ETV Bharat / bharat

সপ্তমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিলেৰে অভিলেখ গঢ়াৰ দিশে নিৰ্মলা সীতাৰমণ - Monsoon Session of Parliament 2024

author img

By ANI

Published : Jul 21, 2024, 10:47 AM IST

Seventh consecutive Union Budget: মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত ডিজিটেল ৰূপত দাখিল কৰিব কেন্দ্ৰীয় বাজেট ৷ সীতাৰমণে সপ্তমখন কেন্দ্ৰীয় বাজেট দাখিল কৰি ভংগ কৰিব মোৰাৰজী দেশাইৰ ছয়বাৰৰ বাজেট দাখিলৰ অভিলেখ ৷

FM Sitharaman to present historic seventh consecutive Union Budget in paperless format
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ (ANI)

নেশ্যনেল ডেস্ক, 21 জুলাই: 22 জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সপ্তমখন কেন্দ্ৰীয় বাজেট দাখিল কৰিবলৈ সাজু হৈছে ৷ এইবাৰৰ বাজেট দাখিলৰ লগে লগে সীতাৰমণে একেৰাহে সাতখন বাজেট দাখিল কৰা প্ৰথমগৰাকী বিত্তমন্ত্ৰী হিচাপে এক অভিলেখ সৃষ্টি কৰিব ৷ ইয়াৰ পূৰ্বে ছয়খনকৈ বাজেট দাখিল কৰি অভিলেখ সৃষ্টি কৰিছিল মোৰাৰজী দেশাইয়ে ৷

1959চনৰ পৰা 1964 চনলৈ দেশৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা দেশাইয়ে অভিলেখ সংখ্যক ছয়খন বাজেট দাখিল কৰিছিল, ইয়াৰে পাঁচখন সম্পূৰ্ণ বাজেট আৰু এখন আছিল অন্তৱৰ্তীকালীন বাজেট । পূৰ্বৰ কেইখনমান পূৰ্ণ কেন্দ্ৰীয় বাজেটৰ দৰে 2024 চনৰ বাজেটও ডিজিটেলভাৱে দাখিল কৰা হ’ব । দেশৰ সাধাৰণ নিৰ্বাচন থকাৰ বাবে 1 ফেব্ৰুৱাৰীৰ দিনা সদনত দাখিল কৰা হৈছিল অন্তৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট 2024 ।

বাজেট প্ৰস্তুতিৰ অংশ হিচাপে বিত্ত মন্ত্ৰণালয়ে অৰ্থনৈতিক বিভিন্ন অংশীদাৰৰ সৈতে কেইবাটাও পৰ্যায়ৰ আলোচনা সমাপ্ত কৰিছে । 20 জুনৰ পৰা আৰম্ভ হোৱা এই বৈঠকসমূহত সীতাৰমণে ট্ৰেড ইউনিয়ন, শিক্ষা আৰু স্বাস্থ্য খণ্ড, নিয়োগ আৰু দক্ষতা, এম এছ এম ইৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰাৰ লগতে বাণিজ্য আৰু সেৱা, উদ্যোগ, অৰ্থনীতিবিদ, বিত্তীয় খণ্ড আৰু মূলধনী বজাৰৰ লগতে আন্তঃগাঁথনি, শক্তি, আৰু নগৰ খণ্ডৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহে ।

বৈঠকৰ সময়ত অৰ্থনীতিবিদসকলে মূলধনী ব্যয় বৃদ্ধি আৰু বিত্তীয় ঘাটি হ্ৰাস কৰা আদি কেইবাটাও জটিল বিষয় সন্দৰ্ভত আলোচনা কৰে । অৰ্থনীতিবিদৰ গোটটোৱে মন্ত্ৰণালয়ক পৰামৰ্শ দিয়ে যে আগন্তুক বাজেটত বিত্তীয় ঘাটি হ্ৰাস কৰাৰ লগতে উৎপাদনৰ প্ৰয়োজনীয়তা আৰু নিয়োগ বৃদ্ধিৰ প্ৰতিও গুৰুত্ব দিয়া উচিত । উদ্যোগ সংস্থা কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীয়ে (চিআইআই) আগন্তুক বাজেটত চৰকাৰক মূলধনী ব্যয় বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়ায় । অৰ্থনীতিবিদসকলে মূলধনী ব্যয় বৃদ্ধিৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে ।

