ETV Bharat / bharat

গেছ চিলিণ্ডাৰত লিকেজ : অগ্নিকাণ্ডৰ ফলত ৭ জন লোক অগ্নিদগ্ধ, 3 জনৰ মৃত্যু - FIRE INCIDENT

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 5:18 PM IST

Fire broke in house Ghaziabad: এটা ঘৰত হোৱা অগ্নিকাণ্ডৰ ফলত সাতজন লোক অগ্নিদগ্ধ হয় ৷ ইয়াৰে তিনিজন লোকৰ মৃত্যু হৈছে । চিলিণ্ডাৰৰ পৰা সূত্ৰপাত হোৱা জুইৰ ফলত এই ঘটনা সংঘটিত হয় ৷

Fire broke in house Ghaziabad
অগ্নিকাণ্ডৰ ফলত সাতজন লোক অগ্নিদগ্ধ (ETV BHARAT ASSAM)

নেশ্যনেল ডেস্ক, 23 জুন : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত একে পৰিয়ালৰে 7 জন লোক অগ্নিদগ্ধ ৷ ৰন্ধন গেছৰ চিলিণ্ডাৰ পৰা গেছ নিৰ্গত হৈ সংঘটিত হৈছে এই কৰুণ ঘটনা ৷ ইতিমধ্যে আহত 7 জনৰ তিনিজন লোকৰ চিকিৎসালয়ত মৃত্যু ঘটিছে ৷ এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গাজিয়াবাদত ৷

গাজিয়াবাদৰ টিলা মৌড় থানা এলেকাত দেওবাৰে পোহৰলৈ আহিছে এই হৃদয় বিদাৰক দুৰ্ঘটনা ৷ জানিব পৰা মতে এই অঞ্চলৰ এটা ঘৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত পৰিয়ালটোৰ সাতজন সদস্য বেয়াকৈ অগ্নিদগ্ধ দয়, ইয়াৰে তিনিজন লোকৰ পৰৱৰ্তী সময়ত মৃত্যু হয় ৷ তথ্য অনুসৰি টিলা মৌড় থানা এলেকাৰ ডিফেন্স কলনী অঞ্চলত নিৰ্মীয়মান ঘৰটোত গেছ চিলিণ্ডাৰত লিকেজ হোৱাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় ৷

কম সময়ৰ ভিতৰতে সমগ্ৰ ঘৰটোতে জুই বিয়পি পৰে ৷ এই সময়ছোৱাত ঘৰটোত উপস্থিত আছিল 7 জন লোক, যিকেইজন গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ৷ এই ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সাতজন লোককে দিল্লীৰ জি টি বি হাস্পতালত ভৰ্তি কৰে ৷ নিহতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু তেওঁৰ দুগৰাকী কন্যা আছে ৷ এ চি পি সিদ্ধাৰ্থ গৌতমে জনোৱা মতে, দেওবাৰে দুপৰীয়া 12 প্ৰায় বজাত সংঘটিত হোৱা এই ঘটনাত অগ্নিদগ্ধ হোৱা লোকৰ তিনিজনৰ মৃত্যু হয় ৷ আন চাৰিজন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ জুই ইমান বেগেৰে বিয়পি পৰে যে ঘৰত উপস্থিত থকা লোকসকলে জুই নিৰ্বাপনৰ কোনো সুযোগ নাপালে ৷ ওচৰ চুবুৰীয়া লোকেও জুই নিৰ্বাপনৰ বাবে চেষ্টা চলায় ৷

লগতে পঢ়ক : অন্ধ্ৰ প্ৰদেশৰ চৰকাৰী ভূমিত নিৰ্মাণ হৈ থকা ৱাই এছ আৰ চি পিৰ কাৰ্যালয়ত প্ৰশাসনৰ বুলড’জাৰ - YSRCP central office

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.