ETV Bharat / bharat

নিৰ্বাচনী বণ্ডৰ বিৱৰণ প্ৰকাশত ব্যৰ্থ, এছবিআইৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ এডিআৰ - ADR plea against SBI

Electoral bonds case: ভাৰতীয় ষ্টেট বেংকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগ এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছৰ । নিৰ্বাচনী বণ্ডৰ বিৱৰণ প্ৰকাশ কৰিব নোৱাৰা এছবিআইৰ বিৰুদ্ধে আদালতত আবেদন সংস্থাটোৰ । ১১ মাৰ্চত আবেদনৰ শুনানিৰ সম্ভাৱনা ।

Electoral bonds case
এছবিআইৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ এডিআৰ
author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 2:07 PM IST

নেশ্যনেল ডেস্ক,৭ মাৰ্চ : বিগত মাহত উচ্চতম ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক ৬ মাৰ্চৰ ভিতৰত নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ডৰ বিৱৰণ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু এছবিআইয়ে এই নিৰ্দেশ পালন কৰাত ব্যৰ্থ হয় আৰু ৩০ জুনলৈ সময় বিচাৰিছে । এছবিআইৰ এই ব্যৰ্থতাৰ বাবে এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে আদালতৰ কাষ চাপিছে । এডিআৰয়ে নিৰ্বাচনী বণ্ডৰ বিৱৰণ প্ৰকাশৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ ৬ মাৰ্চৰ সময়সীমা পালন নকৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত অৱমাননাৰ আবেদন দাখিল কৰিছে । অধিবক্তা প্ৰশান্ত ভূষণে বৃহস্পতিবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত এডিআৰৰ আবেদনৰ কথা উল্লেখ কৰিছে ।

এডিআৰক প্ৰতিনিধিত্ব কৰি ভূষণে কয় যে এছবিআইয়ে অতিৰিক্ত সময় বিচাৰি আবেদন দাখিল কৰিছে যিটো বিষয়ত সোমবাৰে শুনানি হোৱাৰ সম্ভাৱনা আছে । তেওঁ কয় যে ইয়াৰ বিপৰীতে এডিআৰয়েও এছবিআইৰ বিৰুদ্ধে অৱমাননাৰ আবেদন দাখিল কৰিছে । তেওঁলোকৰ এই আবেদনখনো একেদিনাই তালিকাভুক্ত কৰিবলৈ আহ্বান জনাইছে । অৱশ্যে বিচাৰপীঠে এই আবেদন পৰীক্ষা কৰিবলৈ সন্মত হৈছে ।

বিচাৰপীঠে এডিআৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীক এটা ইমেইল প্ৰেৰণ কৰিবলৈ কৈছে আৰু আশ্বাস দিছে যে এই আবেদনৰ শুনানিৰ বাবে ১১ মাৰ্চত তালিকাভুক্ত কৰা হ'ব ।

এডিআৰয়ে অৱমাননাৰ আবেদনত কৈছে যে সময় বিচাৰি কৰা এছবিআইৰ উক্ত আবেদনখন অসৎ আৰু ই ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে গৃহীত কৰা ৰায়ৰ ইচ্ছাকৃত আৰু অবাধ্যতা প্ৰদৰ্শন কৰে । ই আদালতৰ কৰ্তৃত্ব কলুষিত কৰাৰ এক স্পষ্ট প্ৰয়াস বুলিও এডিআৰয়ে অভিযোগ কৰিছে ।

উচ্চতম ন্যায়ালয়ে ১৫ ফেব্ৰুৱাৰীত সংবিধান বিচাৰপীঠে দিয়া এক ৰায়ত এছবিআইক ৬ মাৰ্চৰ ভিতৰত ইচিআইক তথ্য প্ৰদান কৰিব লাগিব বুলি নিৰ্দেশ দিছিল আৰু শীৰ্ষ ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিখন অসাংবিধানিক বুলি বাতিল কৰিছিল ।

লগতে পঢ়ক :নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্য দাখিলৰ সময়সীমা বৃদ্ধিৰ বাবে আদালতত আবেদন ভাৰতীয় ষ্টেট বেংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.