কৃষক সন্থাই বিত্তমন্ত্ৰীক কৃষি খণ্ডৰ বাজেটৰ আৱণ্টন বৃদ্ধি কৰিবলৈ আহ্বান জনায় । দক্ষতা আৰু নিয়োগ খণ্ডৰ প্ৰতিনিধিয়ে কৰ্মশক্তিৰ উন্নত ব্যৱহাৰৰ বাবে যুৱক-যুৱতীসকলক দক্ষতা প্ৰদান কৰাৰ উপায়ৰ পৰামৰ্শ আগবঢ়ায় । এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত 12 আগষ্ট পৰ্যন্ত 19 খন বৈঠক অনুষ্ঠিত হ’ব । মোদী চৰকাৰে ছখন বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে, ইয়াৰ ভিতৰত বিমান আইন আৰু জম্মু-কাশ্মীৰৰ বাজেট উল্লেখযোগ্য ।

23 জুলাইত বাজেট ঘোষণাৰ পিছতে চৰকাৰে বিত্তীয় বিধেয়কখনো দাখিল কৰিব ।

আন আন বিধেয়কসমূহৰ ভিতৰত এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত দুৰ্যোগ ব্যৱস্থাপনা আইন, ভাৰতীয় বায়ুযান বিধেয়ক 2024, বয়লাৰ বিধেয়ক, কফি (প্ৰচাৰ আৰু উন্নয়ন) বিধেয়ক আৰু ৰবৰ (প্ৰচাৰ আৰু উন্নয়ন) বিধেয়ক দাখিল কৰা হ’ব ।

1934 চনৰ বিমান আইনখনৰ ঠাইত ভাৰতীয় বায়ুযান বিধেয়ক 2024 য়ে অসামৰিক বিমান পৰিবহণ খণ্ডত নিয়মাৱলী সুশৃংখলিত কৰি এই খণ্ডৰ উদ্যোগৰ সৈতে জড়িতসকলক সহায় কৰিব ।

উল্লেখ্য যে, 1 ফেব্ৰুৱাৰীত দাখিল কৰা অন্তৱৰ্তীকালীন বাজেটত লোকসভা নিৰ্বাচনৰ পিছত চৰকাৰ গঠন নোহোৱালৈকে মধ্যৱৰ্তী সময়ছোৱাৰ আৰ্থিক প্ৰয়োজনীয়তাক সম্বোধন কৰা হৈছিল, তাৰ পিছত জুলাই মাহত নতুন চৰকাৰে সম্পূৰ্ণ বাজেট দাখিল কৰাৰ কথা আছিল ।

কেন্দ্ৰীয় বাজেটৰ নথিসমূহ "ইউনিয়ন বাজেট মোবাইল এপ"ত উপলব্ধ হ'ব । এই এপটো দ্বিভাষিক (ইংৰাজী আৰু হিন্দী) আৰু এণ্ড্ৰইড আৰু আই অ’ এছ দুয়োটা প্লেটফৰ্মতে উপলব্ধ । কেন্দ্ৰীয় বাজেট ৱেব পৰ্টেলৰ পৰাও এই এপটো ডাউনলোড কৰিব পাৰিব ৷

লগতে পঢ়ক: বিত্তীয় বিধেয়ক কি ? ভাৰতীয় কৰৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা কেনেধৰণৰ ? - UNION BUDGET 2024 25

কেন্দ্ৰীয় বাজেট 2024-25: কৰদাতাৰ বাবে লাভজনক হ’ব নে মোদী চৰকাৰৰ এই বাজেট - Union Budget 2024

চাকৰি খণ্ডক উৎসাহিত কৰিবলৈ নিৰ্ধাৰণ কৰা হৈছে কেন্দ্ৰীয় বাজেট - UNION BUDGET 2024 25

কেন্দ্ৰীয় বাজেট ২০২৪-২৫ : ভাৰতৰ ৪৮ লাখ কোটিৰ বাজেটক কেনেকৈ পুঁজি যোগান ধৰা হৈছে ? - Union Budget 2024 25

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.