ETV Bharat / bharat

নিৰ্বাচনী বণ্ড সন্দৰ্ভত নিৰ্বাচন আয়োগৰ আবেদনৰ আজি উচ্চতম ন্যায়ালয়ৰ শুনানী - EC Data On Electoral Bonds

Electoral Bonds hearing in SC: ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনী বণ্ডৰ বিষয়টোৱে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে । ইতিমধ্যে বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে নিৰ্বাচনী বণ্ডৰ পৰিসংখ্যা প্ৰকাশ কৰিছে । ইয়াৰ মাজতে আজি নিৰ্বাচনী বণ্ড গোচৰত ১১ মাৰ্চৰ নিৰ্দেশৰ এটা অংশ সংশোধন বিচাৰি নিৰ্বাচন আয়োগে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷

supreme court
উচ্চতম ন্যায়ালয়
author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 9:57 AM IST

নিউজ ডেস্ক, ১৫ মাৰ্চ: নিৰ্বাচনী বণ্ড গোচৰত ১১ মাৰ্চৰ নিৰ্দেশৰ এটা অংশ সংশোধন বিচাৰি নিৰ্বাচন আয়োগে কৰা আবেদনৰ শুনানি আজি অৰ্থাৎ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব । শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ত দাখিল কৰা নথি-পত্ৰৰ প্ৰতিলিপি নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত ৰখা হ’ব বুলি নিৰ্দেশনাত উল্লেখ থকাৰ কথা ব্যক্ত কৰে নিৰ্বাচন আয়োগে । নিৰ্বাচন আয়োগে এই নথি-পত্ৰৰ কোনো প্ৰতিলিপি ৰখা নাই বুলি জানিবলৈ দিয়ে ।

মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত বাচনি সমিতিৰ পৰা মুখ্য ন্যায়াধীশক কৰ্তন কৰা গোচৰক প্ৰত্যাহ্বান জনাই বেচৰকাৰী সংগঠন ‘এছ’চিয়েশ্যন ফ’ৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ’ (ADR)য়ে দাখিল কৰা এক সুকীয়া আবেদনৰ শুনানিও আজি অনুষ্ঠিত হোৱাৰ কথা আছিল । অৱশ্যে এই গোচৰ সন্দৰ্ভত শুকুৰবাৰে শীৰ্ষ আদালতৰ ৱেবছাইটত কোনো কাৰ্য বিৱৰণী উল্লেখ কৰা হোৱা নাই ৷ যোৱা ১২ মাৰ্চত ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত গঠিত বিচাৰপীঠে আজি মুখ্য ন্যায়াধীশগৰাকীক বাছনি সমিতিৰ পৰা বাদ দিয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি বেচৰকাৰী সংগঠনটোৰ অধিবক্তা প্ৰশান্ত ভূষণক জনাইছিল ।

নিৰ্বাচনী বণ্ডৰ গোচৰত উচ্চতম ন্যায়ালয়ে ১১ মাৰ্চত ভাৰতীয় ষ্টেট বেংকক ১২ মাৰ্চৰ কৰ্ম সময়ৰ ভিতৰত নিৰ্বাচন আয়োগক বণ্ডৰ সবিশেষ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল । নিৰ্বাচন আয়োগে নতুন আবেদনত কয় যে উচ্চতম ন্যায়ালয়ে ১১ মাৰ্চৰ নিৰ্দেশত কৈছিল যে ‘নিৰ্বাচন আয়োগে আদালতৰ সন্মুখত দাখিল কৰা বক্তব্যৰ প্ৰতিলিপি নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত ৰখা হ’ব ।

আবেদনখনত কোৱা হৈছে যে, ‘আদালতে গৃহীত কৰা আদেশ মানি আৰু উপৰোক্ত সবিশেষ/তথ্যৰ গোপনীয়তা বজাই ৰাখিবলৈ নিৰ্বাচন আয়োগে ছীল কৰা খাম/বাকচত পোৱা নথি-পত্ৰৰ কোনো প্ৰতিলিপি নাৰাখি আদালতলৈ প্ৰেৰণ কৰে ।’ আবেদনখনত কোৱা হৈছে যে, ‘এই গোচৰত নিৰ্বাচন আয়োগে আদালতৰ সন্মুখত দাখিল কৰা নথি-পত্ৰৰ কোনো প্ৰতিলিপি কেতিয়াও ইয়াৰ লগত ৰখা হোৱা নাছিল ।’

লগতে পঢ়ক: নিৰ্বাচনী বণ্ডৰ তথ্য ৰাজহুৱা কৰিলে নিৰ্বাচন আয়োগে; 337 পৃষ্ঠাৰ দাতা, 426 পৃষ্ঠাৰ পাৰ্টী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.