ETV Bharat / bharat

কালৰূপী জুইয়ে নিমিষতে ছাৰখাৰ কৰিলে এটা পৰিয়াল; 2 শিশুসহ জীৱন্তে অগ্নিদগ্ধ 5 জন - Fire in Ghaziabad

Ghaziabad massive fire : দিল্লী-এনচিআৰৰ গাজিয়াবাদত বুধবাৰে নিশা এটা দুমহলীয়া অট্টাল্লিকাত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা ৷ ফলত জীৱন্তে অগ্নিদগ্ধ হয় শিশুসহ মুঠ 5 জন ৷

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 9:56 AM IST

Ghaziabad massive fire
গাজিয়াবাদত অগ্নিকাণ্ড (Etv Bharat)

নেশ্যনেল ডেস্ক, 13 জুন : কাল কেতিয়া, কোন সময়ত আহে সেই বিষয়ে কোনোৱে অনুমান কৰিব নোৱাৰে ৷ দিনটো সকলো ঠিকেই আছিল ৷ ৰাতিৰ সাঁজ গ্ৰহণ কৰি নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় লোৱাই কাল হ’ল এটি পৰিয়ালৰ ৷ নিদ্ৰাদেৱীৰ কোলাৰ পৰা উঠিবই নোৱাৰিলে এটা পৰিয়ালে ৷

আমি ক’বলৈ লৈছো বুধবাৰে নিশা গাজিয়াবাদত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ বিষয়ে ৷ জানিব পৰা মতে, বুধবাৰে নিশা গাজিয়াবাদৰ লনী সীমান্ত অঞ্চলৰ বাহতা হাজীপুৰৰ দুমহলীয়া এটা ঘৰত অগ্নিকাণ্ড সংঘটিত হয় ৷ ফলত পৰিয়ালটোৰ 5 জন সদস্য জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় । মৃত লোকসকলৰ ভিতৰত আছিল দুটি শিশুও ৷

ইফালে এই খবৰ বিয়পি পৰাৰ লগতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ এই জুয়ে ক্ৰমাৎ এক ভয়াৱহ ৰূপ লয় ৷ আনকি তলৰ মহলাৰ পৰা ওপৰৰ মহলালৈকে এই জুই বিয়পি পৰিছিল ৷ ফলত শংকিত হৈ পৰে স্থানীয় ৰাইজ ৷

উক্ত ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় । অগ্নিনিৰ্বাপক বাহিনীৰ লোকে যেতিয়া ওপৰৰ মহলালৈ যায়, তেতিয়া তাত পাঁচজন লোক জীৱিত অৱস্থাত জ্বলি ছাই হৈ যোৱা প্ৰত্যক্ষ কৰে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে শোক ছাঁ ৷ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : তাজ এক্সপ্ৰেছৰ তিনিটা দবাত লাগিল জুই - Fire in Taj Express

  • দুজন লোক চিকিৎসাধীন হৈ আছে

অতিৰিক্ত আৰক্ষী আয়ুক্ত দীনেশ কুমাৰে জনোৱা মতে, দুটি শিশুসহ মুঠ পাঁচজন লোক এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে ৷ নিহত এটি শিশুৰ বয়স 7 মাহ আৰু আনটোৰ বয়স আঠ বছৰ আছিল ৷ লগতে দুগৰাকী মহিলাৰো মৃত্যু হয় এই অগ্নিকাণ্ডত ৷

এওঁলোকৰ লগতে 35 বছৰীয়া এজন ব্যক্তিও জীৱন্তে অগ্নিদগ্ধ হয় ৷ আটাইকেইজন একেটা পৰিয়ালৰে সদস্য বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, নিহত এই 5 জনৰ লগতে আছিল আৰু এগৰাকী মহিলা আৰু শিশু ৷ এই ঘটনাৰ পৰা কথমপি ৰক্ষা পৰা এই মহিলা আৰু শিশুটি বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

তথ্য অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰটো সাৰিক নামৰ এজন ব্যক্তিৰ ৷ সাৰিক হৈছে এজন ঠিকাদাৰ ৷ কামৰ খাতিৰত তেওঁ প্ৰায় ঘৰৰ বাহিৰতে থাকে । অৱশ্যে বুধবাৰে নিশা তেওঁ কামৰ পৰা পোনে পোনে ঘৰলৈ উভতি আহিছিল ৷ যেন কালেহে তেওঁ মাতি আনিছে ৷

জানিব পৰা মতে, শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ইয়াৰ উপৰিও ঘৰটোত কিছুমান মেচিনো ৰখা হৈছিল, যাৰ বাবে এই জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল ৷

লগতে পঢ়ক : অগ্নিকাণ্ডত কমেও ৪৯ জন লোকৰ মৃত্যু; প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ - Fire Incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.