নিউজ ডেস্ক, ১৬ মাৰ্চ: গুজৰাট বিশ্ববিদ্যালয়ত নামাজ আদায় কৰা সময়ত বিদেশী শিক্ষাৰ্থীক আক্ৰমণ কৰাসকলৰ বিৰুদ্ধে গুজৰাট চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ গুজৰাটৰ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ লগত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দেওবাৰে এক বিবৃতিৰ জড়িয়তে এই কথা সদৰী কৰে ৷
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে হিংসাত্মক ঘটনাত আহত বিদেশী ছাত্ৰ দুজনৰ ভিতৰত এজনক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে । সামাজিক মাধ্যম 'X'ত তেওঁ কয়, "কালি আহমেদাবাদৰ গুজৰাট বিশ্ববিদ্যালয়ত হিংসাত্মক ঘটনা সংঘটিত হৈছে । ৰাজ্য চৰকাৰে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । "এই সংঘৰ্ষত দুজন বিদেশী ছাত্ৰ আহত হয় । ইয়াৰে এজনক চিকিৎসা গ্ৰহণ কৰি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে ।"
ইফালে আহমেদাবাদৰ আৰক্ষী আয়ুক্ত জি এছ মালিকৰ মতে, শনিবাৰে নিশা প্ৰায় ১০.৫০ বজাত আহমেদাবাদৰ গুজৰাট বিশ্ববিদ্যালয়ৰ এটা হোষ্টেল চৌহদত প্ৰায় ২০-২৫ জন লোকে প্ৰৱেশ কৰি "আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলে তাত নামাজ আগবঢ়োৱাত আপত্তি জনাই তেওঁলোকক মছজিদত নামাজ পঢ়াৰ বাবে কয় । ইয়াকে লৈ দুয়োপক্ষৰ মাজত প্ৰথমে বাক-বিতণ্ডা লাগে আৰু পাচত সংঘৰ্ষ হয় ৷
উপ আৰক্ষী আয়ুক্ত তৰুণ ডুগলে জনোৱা মতে, ভুক্তভোগী ছাত্ৰ দুজনৰ এজন শ্ৰীলংকাৰ আৰু আন এজন তাজিকিস্তানৰ বাসিন্দা ৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা অনুসৰি ২০-২৫ জনীয়া অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষ, অবৈধ সমাবেশ, স্বেচ্ছাই আঘাত কৰা, সম্পত্তিৰ ক্ষতি কৰা, অনাধিকাৰ প্ৰৱেশক কৰা আদিক লৈ গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ দুজন যুৱকক আটক কৰিছে ৷ দুই অভিযুক্তক হিতেশ মেভাদা আৰু ভাৰত পেটেল বুলি চিনাক্ত কৰা হৈছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
তৰুণ ডুগলে জানিবলৈ দিয়া মতে,বিশ্ববিদ্যালয়খনত আফগানিস্তান, তাজিকিস্তান, শ্ৰীলংকা আৰু আফ্ৰিকাৰ দেশকে ধৰি প্ৰায় ৩০০ আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে । বিশ্ববিদ্যালয়খনৰ এ-ব্লক হোষ্টেলত প্ৰায় ৭৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী আছে ৷ তেওঁ লগতে এই কাণ্ডৰ সৈতে জড়িত সকলোকে গ্ৰেপ্তাৰ কৰাৰ কথা ব্যক্ত কৰি আৰক্ষীৰ যুটীয়া আয়ুক্তই (অপৰাধ) এই ঘটনাৰ সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰি থকাৰ কথা জানিবলৈ দিয়ে ৷
ইফালে আৰক্ষী আয়ুক্ত মালিকে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ ৯ টা দল গঠন কৰাৰ কথা ব্যক্ত কৰে ৷ তেওঁ লগতে গৃহ ৰাজ্যমন্ত্ৰী হৰ্ষ সংঘৱীয়ে আৰক্ষী বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ বিষয়টোত কঠোৰ আৰু ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ কথা জানিবলৈ দিয়ে ।
লগতে পঢ়ক: গুজৰাট বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণত আহত ৪ বিদেশী ছাত্ৰ