ETV Bharat / bharat

যুদ্ধ জৰ্জৰ ইজৰাইললৈ ৰাওনা ভাৰতীয় শ্ৰমিকৰ প্ৰথমটো দল - Indian workers leaving for Israel - INDIAN WORKERS LEAVING FOR ISRAEL

Indian workers leaving for Israel: ইজৰাইলত পেলেষ্টাইনী শ্ৰমিকৰ স্থানত নিযুক্ত হ’ব ভাৰতীয় শ্ৰমিক ৷ ইতিমধ্যে ইজৰাইললৈ ৰাওনা 60 জনীয়া ভাৰতীয় শ্ৰমিকৰ প্ৰথমটো দল ৷

First batch of 60 Indian workers leaving for Israel, says envoy Gilon
ইজৰাইল-পেলেষ্টাইনৰ সংঘাত অব্যাহত থকাৰ সময়তে ইজৰাইললৈ ৰাওনা ভাৰতীয়
author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 9:46 AM IST

নেশ্যনেল ডেস্ক, 3 এপ্ৰিল: ইজৰাইললৈ ৰাওনা 60 জন ভাৰতীয় শ্ৰমিক ৷ মঙলবাৰে ভাৰতীয় শ্ৰমিককেইজন ইজৰাইললৈ ৰাওনা হৈছে বুলি নতুন দিল্লীস্থ ইজৰাইলৰ দূতাবাসে নিশ্চিত কৰিছে । উল্লেখ কৰা প্ৰয়োজন যে ইজৰাইল-পেলেষ্টাইন যুদ্ধ চলি থকাৰ মাজতে চলিত বৰ্ষৰ আৰম্ভণিতে ইজৰাইলে পেলেষ্টাইনী শ্ৰমিকক চাটাই কৰি উক্ত স্থানত ভাৰতীয় শ্ৰমিকক তদাৰক কৰা, নিৰ্মাণ আৰু কৃষি খণ্ডৰ বাবে শ্ৰমিক হিচাপে বিচাৰিছিল ।

মঙলবাৰে X যোগে এটা পোষ্টত ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনে কয়, "আজি আমাৰ জি টু জি চুক্তিৰ অধীনত ইজৰাইললৈ যোৱা 60+ ভাৰতীয় নিৰ্মাণ শ্ৰমিকৰ প্ৰথমটো গোটৰ বিদায়ী অনুষ্ঠান আছিল । এয়া কঠোৰ পৰিশ্ৰমৰ ফল । মই নিশ্চিত যে শ্ৰমিকসকল ভাৰত আৰু ইজৰাইলৰ মাজৰ মহান পি টু পি সম্পৰ্কৰ 'এম্বেছাদৰ' হৈ পৰিব ।"

কিন্তু মন কৰিবলগীয়া যে চলিত বৰ্ষৰ 5 মাৰ্চত লেবাননৰ পৰা হিজবুল্লাহ উগ্ৰপন্থীয়ে নিক্ষেপ কৰা টেংক বিৰোধী ক্ষেপণাস্ত্ৰই ইজৰাইলৰ উত্তৰ সীমান্তৱৰ্তী মাৰ্গালিঅ’টৰ সমীপৰ এখন ফলৰ বাগিচাত আক্ৰমণ কৰাৰ ফলত এজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ লগতে আন দুজন আহত হয় । ইয়াৰ পিছত ভাৰতে ইজৰাইলৰ সীমান্ত অঞ্চলত কৰ্মৰত নাগৰিকসকলক এই পৰিস্থিতিৰ বাবে দেশৰ ভিতৰতে নিৰাপদ অঞ্চললৈ স্থানান্তৰিত হ’বলৈ আহ্বান জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইজৰাইলত থকা ভাৰতীয় দূতাবাসে এই সন্দৰ্ভত কৈছিল, “প্ৰচলিত নিৰাপত্তা পৰিস্থিতি আৰু স্থানীয় সুৰক্ষাৰ পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলত থকা সকলো ভাৰতীয় নাগৰিকক, বিশেষকৈ উত্তৰ আৰু দক্ষিণ সীমান্ত অঞ্চলত কাম কৰা বা ভ্ৰমণ কৰাসকলক ইজৰাইলৰ ভিতৰৰ নিৰাপদ অঞ্চললৈ স্থানান্তৰিত হ’বলৈ পৰামৰ্শ দিয়া হৈছে ।” ইয়াত লগতে ভাৰতৰ সকলো নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰতীয় দূতাবাসে ইজৰাইল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ।

চলি থকা সংঘাতৰ মাজতে ভাৰতীয় শ্ৰমিকসকল ইজৰাইললৈ ৰাওনা হৈছে ৷ যাৰ ফলত ভাৰতে পূৰ্বে এই সন্দৰ্ভত পৰামৰ্শ জাৰি কৰিছিল ।

কালি ইজৰাইললৈ ৰাওনা হোৱা 60 গৰাকী ভাৰতীয় শ্ৰমিক সন্দৰ্ভত এতিয়াও কোনো মন্তব্য প্ৰকাশ কৰা নাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ।

লগতে পঢ়ক: ইজৰাইলী সেনাৰ আক্ৰমণত ৪ বিদেশী সাহায্য কৰ্মী নিহত - Israel Hamas war

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.