ETV Bharat / bharat

ব্যয়বহুল হ’ব আপোনাৰ যাত্ৰা, 3-5 শতাংশ বৃদ্ধি টোল কৰ - Toll Tax Rate Increase Expressway

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 10:45 PM IST

TOLL TAX RATE INCREASE EXPRESSWAY: ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে(এন এইচ এ আই) গ্ৰহণ কৰিছে নতুন সিদ্ধান্ত ৷ সেই অনুসৰি, সোমবাৰৰ পৰা আপুনি যাত্ৰা কৰোতে টোলগেটত ভৰিবলগীয়া হ’ব অধিক ধন ৷ মাজনিশা 12 বজাৰ পৰা কাৰ্যকৰী কৰা হ’ব এই নিৰিখ ৷ সবিশেষ এই প্ৰতিবেদনত ৷

TOLL TAX RATE INCREASE
টোল কৰ বৃদ্ধি (Etv Bharat)

নেশ্যনেল ডেস্ক, 2 জুন: এতিয়াৰে পৰা আপোনাৰ যাত্ৰা হ’ব অধিক ব্যয়বহুল ৷ কিয়নো সোমবাৰৰ মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে টোল কৰ ৷ যাৰ বাবে যাত্ৰাৰ সময়ছোৱাত পূৰ্বৰ তুলনাত অধিক ধন ভৰিব লাগিব আপুনি ৷ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে(এন এইচ এ আই) গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ নতুন নিৰিখ অনুসৰি, 3 ৰ পৰা 5 শতাংশলৈ বৃদ্ধি পাব টোল কৰ ৷

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (এন এইচ এ আই) টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত দুমাহৰ বাবে স্থগিত ৰখাৰ পিছত সোমবাৰৰ পৰা কাৰ্যকৰী কৰে নতুন টোল কৰৰ নিৰিখ ৷ এই বৰ্ধিত মূল্যৰ ফলত পূৰ্বৰ তুলনাত ব্যয়বহুল হ’ব দিল্লী-মিৰাট এক্সপ্ৰেছৱে আৰু ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱেৰে কৰিবলগীয়া ভ্ৰমণ ৷ এতিয়াৰ পৰা দিল্লীৰ পৰা মিৰাট আৰু দিল্লীৰ পৰা হাপুৰলৈ যাত্ৰা কৰিবলৈ হ’লে যাত্ৰীয়ে 8 টকা অধিক টোল কৰ পৰিশোধ কৰিব লাগিব ৷

লগতে পঢ়ক: NHAI Toll Tax : পহিলা এপ্ৰিলৰ পৰা টোল কৰৰ মাধমাৰ ৰাজ্যবাসীৰ ওপৰত

উল্লেখ্য যে, প্ৰতি বছৰে এক এপ্ৰিলত সংশোধন কৰা হয় টোল কৰ । এইবাৰ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোলৰ হাৰ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল যদিও লোকসভা নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত চূড়ান্ত কৰিব পৰা নাছিল । চলিত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হৈছিল 1 জুনত ৷ এনে পৰিস্থিতিত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে 2 জুনৰ মাজনিশা 12 বজাৰ পৰা বৰ্ধিত টোল কৰৰ হাৰ কাৰ্যকৰী কৰাৰ বাবে চলাইছে প্ৰস্তুতি ৷

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (এন এইচ এ আই) দিল্লী-মিৰাট এক্সপ্ৰেছৱে, ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে, দিল্লী-হাপুৰ এক্সপ্ৰেছৱে আৰু গাজিয়াবাদ-আলিগড় ঘাইপথত টোল সংগ্ৰহৰ দায়িত্ব অৰ্পণ কৰিছে ব্যক্তিগত কোম্পানীসমূহক ৷ কিন্তু কেৱল এন এইচ এ আইয়েহে টোলৰ হাৰ বৃদ্ধি কৰিব পাৰে । ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকলৰ মতে, চুক্তি অনুসৰি টোলৰ হাৰ 5% বৃদ্ধি কৰিব লাগিব । সেয়ে 3 জুনৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ’ব বুলি প্ৰাধিকৰণে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Price Hike In Assam: বিকশিত অসমত আজিৰে পৰা ক'ত ক'ত বৃদ্ধি পালে মূল্য ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.