ETV Bharat / bharat

বিপদে এৰা নাই আম আদমী পাৰ্টিক : এইবাৰ বিধায়কৰ বিৰুদ্ধে ৰুজু গোচৰ - FIR filed against AAP MLA

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 1:24 PM IST

FIR filed against AAP MLA: নয়দাৰ আৰক্ষী থানাত পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীসকলক আক্ৰমণ আৰু ভাবুকি দিয়াৰ অভিযোগত আম আদমী পাৰ্টিৰ বিধায়ক আমানাতুল্লা খান আৰু তেওঁৰ পুত্ৰ আনাছ খানৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ।

FIR filed against AAP MLA
পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীক আক্ৰমণ (ETV BHARAT)

নেশ্য়নেল ডেস্ক, ৮ মে': মঙলবাৰে পুৱা নয়দাৰ ছেক্টৰ ৯৫ ৰ পেট্ৰ'ল পাম্পত আম আদমী পাৰ্টিৰ ওখলাৰ বিধায়ক আমানাতুল্লা খান আৰু তেওঁৰ পুত্ৰই পেট্ৰ'ল পাম্পটোৰ মেনেজাৰ আৰু মালিকক ভাবুকি দিয়াৰ পিচতেই এই ঘটনাটো সামাজিক মাধ্য়মত ভাইৰেল হৈ পৰে ।

উল্লেখ্য় যে, মঙলবাৰে পুৱাই নয়দাৰ ছেক্টৰ ৯৫ ৰ পেট্ৰ'ল পাম্পটোত বিধায়ক আমানাতুল্লা খানৰ পুত্ৰই কৰ্মচাৰীসকলক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । তাৰপিছত বিধায়কগৰাকীয়ে এই পেট্ৰ'ল পাম্পটোত উপস্থিত হৈ পাম্পটোৰ মেনেজাৰ আৰু মালিকক ভাবুকি দিয়ে ।

এই ঘটনা সম্পৰ্কীয় দুয়োটা ভিডিঅ'ই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে । সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ'ক লৈ চৰ্চা হোৱাৰ পিচতেই আৰক্ষীয়ে এই সন্দৰ্ভত আমানাতুল্লা খান আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ।

পেট্ৰ'ল পাম্পটোৰ মেনেজাৰ বিনোদ কুমাৰে আৰক্ষী থানাত দাখিল কৰা এজাহাৰত মঙলবাৰে আম আদমী পাৰ্টিৰ ওখলাৰ বিধায়ক আমানাতুল্লা খানৰ পুত্ৰ আনাছ খান পেট্ৰ'ল পাম্পত উপস্থিত হৈ সোনকালে ইন্ধন ভৰ্তি কৰাবলৈ দাবী কৰা বুলি উল্লেখ কৰে ।

এই লৈ আনাছ খানে পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীসকলৰ সৈতে তৰ্ক আৰম্ভ কৰে । বিধায়কগৰাকীৰ পুত্ৰ আৰু তেওঁৰ সহযোগীসকলেও পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীসকলক প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে ।

আনহাতে, এই ঘটনাৰ বিষয়ে খবৰ পোৱাৰ পিছতেই আনাছ খানৰ পিতৃ তথা আম আদমী পাৰ্টিৰ ওখলাৰ বিধায়ক আমানাতুল্লা খানে দুখন বাহন লৈ তাত উপস্থিত হয় । বিধায়কগৰাকীয়ে পেট্ৰ'ল পাম্পৰ মেনেজাৰ বিনোদ কুমাৰ সিঙক ভাবুকি প্ৰদান কৰে ৷

তেওঁ আনকি পাম্পটোৰ মালিকক ফোনযোগে ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । পৰৱৰ্তী সময়ত ভুক্তভোগী বিনোদ কুমাৰে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

বিধায়কগৰাকীয়ে মেনেজাৰগৰাকীক ভাবুকি দি কয়, "মই এতিয়া আপোনাৰ কৰ্মচাৰীসকলক হত্যা কৰিলেও আপুনি আমাক একো কৰিব নোৱাৰে" ৷ তাৰপিছতে পেট্ৰ'ল পাম্পৰ মালিকক ফোনত ভাবুকি দি কয়, "এই পেট্ৰ'ল পাম্পটো আমাৰ এলেকাত পৰে আৰু যদি আপুনি ইয়াত ব্যৱসায় কৰিবলৈ বহি আছে, তেন্তে ব্যৱসায় কৰক" ৷ এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে বিধায়ক আৰু পুত্ৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ।

ইপিনে, পেট্ৰ'ল পাম্পটোত সংঘটিত এই ঘটনাৰ প্ৰায় চাৰি ঘণ্টা পিছত ভিডিঅ' ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ৷ ভাইৰেল ভিডিঅ'টোত বিধায়ক পুত্ৰই বিক্ৰেতাজনক প্ৰহাৰ কৰাটো স্পষ্ট হৈছে ৷

আন এটা ভিডিঅ'ত বিধায়কগৰাকীয়ে নিজেই পেট্ৰ'ল পাম্পৰ মেনেজাৰ আৰু অন্যান্য কৰ্মচাৰীসকলক ভাবুকি দিয়া দেখা গৈছে । ভিডিঅ'টো প্ৰত্য়ক্ষ কৰাৰ পিচতেই ইয়াক শ্বেয়াৰ কৰি ৰাইজে আৰক্ষীক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷

সম্প্ৰতি আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ অভিযান আৰম্ভ কৰিছে । বিষয় প্ৰসংগত নয়দাৰ অতিৰিক্ত ডিচিপি মনীষ কুমাৰ মিশ্ৰই কয় যে, ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত বিধায়ক আৰু পুত্ৰৰ লগতে এই ঘটনাত জড়িতসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক:ED Raids Against AAP MLA Amanatullah Khan : আপৰ বিধায়ক আমানাতুল্লা খানৰ ঘৰত ইডিৰ অভিযান

আপ বিধায়ক আমানতুল্লা খানক আদালতত হাজিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.