ETV Bharat / bharat

এটুকুৰা মাংসৰ বাবে এখন বিয়াত লংকাকাণ্ড - Nizamabad Wedding incident

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 1:46 PM IST

Nizamabad Wedding incident: বিয়াত বিচৰা ধৰণে নাপালে মাংস । যাৰ বাবে বৰযাত্ৰীয়ে কইনা ঘৰত কৰিলে লংকাকাণ্ড । বিবাহস্থলী পৰিণত হ'ল ৰণস্থলীত ।

Nizamabad Wedding incident
এটুকুৰা মাংসৰ বাবে এখন বিয়াত লংকাকাণ্ড (File Photo)

নেশ্যনেল ডেস্ক,২৯ আগষ্ট : তেলেংগানাৰ নিজামাবাদত চাঞ্চল্যকৰ ঘটনা । মাংসৰ বাবেই ৰণস্থলীত পৰিণত হ'ল বিবাহস্থলী । ছাগলীৰ মাংসৰ বাবে দৰা আৰু কইনাৰ আত্মীয়ৰ মাজত লাগিল প্ৰচণ্ড মাৰপিট । আৰক্ষীৰ কাষ পালেগৈ সমগ্ৰ ঘটনা ।

ঘটনাটো কি ?

ঘটনাটো নাভিপেটৰ এটা বিবাহ ভৱনৰ বুলি জানিব পৰা গৈছে । নাভিপেটৰ এগৰাকী যুৱতী নন্দীপেট মণ্ডলৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । নাভিপেটৰ এটা বিবাহ ভৱনত অভ্যৰ্থনাৰ আয়োজন কৰা হৈছিল । সকলো ঠিকে চলি আছিল । দৰা-কইনাক আশীৰ্বাদ দিবলৈ আত্মীয়ৰ লগতে গাঁৱৰ লোকসকল আহিছিল আৰু সকলোৱে আহাৰ গ্ৰহণ কৰিছিল ।

অভ্যৰ্থনাত বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন আছিল । নিমন্ত্ৰিত অতিথিসকলৰ বাবে ছাগলীৰ মাংসৰো ব্যৱস্থা কৰা হৈছিল । সকলোৱে আহি আহাৰ গ্ৰহণ কৰি গৈ আছিল । তেতিয়াই দৰাৰ ফালৰ কেইজনমান যুৱক আহাৰ গ্ৰহণৰ বাবে আহিছিল । কিন্তু মাংস পৰিৱেশন কৰাক লৈ তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰে । যাক লৈ কইনাৰ ফালৰ লোকৰ সৈতে দৰাৰ ফালৰ যুৱককেইজনৰ তৰ্কাতৰ্কি লাগে । দৰাৰ ফালৰ যুৱককেইজনৰ মতে তেওঁলোকক মাংস কমকৈ দিয়া হৈছিল ।

মাংসৰ বাবে কাজিয়া

দুয়োপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু পিচত প্ৰচণ্ড মাৰপিটো হয় । আনকি ৰন্ধন সামগ্ৰী, শিল আৰু লাঠিৰে দুয়োপক্ষই আক্ৰমণ কৰে । এই ঘটনাত দৰা আৰু কইনাৰ ফালৰ কেইবাগৰাকী লোক গুৰুতৰভাৱে আহত হয় । প্ৰায় ৮ গৰাকী লোকক নিজামাবাদ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আৰক্ষীয়ে জনোৱা মতে দুয়োপক্ষই থানাত এজাহাৰ দাখিল কৰিছে । আৰক্ষী ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে । ঘটনাটোক লৈ নিজামাবাদ জিলাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :নতুন বিপদত আৰ জি কৰ চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ; সন্দীপ ঘোষৰ আই এম এ সদস্যপদ নিলম্বন - RG Kar Rape Murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.