ETV Bharat / bharat

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু - MUDA scam

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

CM Siddaramaiah: মহীশূৰ নগৰ উন্নয়ন প্ৰাধিকৰণ (এম ইউ ডি এ) কেলেংকাৰী গোচৰত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন । মহীশূৰ লোকায়ুক্তত ৰুজু হৈছে গোচৰ । মুখ্যমন্ত্ৰীৰ পত্নী আৰু খুলশালিৰ নামো আছে এজাহাৰত । দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া ।

CM Siddaramaiah
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু (ANI)

নেশ্যনেল ডেস্ক,২৭ ছেপ্টেম্বৰ : এইবাৰ বিপদত আন এগৰাকী অনা-বিজেপি মুখ্যমন্ত্ৰী । কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ বিৰুদ্ধে মহীশূৰ লোকায়ুক্তত গোচৰ ৰুজু হৈছে । মহীশূৰ নগৰ উন্নয়ন প্ৰাধিকৰণ (এম ইউ ডি এ) কেলেংকাৰী গোচৰত মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে ।

মহীশূৰ নগৰ উন্নয়ন প্ৰাধিকৰণ কেলেংকাৰী

কংগ্ৰেছ নেতা তথা কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মহীশূৰ লোকায়ুক্তত ১১/২০২৪ নম্বৰত এটা গোচৰ ৰুজু হৈছে । কেলেংকাৰীৰ মূল অভিযুক্ত হিচাপে কোৱা হৈছে মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক, মুখ্যমন্ত্ৰীৰ পত্নী বি এন পাৰ্বতী হৈছে দ্বিতীয় অভিযুক্ত, মুখ্যমন্ত্ৰীৰ খুলশালি মল্লিকাৰ্জুন স্বামী তৃতীয় অভিযুক্ত আৰু ভূমি বিক্ৰী কৰা ডেভেৰাজু হৈছে গোচৰটোৰ চতুৰ্থ অভিযুক্ত । লোকায়ুক্ত এছ পিয়ে এজাহাৰ পঞ্জীয়ন কৰিছে ।

কেলেংকাৰীৰ সৈতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ নাম সাঙোৰ খোৱাৰ লগে লগে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি । বিজেপি নেতাসকলে এই ঘটনাক গৰিহণা দিয়াৰ লগতে কংগ্ৰেছ নেতৃত্বাধীন কৰ্ণাটক চৰকাৰক সমালোচনা কৰিছে । একেদৰে কংগ্ৰেছে মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ নিৰ্দোষিতা উপস্থাপনৰ চেষ্টা কৰিছে ।

খাৰ্গেৰ প্ৰতিক্ৰিয়া

বিষয়টো সন্দৰ্ভত এ আই চি চিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয়,"আমি মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ সৈতে থিয় দিছো । আমি তেওঁৰ সমৰ্থনত আছো । কাৰণ তেওঁ আমাৰ দলক প্ৰতিনিধিত্ব কৰে ।"

খাৰ্গেই এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয়,"এজাহাৰ পঞ্জীয়ন হোৱাৰ পিছত হাইকমাণ্ডে মুখ্যমন্ত্ৰীৰ সৈতে থিয় হৈ থকাটো এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰশ্ন । আমি তেওঁৰ সৈতে থিয় হৈ তেওঁক সমৰ্থন কৰিছো । প্ৰধানমন্ত্ৰী মোদীয়ে হাৰিয়ানাত দলিত নেতা আৰু দলিত পুঁজিৰ ওপৰত প্ৰশ্ন কৰিছে, মই ইয়াৰ উত্তৰ হাৰিয়ানাত দিম ।"

খাৰ্গেই লগতে কয়,"যদি এজাহাৰ পঞ্জীয়ন হোৱাৰ বাবে মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই পদত্যাগ কৰিব লগা হয়, গোধৰা গোচৰটো সংঘটিত হোৱাৰ সময়ত মোদীয়ে পদত্যাগ কৰিছিল নেকি ? অমিত শ্বাহৰ বিৰুদ্ধেও বহুতো গোচৰ আছে । কাকো ব্যক্তিগতভাৱে লক্ষ্য কৰা উচিত নহয় । যদি তেওঁলোকে মুখ্যমন্ত্ৰীৰ ভাবমূৰ্তি বিনষ্ট কৰে, ই দলটোকো ক্ষতিগ্ৰস্ত কৰিব । বিজেপিয়ে বিচাৰে কংগ্ৰেছ দলৰ ক্ষতি হওঁক ।"

খাৰ্গেই লগতে কয়, "তেওঁলোকে কংগ্ৰেছ দলৰ মৌলিক ভোট নষ্ট কৰিবলৈ এই সকলোবোৰ কৰি আছে । আইনে নিজৰ কাম কৰিব । একো নাই যদিও তেওঁলোকে নিতৌ মুদা মুদা বুলি চিঞৰি থাকে । পুঁজিপতিয়ে ১৬ লাখ কোটি টকা লুটি লৈ যায় । কোনো অভিযোগনামা নাই । এতিয়া তেওঁলোকে অতি সাধাৰণ বিষয়ত যুঁজি আছে ।"

লগতে পঢ়ক :তিৰুপতি লাডু বিতৰ্ক : তদন্তৰ বাবে ৯ জনীয়া এছ আই টি গঠন - Tirupati Prasadam Row

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.