ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ভাৰতৰ নাগৰিকত্ব লাভ 14 গৰাকীৰ - Citizenship Certificates Under CAA - CITIZENSHIP CERTIFICATES UNDER CAA

Citizenship Under CAA: কাৰ অধীনত 14 গৰাকী লোকলৈ ভাৰতীয় নাগৰিকত্ব প্ৰদান ৷ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভল্লাই ৷

First Set of Citizenship Certificates Issued Under CAA, 14 People Granted Indian Nationality
ভাৰতীয় নাগৰিকত্ব প্ৰদান (Etv bharat)
author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 8:08 PM IST

নেশ্যনেল ডেস্ক, 15 মে’: নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ ৷ বুধবাৰে প্ৰথম পৰ্যায়ত 14 গৰাকী লোকক প্ৰদান কৰা হয় CAA ৰ অধীনত নাগৰিকত্ব ৷ কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভল্লাই নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে অনলাইনযোগে আৱেদন প্ৰক্ৰিয়াকৰণৰ পিছত 14 জন লোকক প্ৰমাণ পত্ৰ প্ৰদান কৰে বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে ।

চৰকাৰী মুখপাত্ৰগৰাকীয়ে কয়, "গৃহ সচিবে আবেদনকাৰীসকলক অভিনন্দন জনাই নাগৰিকত্ব (সংশোধনী) নিয়ম, 2024 ৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত আলোকপাত কৰে । মত বিনিময়ৰ সময়ত সচিব পদ, সঞ্চালক (আই বি), ভাৰতৰ মহাপঞ্জীয়ক আৰু জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে ।"

2014 চনৰ 31 ডিচেম্বৰত বা তাৰ পূৰ্বে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা নিৰ্যাতিত অমুছলমান প্ৰব্ৰজনকাৰীক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে 2019 চনৰ ডিচেম্বৰ মাহত CAA প্ৰণয়ন কৰা হৈছিল ।

প্ৰণয়নৰ পিছত CAA-এ ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিছিল যদিও যিবোৰ নিয়মৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব, সেই নিয়মবোৰ চাৰি বছৰতকৈও অধিক পলম হোৱাৰ পিছত চলিত বৰ্ষৰ 11 মাৰ্চতহে জাৰি কৰা হৈছিল অধিনিয়মসমূহ ।

নিয়মাৱলীত আবেদন প্ৰ-পত্ৰৰ ধৰণ, জিলা পৰ্যায়ৰ সমিতি (ডিএলচি)ৰ দ্বাৰা আবেদন প্ৰক্ৰিয়াকৰণৰ পদ্ধতি আৰু ৰাজ্যিক পৰ্যায়ৰ ক্ষমতাশালী সমিতি (ইচি)ৰ দ্বাৰা নিৰীক্ষণ আৰু নাগৰিকত্ব প্ৰদানৰ কথা পৰিকল্পনা কৰা হৈছে ।

মুখপাত্ৰগৰাকীয়ে কয়, "এই নিয়ম মানি চলি পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ ব্যক্তিৰ পৰা আবেদন লাভ কৰা হৈছে যিসকলে 31.12.2014 ৰ ভিতৰত ধৰ্মীয় নিৰ্যাতন অথবা এনে নিৰ্যাতনৰ ভয়ত ভাৰতত প্ৰৱেশ কৰিছে ।"

ডাক বিভাগৰ জ্যেষ্ঠ অধীক্ষক/ডাক অধীক্ষকসকলে নিৰ্দিষ্ট বিষয়া হিচাপে অধ্যক্ষতা কৰা জিলা পৰ্যায়ৰ সমিতিসমূহে নথি-পত্ৰৰ সফল পৰীক্ষণৰ পিছত আবেদনকাৰীসকলৰ প্ৰতি আনুগত্যৰ শপত গ্ৰহণ কৰিছে বুলিও কোৱা হৈছে ।

"নিয়ম অনুসৰি প্ৰক্ৰিয়াকৰণৰ পিছত ডিএলচিসমূহে আৱেদনসমূহ সঞ্চালক (জনপিয়ল অপাৰেচন)ৰ নেতৃত্বত ৰাজ্যিক পৰ্যায়ৰ ক্ষমতাপ্ৰাপ্ত সমিতিলৈ প্ৰেৰণ কৰিছে । আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অনলাইন প’ৰ্টেলৰ জৰিয়তে কৰা হয় । সঞ্চালক (জনপিয়ল অপাৰেচন), দিল্লীৰ নেতৃত্বত থকা ক্ষমতাশালী সমিতি, দিল্লী, যথাযথ তদন্তৰ অন্তত 14 জন আবেদনকাৰীক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত লৈছে সেই অনুসৰি সঞ্চালক (Census operation) এ এই আবেদনকাৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰিছে ।"

লগতে পঢ়ক: কা সন্দৰ্ভত কেন্দ্ৰ-অসম চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ - Supreme Court on CAA

লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত কাৰ্যকৰী হ’ব নাগৰিক (সংশোধনী) আইন !

'নাগৰিকত্ব সংশোধনী আইনৰ চিৰদিন বিৰোধিতা কৰিম'; কৃষক নেতা বিদ্যুৎ শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.