ETV Bharat / bharat

পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান - BUDDHADEB BHATTACHARJEE PASSES AWAY

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 12:17 PM IST

Buddhadeb Bhattacharjee dies: পশ্চিমবংগৰ বৰ্ষীয়ান ৰাজনীতিবিদ, 2000 চনৰ পৰা 2011 চনলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা বুদ্ধদেব ভট্টাচাৰ্যৰ দেহাৱসান ৷ মৃত্যুৰ সময়ত ভট্টাচাৰ্যৰ বয়স আছিল 80 বছৰ ।

BUDDHADEB BHATTACHARJEE PASSES AWAY
পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্য (ETV Bharat)

নেশ্যনেল ডেস্ক, 8 আগষ্ট : পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান ৷ বৃহস্পতিবাৰে পুৱা 8.20 বজাত পাম এভিনিউৰ বাসগৃহত শ্বাস-প্ৰশ্বাসজনিত দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত মৃত্যু ঘটে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷ মৃত্যুৰ সময়ত পত্নী মীৰা ভট্টাচাৰ্য আৰু পুত্ৰ সুচেতন ভট্টাচাৰ্যক ইহসংসাৰত এৰি থৈ যায় ৷

Buddhadeb Bhattacharjee dies
পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান (ANI)

মৃত্যুৰ সময়ত ভট্টাচাৰ্যৰ বয়স আছিল 80 বছৰ । ভট্টাচাৰ্যৰ পুত্ৰ সুচেতনে এই খবৰ ৰাজহুৱা কৰে ৷ দীৰ্ঘদিনে অসুস্থতাত ভুগি থকা ভট্টাচাৰ্যৰ ঘৰতে চিকিৎসা চলি আছিল ৷

জানিব পৰা মতে, মৃত্যুৰ পূৰ্বে দেহদান কৰি থৈ গৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বংগত বাওঁমৰ্চাৰ 34 বছৰীয়া শাসনকালত ভট্টাচাৰ্য আছিল দ্বিতীয় আৰু অন্তিমগৰাকী চিপিএমৰ মুখ্যমন্ত্ৰী ৷ যিয়ে 11 বছৰ ধৰি অৰ্থাৎ 2000 চনৰ পৰা 2011 চনলৈ গ্ৰহণ কৰিছিল কাৰ্যভাৰ ৷

পৰিয়ালৰ সূত্ৰ অনুসৰি, প্ৰবীণ চিপিআই(এম) নেতাগৰাকীয়ে বিগত তিনিদিন ধৰি জ্বৰত ভুগি আছিল । লগতে আৰম্ভ হৈছিল হাঁওফাঁওৰ সংক্ৰমণ ৷ আগতেও শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক কেইবাবাৰো ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ।

পৰৱৰ্তী সময়ত ভট্টাচাৰ্যৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ পিছত তেওঁক যোৱা বছৰ 29 জুলাইত শেষবাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেতিয়াৰে পৰা তেওঁ ঘৰতে আছিল ৷ প্ৰায় এবছৰৰ অন্তত প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে ৷

বুদ্ধদেব ভট্টাচাৰ্যৰ জন্ম হৈছিল 1944 চনৰ 1 মাৰ্চত কলকাতাত ৷ তেওঁ কবি সুকন্ত ভট্টাচাৰ্যৰ ভতিজা আৰু 2000 চনৰ পৰা 2011 চনলৈ পশ্চিমবংগৰ দ্বিতীয়গৰাকী(বাওঁমৰ্চা চৰকাৰ) মুখ্যমন্ত্ৰী আছিল । 2011 চনত 34 বছৰীয়া বাওঁমৰ্চা চৰকাৰৰ পতন ঘটে আৰু মমতা বেনাৰ্জী ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয় ।

উল্লেখ্য যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰি পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক: বিশিষ্ট শিক্ষাবিদ তথা কমিউনিষ্ট নেতা অৱনী বৰঠাকুৰৰ দেহাৱসান - Abani Borthakur passes away

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.