ETV Bharat / bharat

জামিন নাপালে অৰবিন্দ কেজৰিৱালে : পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ - Arvind Kejriwal Hearing

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:34 PM IST

Arvind Kejriwal Hearing: দিল্লী আবকাৰী নীতি গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ । ইয়াৰ পূৰ্বে কেজৰিৱালৰ ন্যায়িক জিম্মাত চি বি আইৰ দাবী সন্দৰ্ভত আদালতে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল ।

Arvind Kejriwal Hearing
জামিন নাপালে অৰবিন্দ কেজৰিৱালে (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ২৯ জুন: আবকাৰী গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক শনিবাৰে ৰাউছ এভিনিউ আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । ইয়াৰ পূৰ্বে কেজৰিৱালৰ ন্যায়িক জিম্মাত চিবিআইৰ দাবী সন্দৰ্ভত আদালতে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল । চি বি আইৰ জিম্মা শেষ হোৱাৰ পিচত আজি কেজৰিৱালক দিল্লীৰ ৰাউছ এভিনিউ আদালতত হাজিৰ কৰোৱা হয় ।

চি বি আয়ে আবেদনত উল্লেখ কৰিছিল যে তদন্ত এতিয়াও চলি আছে আৰু তদন্ত এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আছে । কিছুমান গুৰুত্বপূৰ্ণ সাক্ষীৰ বক্তব্য লিপিবদ্ধ হ’বলৈ বাকী আছে । কিছু গুৰুত্বপূৰ্ণ ডিজিটেল প্ৰমাণ এতিয়াও সংগ্ৰহ হোৱা নাই, সেয়েহে কেজৰিৱালক জেললৈ প্ৰেৰণ কৰা উচিত ।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আজি আদালতত হাজিৰ কৰাৰ পাচত চি বি আয়ে তদন্তৰ সময়ত কেজৰিৱালে সহযোগ কৰা নাই বুলি কয় ৷ ন্যায়িক জিম্মা বিচাৰি আদালতত চি বি আয়ে আবেদন দাখিল কৰি কয় যে জিম্মাত থকা সময়ছোৱাত তেওঁ ইচ্ছাকৃতভাৱে প্ৰশ্নৰ প্ৰত্যক্ষ উত্তৰ দিয়াৰ পৰা বিৰত আছিল ।

লগতে পঢ়ক: বন্দিত্বৰ পৰা ওলাবই নোৱাৰিলে কেজৰিৱাল : পুনৰ ৩ দিনৰ বাবে চি বি আই জিম্মালৈ প্ৰেৰণ - Arvind Kejriwal arrested by CBI

চি বি আয়ে কয় যে, কেজৰিৱালৰ বক্তব্য প্ৰমাণৰ সৈতে মিল নাই । কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী, তেওঁৰ ৰাজনৈতিক প্ৰভাৱ যথেষ্ট । তেওঁ সাক্ষীক প্ৰভাৱিত কৰিব পাৰে । প্ৰমাণৰ লগত হেৰা-ফেৰি কৰিব পাৰে । কেজৰিৱালে তদন্তত প্ৰভাৱ পেলাব পাৰে বুলি চিবিআইয়ে প্ৰকাশ কৰিছে । চি বি আইয়ে কয় যে কেজৰিৱালে জেৰাৰ সময়ত প্ৰশ্নৰ সন্তোষজনক উত্তৰ নিদিলে । কেজৰিৱালক যেতিয়া সোধা হৈছিল যে আবকাৰী নীতিৰ ক্ষেত্ৰত পাইকাৰী লাভৰ হাৰ ৫ৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা কি আছিল ? এই সন্দৰ্ভত কোনো অধ্যয়ন বা ভিত্তি নোহোৱাকৈ কিয় এনে সিদ্ধান্ত লোৱা হ’ল ? এই সন্দৰ্ভত তেওঁ সন্তোষজনক উত্তৰ নিদিলে ।

চি বি আইৰ তথ্য অনুসৰি কেজৰিৱালক সোধা হৈছিল যে যেতিয়া কৰ’ণাৰ দ্বিতীয় ঢৌ তুংগত আছিল, তেতিয়া সংশোধিত আবকাৰী নীতিৰ বাবে এদিনৰ ভিতৰত প্ৰচলনৰ জৰিয়তে কেবিনেটৰ অনুমোদন লাভ কৰাৰ খৰখেদা কি আছিল । চিবিআইয়ে কয় যে যেতিয়া চাউথ লবীৰ ৰাইজ দিল্লীত উপস্থিত আছিল আৰু বিজয় নায়ৰৰ সৈতে সাক্ষাৎ কৰি আছিল তেতিয়া এনেকুৱা হৈছিল ।

লগতে পঢ়ক: কেজৰিৱালৰ মুক্তিৰ দাবীত গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ - AAP Protest

চি বি আইৰ মতে, কেজৰিৱালক যেতিয়া কেজৰিৱালক সুৰা ব্যৱসায়ীৰ সৈতে বিজয় নায়ৰৰ সাক্ষাৎ আৰু আবকাৰী নীতিৰ স্বেচ্ছাচাৰী পৰিৱৰ্তনৰ বিনিময়ত উৎকোচৰ দাবী সন্দৰ্ভত সোধা হৈছিল, তেতিয়াও তেওঁ ইয়াৰ কোনো প্ৰত্যক্ষ উত্তৰ দিয়া নাছিল । চি বি আইৰ তথ্য অনুসৰি কেজৰিৱালে মংগুটা ৰেড্ডী, অৰ্জুন পাণ্ডে আৰু মুথা গৌতমৰ সৈতে হোৱা সাক্ষাৎ সন্দৰ্ভতো কোনো সন্তোষজনক উত্তৰ নিদিলে । লগতে কেজৰিৱালে গোৱাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত আম আদমি পাৰ্টীয়ে ৪৪.৫৪ কোটি টকা ব্যৱহাৰ কৰাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ কোনো প্ৰত্যক্ষ উত্তৰ নিদিলে ।

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আবকাৰী নীতিৰ গোচৰত ২৬ জুনত চি বি আয়ে গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পাচত তেওঁক একেদিনাই আদালতত হাজিৰ কৰা হয় আৰু আদালতে তেওঁক তিনিদিনৰ চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰে ৷ চি বি আইৰ জিম্মাৰ ম্যাদ উকলি যোৱাত আজি তেওঁক পুনৰ আদালতত হাজিৰ কৰোৱা হয় ।

লগতে পঢ়ক: কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বিজেপিৰ মুখ্য কাৰ্যালয়ত আপৰ প্ৰতিবাদ - AAP to Protest on BJP Headquarter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.