নিউজ ডেস্ক, 9 মাৰ্চ : শনিবাৰে পদত্যাগ কৰিলে দেশৰ নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে ৷ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ থকাৰ পূৰ্বে পদত্যাগ কৰে নিৰ্বাচন আয়ুক্তগৰাকীয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="">
আইন আৰু ন্যায় মন্ত্ৰালয়ে ৰাজপত্ৰিত অধিসূচনাযোগে কয় যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে বিদায়ৰ কাৰণ উল্লেখ নকৰাকৈয়ে গোৱেলে নিৰ্বাচন আয়ুক্ত পদৰ পৰা কৰা পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে ৷
উল্লেখ্য যে, 2027 চনৰ ডিচেম্বৰ মাহলৈকে কাৰ্যকাল আছিল সদ্য পদত্যাগী নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলৰ ৷ তেওঁ কিয় পদত্যাগ কৰিছে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ অৱসৰপ্ৰাপ্ত আমোলা অৰুণ গোৱেল 1985 চনত পঞ্জাৱ কেডাৰৰ আই এ এছ বিষয়া আছিল ৷ 2022 চনৰ নৱেম্বৰ মাহত তেওঁ দেশৰ নিৰ্বাচন আয়োগত যোগদান কৰিছিল ৷ ফেব্ৰুৱাৰী মাহত অনুপ পাণ্ডেৰ অৱসৰ আৰু গোৱেলৰ পদত্যাগৰ পিছত তিনিজনীয়া ই চি পেনেলত এতিয়া কেৱল মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰহে আছে ৷ গোৱেলৰ পদত্যাগৰ লগে লগে এতিয়া ভোট পেনেলত দুটা পদ খালী হৈছে।
নিৰ্বাচন আয়োগৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত উঠাৰ সময়তে অৰুণ গোৱেলে নিৰ্বাচন আয়ুক্ত পদৰ পৰা পদত্যাগ কৰে ৷ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ ইতিমধ্যে নিৰ্বাচন আয়োগৰ দলে ৰাজ্যসমূহ ভ্ৰমণ কৰি আছে যদিও নিৰ্বাচনৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই ৷ লোকসভা নিৰ্বাচনৰ উপৰিও এই সময়ছোৱাত নিৰ্বাচন আয়োগে অন্ধ্ৰ প্ৰদেশ, ওড়িশা, ছিকিম, মহাৰাষ্ট্ৰ আৰু অৰুণাচল প্ৰদেশতো ৰাজ্যিক নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব ৷
লগতে পঢ়ক : উত্তৰ বংগত প্ৰায় ৪,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