ETV Bharat / bharat

4037 কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰত 503.16 কোটি টকাৰ সম্পত্তি জব্দ - BANK FRAUD CASE

বেংকজালিয়াতিৰ এক গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে কমেও 503 কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰিছে ৷

BANK FRAUD CASE
Representational Image (ETV Bharat)
author img

By ANI

Published : Oct 28, 2024, 12:48 PM IST

নতুন দিল্লী : প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে দেশৰ কেবাটাও স্থানত বেংক জালিয়াতিৰ সৈতে জড়িত অভিযোগৰ বিৰুদ্ধে অভিযানত কেবাশ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সামগ্ৰী বাজেয়াপ্ত কৰিছে ৷ সংস্থাটোৰ এক সূত্ৰই জনোৱা মতে, প্ৰায় 4037 কোটি টকাৰ এক বেংক জালিয়াতিৰ গোচৰৰ বিৰুদ্ধে অভিযান চলাই তেওঁলোকে মহাৰাষ্ট্ৰ, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা প্ৰায় 503.16 কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি গোচৰৰ সৈতে সংলগ্ন কৰিবলৈ সক্ষম হৈছে ৷

কৰ্পৰেট পাৱাৰ লিমিটেড আৰু তেওঁলোকৰ প্ৰচাৰক আৰু পৰিচালক মনোজ জয়ছোৱাল, অভিজিৎ জয়ছোৱাল, অভিষেক জয়ছোৱাল আদিৰ বিৰুদ্ধে মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (পিএমএলএ), ২০০২ৰ বিধানৰ অধীনত পঞ্জীয়নভুক্ত গোচৰটোৰ আধাৰত এই অভিযান চলোৱা হৈছে ৷

ED attaches Rs 503.16 cr assets across five states in Rs 4,037 cr bank fraud case
4037 কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰত 503.16 কোটি টকাৰ সম্পত্তি জব্দ (ANI)

সংলগ্ন সম্পত্তিৰ ভিতৰত আছে বেংক পুঁজি, মিউচুৱেল ফাণ্ড, শ্বেয়াৰ, কৰ্পৰেট পাৱাৰ লিমিটেড আৰু মনোজ কুমাৰ জয়ছোৱালৰ পৰিয়ালৰ সদস্য আৰু বিভিন্ন শ্বেল কোম্পানীৰ নামত অধিগ্ৰহণ কৰা বিভিন্ন ভূমি সম্পত্তি আৰু অট্টালিকা আদি । এই সম্পত্তিসমূহ ২৪ অক্টোবৰত সংলগ্ন কৰা হৈছিল ।

কৰ্পৰেট পাৱাৰ লিমিটেড আৰু ইয়াৰ প্ৰমোটাৰ, পৰিচালক আদিৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰতাৰণা আৰু জালিয়াতিৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰ’ৰ ওচৰত দাখিল কৰা অভিযোগৰ ভিত্তিত ইডিয়ে এই তদন্ত আৰম্ভ কৰে ।

অভিযোগকাৰী ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ মতে, অভিযুক্ত ব্যক্তিসকলে ঋণ লাভৰ বাবে তথ্যৰ হেৰফেৰ কৰিছিল আৰু প্ৰকল্পৰ খৰচৰ সবিশেষ দাখিল কৰাৰ লগতে বেংকৰ পুঁজিও অন্য দিশলৈ ঠেলি দিছিল ৷ যাৰ দ্বাৰা ৪০৩৭ কোটি টকা (সুতকে ধৰি ১১,৩৭৯ কোটি টকা) আত্মসাৎ কৰা হৈছিল ।

ইয়াৰ পূৰ্বে এই গোচৰত ইডিয়ে নাগপুৰ, কলকাতা আৰু বিশাখাপট্টনমৰ বিভিন্ন স্থানত তালাচী অভিযান চলাই বিভিন্ন অভিযোগনামা দাখিল কৰা নথি-পত্ৰ জব্দ কৰাৰ লগতে অপৰাধৰ অভিযোগৰ পৰা পোৱা ২২৩.৩৩ কোটি টকাৰ তালিকাভুক্ত শ্বেয়াৰ আৰু ছিকিউৰিটিজ, মিউচুৱেল ফাণ্ড, ফিক্সড (ডিপ’জিট আৰু বেংকৰ পুঁজিৰ লগতে ৫৫.৮৫ লাখ টকাৰ নগদ ধন জব্দ কৰে । (ANI)

লগতে পঢ়ক: অৱশেষত জালত পৰিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন

লৰেন্স বিষ্ণৈৰ ভায়েকৰ খবৰ দিলেই পাব ১০ লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.