰবীণ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে দেওবাৰে বিজেপিত যোগদান কৰিব বুলি দেশৰ ৰাজনৈতিক মহলত চৰ্চা চলিছে ৷ যদি এই আশংকা সঁচা প্ৰমাণিত হয় তেন্তে দলটো বৃহৎ আঘাতৰ সন্মুখীন হ’ব বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে ৷

সূত্ৰই জনোৱা মতে, দেওবাৰৰ পুৱাই চম্পাই ছোৰেন ৰাজধানী দিল্লীলৈ ৰাওনা হৈছে ৷ দিল্লীত চম্পাই ছোৰেনে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । চম্পাই ছোৰেনৰ উপৰিও জেএমএমৰ পৰা বহিষ্কাৰ হোৱা প্ৰাক্তন বিধায়ক লবিন হেম্ব্ৰমেও বিজেপিত যোগদান কৰিব বুলি চৰ্চা হোৱাৰ লগতে জেএমএমৰ আৰু কিছু বিধায়কেও বিজেপি দলত যোগদান কৰিব বুলি চৰ্চা চলিছে ।

এই সন্দৰ্ভত শনিবাৰে চম্পাই ছোৰেনে ৰাঁচীত সংবাদ মাধ্যমৰ আগত কয়, "এনে জল্পনা-কল্পনা আৰু বাতৰিৰ বিষয়ে মই একো নাজানো ৷ মই য’ত আছো তাতেই আছো...।"

চম্পাই ছোৰেনে লগতে বিজেপি নেতাৰ সৈতে সংস্পৰ্শত থকা বুলি খবৰ প্ৰকাশ পোৱা লবিন হেমব্ৰমৰ সৈতে তেওঁৰ সাক্ষাৎ সন্দৰ্ভত কয়, মই হেমব্ৰমেক লগ পাইছিলো ৷ কিন্তু আমাৰ মাজত নিয়মীয়া আলোচনা হৈছিল ।" শেহতীয়াকৈ হেমব্ৰমক পলায়ন বিৰোধী আইন অনুসৰি জেএমএমৰ বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰা হৈছে ।

সূত্ৰই জনোৱা মতে, চলিত বৰ্ষৰ জুন মাহত জামিনত মুক্তি পোৱাৰ পিছত কেইমাহমানৰ ভিতৰতে জেএমএমৰ কাৰ্যবাহী সভাপতি হেমন্ত ছোৰেনক পুনৰ স্থান প্ৰদান কৰাত চম্পাই ছোৰেন অসন্তুষ্ট । চম্পাই ছোৰেনে বিধানসভা নিৰ্বাচনলৈকে তেওঁক মুখ্যমন্ত্ৰী হিচাপে থাকিবলৈ দিয়া হ’ব বুলি আশা কৰিছিল ।

ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই জল্পনা-কল্পনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কৈছিল, "চম্পাই ছোৰেনে মোৰ সৈতে যোগাযোগ নাই, দলৰ সৈতেও যোগাযোগ কৰা নাই । মই তেওঁৰ বিষয়ে কোনো মন্তব্য দিব নিবিচাৰো ।"

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, "ঝাৰখণ্ডত জেএমএম-কংগ্ৰেছৰ পাঁচ বছৰত যদি কিবা কাম কৰা হৈছিল, তেন্তে সেয়া কেৱল চম্পাই ছোৰেনৰ কাৰ্যকালৰ ছমাহতহে কৰা হৈছিল । এতিয়া প্ৰতিটো বিজ্ঞাপনৰ পৰাই চম্পাই জীৰ ফটো নোহোৱা হৈ গৈছে ।"

জেএমএমৰ কাৰ্যবাহী সভাপতি হেমন্ত ছোৰেনক ধন সৰবৰাহৰ গোচৰত ইডি এ গ্ৰেপ্তাৰ কৰাৰ পিছত চলিত বৰ্ষৰ 2 ফেব্ৰুৱাৰীত ৰাজভৱনত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল চম্পাই ছোৰেনে । ইয়াৰ পিছতে হেমন্তই 4 জুলাইত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ এদিন পূৰ্বে 3 জুলাইত পদৰ পৰা পদত্যাগ কৰে চম্পাই ছোৰেনে ।

2019 চনত কংগ্ৰেছ আৰু লালু প্ৰসাদৰ ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি)ৰ সৈতে মিত্ৰতা কৰি বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ 81 জনীয়া সদনত 47 খন আসন লাভ কৰি সহজ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল জে এম এমে ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ মতে চম্পাই ছোৰেনে বিজেপিৰ লগত যোগাযোগ কৰা নাই - Champai Soren

মুখ্যমন্ত্ৰী পদ এৰিলে চম্পাই ছোৰেণে : আকৌ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হ'ব হেমন্ত ছোৰেণ - CM Champai Soren

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.