ETV Bharat / bharat

পৰম্পৰাগতভাৱে হাতে-বোৱা শাৰী পিন্ধি বিত্তমন্ত্ৰী হিচাপে সপ্তমখন বাজেট দাখিল নিৰ্মলা সীতাৰমণৰ - India Budget 2024

author img

By ANI

Published : Jul 23, 2024, 1:29 PM IST

India Budget 2024: বিত্তমন্ত্ৰী হিচাপে একেৰাহে সপ্তমবাৰৰ বাবে বাজেট উত্থাপন কৰিলে নিৰ্মলা সীতাৰমণে । প্ৰতিবাৰ বাজেট উত্থাপনৰ বাবে অহাৰ সময়ত পৰম্পৰাগত শাৰী পিন্ধি অহা দেখা গৈছিল সীতাৰমণক । ভাৰতীয় পৰম্পৰা, হস্ততাঁত আৰু কাৰুশিল্পক উদগনি যোগোৱাৰ প্ৰয়াস বিত্তমন্ত্ৰীৰ ।

India Budget 2024
শুভ্ৰ শাৰী পৰিধান কৰি বাজেট উত্থাপনৰ বাবে আহিল নিৰ্মলা সীতাৰমণ (ANI)

নেশ্যনেল ডেস্ক,২৩ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰৰ তৃতীয় কাৰ্যকালত মঙলবাৰে প্ৰথমখন বাজেট উত্থাপন কৰিবলৈ সংসদত উপস্থিত হয় কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ । বেঙুনীয়া আৰু গুলপীয়া ৰঙৰ ব্লাউজৰ সৈতে অফ-হোৱাইট হাতে-বোৱা শাৰী পৰিধান কৰি সংসদত উপস্থিত হয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ।

India Budget 2024
পৰম্পৰাগত শাৰী পিন্ধি বাজেট উত্থাপন (ANI)

একেৰাহে সপ্তম কেন্দ্ৰীয় বাজেট উত্থাপন কৰিবলৈ সংসদলৈ যোৱাৰ পূৰ্বে সীতাৰমণে পৰম্পৰাগত 'বহী-খাটা'ৰ সৈতে ফটোৰ বাবে প’জ দিছিল । বিত্ত মন্ত্ৰীগৰাকীৰ হাতত আছিল সোণালী ৰঙৰ ৰাষ্ট্ৰীয় প্ৰতীক খোদিত ৰঙা ৰঙৰ কাপোৰত মেৰিয়াই থোৱা টেবলেট ।

সুন্দৰ শাৰীখন সোণালী আৰু বেঙুনীয়া পাৰীৰে সজ্জিত আছিল । লক্ষণীয়ভাৱে তেওঁৰ শাৰীখনৰ অফ-হোৱাইট ৰং ভাৰতীয় সংস্কৃতিৰ বিশুদ্ধতা, সম্প্ৰীতি আৰু নতুন আৰম্ভণিৰ প্ৰতীক । বেঙুনীয়া ৰঙৰ সংযোজনে হাতে-বোৱা শাৰীখন আৰু অধিক আকৰ্ষণীয় কৰি তুলিছিল ।

সীতাৰমণে ২০১৯ চনৰ পৰা কেন্দ্ৰীয় বাজেট উত্থাপন কৰাৰ সময়ত তেওঁ পোছাকৰ ক্ষেত্ৰত ভাৰতীয় বস্ত্ৰ আৰু কাৰুশিল্পৰ প্ৰতি গুৰুত্ব দি আহিছে । ৰেচমৰ পৰা আৰম্ভ কৰি সুন্দৰ হস্ততাঁতলৈকে, বস্ত্ৰৰ পৰিসৰে ভাৰতীয় বস্ত্ৰৰ প্ৰতি তেওঁৰ কট্টৰ সমৰ্থন কঢ়িয়াই আনে আৰু বাজেটৰ এক অস্বাভাৱিক দিশ হৈ পৰিছে যাক কিছুমান লোকে প্ৰতি বছৰে অপেক্ষা কৰে । পূৰ্বৰ ৬ বাৰ বাজেট উত্থাপনৰ সময়তো বিত্তমন্ত্ৰীয়ে পৰম্পৰাগত শাৰী পিন্ধিছিল, ভাৰতীয় বস্ত্ৰ আৰু কাৰুশিল্পৰ প্ৰতি তেওঁৰ আগ্ৰহ প্ৰদৰ্শন কৰিছিল । ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত সীতাৰমণে কেনেদৰে ভাৰতীয় হস্ততাঁত শাৰীবোৰৰ প্ৰচাৰ কৰিছিল এবাৰ চাও আহক ।

