ETV Bharat / bharat

সময়মতে নিৰ্বাচনী বণ্ডৰ বিৱৰণ প্ৰকাশ কৰিব নিৰ্বাচন আয়োগে; মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

author img

By PTI

Published : Mar 14, 2024, 9:43 AM IST

Electoral Bond : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে এছবিআয়ে সময় মতে তথ্য দাখিল কৰিছে । এতিয়া এই তথ্যবোৰ পৰ্যালোচনা কৰি সময়মতে প্ৰকাশ কৰিম । ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা ক্ৰয় কৰা নিৰ্বাচনী বণ্ডৰ সবিশেষ নিৰ্বাচনী আয়োগৰ ওচৰত দাখিল কৰিবলৈ উচ্চতম ন্যায়ালয়ে এছবিআইক নিৰ্দেশ দিয়াৰ পিচতে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে এই তথ্য সদৰী কৰে ।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ
মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

নিউজ ডেস্ক, ১৪ মাৰ্চ : নিৰ্বাচন আয়োগে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) পৰা বিৱৰণ লাভ কৰিছে । আয়োগে সময়মতেই সকলো প্ৰাসংগিক তথ্য প্ৰকাশ কৰিব । মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বুধবাৰে কয় ।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে এছবিআইক ১২ এপ্ৰিল, ২০১৯ চনৰ পৰা ক্ৰয় কৰা নিৰ্বাচনী বণ্ডৰ বিৱৰণ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত এই দাবী কৰা হৈছে ।

এছবিআই হৈছে নিৰ্বাচনী বণ্ড জাৰি কৰাৰ বাবে বাবে কৰ্তৃত্বপ্ৰাপ্ত বিত্তীয় প্ৰতিষ্ঠান । "এছবিআয়ে ১২ মাৰ্চৰ ভিতৰত তথ্য দাখিল কৰাৰ কথা আছিল । তেওঁলোকে আমাক সময়মতে ইায়ৰ বিৱৰণ দিছে । মই উভতি গৈ তথ্যবোৰ চাম আৰু নিশ্চিতভাৱে সময়মতে প্ৰকাশ কৰিম ।" ৰাজীৱ কুমাৰে সাংবাদিকৰ আগত কয় ।

উল্লেখ্য যে ৰাজীৱ কুমাৰে জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ বুধবাৰে কাশ্মীৰত উপস্থিত হৈছেগৈ ।

"আমি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু । আমি সমগ্ৰ দেশতে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰিম । আমি জম্মু-কাশ্মীৰকে ধৰি সমগ্ৰ দেশৰ ভোটাৰসকলক 'গণতন্ত্ৰৰ উৎসৱ'ত উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ।" চিইচিয়ে কয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয় যে সময়মতে ভুৱা বাতৰিৰ প্ৰতি সঁহাৰি দিবলৈ সকলো জিলাতে সামাজিক মাধ্যম কোষ স্থাপন কৰা হ'ব ।

তেওঁ লগতে কয়, "সকলো প্ৰাৰ্থীকে পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰা হ'ব আৰু কেন্দ্ৰীয় বাহিনীক নিয়োগ কৰা হ'ব ।"

ৰাজীৱ কুমাৰে লগতে কয় যে জম্মু-কাশ্মীৰত ৱালেটৰ জৰিয়তে অনলাইন নগদ স্থানান্তৰৰ ওপৰত কঠোৰ সতৰ্কতা বজাই ৰখা হ'ব ।

৮৫ বছৰৰ অধিক বয়সৰ লোক আৰু বিকলাঙ্গ লোকসকলক জম্মু-কাশ্মীৰত ঘৰতে ভোটদানৰ সুবিধা প্ৰদান কৰা হ'ব বুলিও তেওঁ পিটিআইৰ আগত কয় ।

লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ; নিৰ্বাচন আয়োগলৈ নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰেৰণ এছ বিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.