নেশ্যনেল ডেস্ক,১৭ ফেব্ৰুৱাৰী : তামিলনাডুৰ বিৰুধুনগৰ জিলাত শোকাৱহ ঘটনা । আতচবাজী কাৰখানাত হোৱা বিস্ফোৰণৰ ফলত ৫ গৰাকী মহিলাসহ ৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । দুৰ্ঘটনাটোত ৬ জন লোক আহত হৈছে । বিস্ফোৰণৰ পিচতে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । আহতসকলক সমীপৰে এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষী আৰু প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।
জানিব পৰা মতে বিৰুধুনগৰ জিলাৰ ভেম্বকোট্টাইৰ সমীপৰ ৰামু দেৱানাপট্টিৰ এটা ব্যক্তিগত আতচবাজী কাৰখানাত হঠাতে বিস্ফোৰণ হয় । বিস্ফোৰণটো ইমান শক্তিশালী আছিল যে কাৰখানাৰ পকী দেৱালবোৰ খহি পৰে । লগে লগে ঘটনাস্থলীত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । সেই সময়ত তাত উপস্থিত থকা বহু লোকে জীৱন ৰক্ষাৰ বাবে পলায়ন কৰে । অৱশ্যে, পিচত স্থানীয় লোকসকলে আৰক্ষীক অৱগত কৰে । কাৰখানাটোৰ পৰা জুই আৰু ধোঁৱা ওলাই অহা দেখা গৈছিল ।
দুৰ্ঘটনাটোত ৮ গৰাকী লোকৰ মৃত্যু হয় । য'ত ৫ গৰাকী মহিলা আছে । গুৰুতৰভাৱে আহত ৬ জন লোক শিৱকাশী চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে । ইফালে বিস্ফোৰণটোৰ পিচতে কাৰখানাটোত সুৰক্ষা ব্যৱস্থা সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে । বহু সময়ত আতচবাজী কাৰখানাসমূহে সুৰক্ষা সম্পৰ্কীয় নীতি-নিৰ্দেশনা পালন নকৰাৰো অভিযোগ উঠা দেখা যায় । অৱশ্যে এই ব্যক্তিগত আতচবাজী কাৰখানাত কি কাৰণত বিস্ফোৰণ হৈছে সেয়া অনুসন্ধানৰ পিচত হে পোহৰলৈ আহিব ।
লগতে পঢ়ক :কুকি উগ্ৰপন্থীৰ গুলীত আহত বি এছ এফৰ জোৱান, আৰক্ষীৰ গুলীত নিহত দুজনকৈ যুৱক