২০২৪ৰ ফেব্ৰুৱাৰীত যেতিয়া তেওঁ অন্তৱৰ্তীকালীন বাজেট উত্থাপন কৰিছিল, সীতাৰমণে কান্তা হেণ্ডিৱৰ্কেৰে সজ্জিত নীলা ৰঙৰ টুছাৰ ৰেচম শাৰী পিন্ধিছিল । সোণালী-হুইড ব্লাউজৰ সৈতে শাৰীখন পৰিধান কৰিছিল । টুছাৰ ৰেচম ইয়াৰ স্বকীয় গাঁথনি আৰু সোণালী উজ্জ্বলতাৰ বাবে বিখ্যাত । টুছাৰ ৰেচমৰ মোটা গাঁথনিৰ বাবে ই আন বস্ত্ৰতকৈ পৃথক আৰু সুকীয়া ।

২০২৩ চনত কেন্দ্ৰীয় বাজেট উত্থাপনৰ বাবে সীতাৰমণে কচুতি থ্ৰেডৱৰ্কৰ সৈতে ৰঙা আৰু ক'লা মন্দিৰৰ পাৰি থকা শাৰী পিন্ধিছিল ।

২০২২ চনত বাজেট উত্থাপনৰ সময়ত সীতাৰমণে মুগা বমকাই শাৰী পিন্ধিছিল আৰু ইয়াৰ পাৰি বগা ৰঙৰ আছিল । গোটেই শাৰীখনতে মুগা আৰু ৰঙা দুটা ৰঙৰ সংমিশ্ৰণ আছিল । মুগা ৰঙে প্ৰায়ে স্থিতিস্থাপকতা, নিৰ্ভৰযোগ্যতা, সুৰক্ষাৰ সৈতে সম্পৰ্কিত । ৰঙা ৰঙে উষ্ণতা, প্ৰেম আৰু শক্তিক সূচায় ।

সীতাৰমণে ৰঙা আৰু অফ হোৱাইট পাৰিৰ সৈতে ইকাট ৰঙৰ আৰ্হিৰ ৰঙা আৰু অফ-হোৱাইট ৰেচম পোচাম্পলী শাৰী পিন্ধিছিল । পোচাম্পল্লী ইকাট পৰম্পৰাগতভাৱে তেলেংগানাৰ পোচাম্পলীত নিৰ্মাণ কৰা হয় আৰু ইয়াক 'ভাৰতৰ ৰেচম চহৰ' বুলি জনা যায় ।

২০২০ চনত সীতাৰমণে এক উজ্জ্বল হালধীয়া-সোণালী ৰেচম শাৰী পিন্ধিছিল । হালধীয়া ৰঙৰ এক বিশেষ গুৰুত্ব আছে । এইটো এক পবিত্ৰ ৰং বুলি বিশ্বাস কৰা হয় যি সমৃদ্ধিক সূচায় ।

প্ৰথমখন বাজেট উত্থাপনৰ সময়ত ২০১৯ চনত সীতাৰমণে সোণালী পাৰিৰ সৈতে সাধাৰণ গুলপীয়া মংগলগিৰি শাৰী পিন্ধিছিল । সেই বছৰ তেওঁ বাজেটৰ নথিপত্ৰ অনা পৰম্পৰা কিছু সলনি কৰিছিল । চামৰাৰ ব্ৰিফকেছৰ সলনি ৰঙা কাপোৰত মেৰিয়াই তেওঁ পৰম্পৰাগত বাজেটৰ বহী লৈ আহিছিল । সীতাৰমণৰ কাপোৰৰ পছন্দই সমগ্ৰ দেশৰ হস্ততাঁতৰ এক প্ৰদৰ্শন হিচাপে পৰিগণিত হৈ আহিছে ।

লগতে পঢ়ক :কেন্দ্ৰীয় বাজেট 2024-25 : শিক্ষা, নিয়োগ আৰু দক্ষতাৰ বাবে ১.৪৮ লাখ কোটি টকা ধাৰ্য - Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.