নেশ্যনেল ডেস্ক,১ ছেপ্টেম্বৰ : পুনৰ ভূমিকম্পই জোকাৰি গ'ল ভাৰত । এইবাৰ ভূমিকম্পৰ কেন্দ্ৰ নাগালেণ্ড । নেশ্যনেল চেণ্টাৰ ফৰ চিচম'লজি (এনচিএছ)ৰ তথ্য অনুসৰি দেওবাৰে পুৱা নাগালেণ্ডৰ নকলাক চহৰ ৩ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় । নেশ্যনেল চেণ্টাৰ ফৰ চিচম'লজিৰ মতে পুৱতি নিশা প্ৰায় ৩.৩৬ বজাত কম্পন অনুভূত হয় । ইয়াৰ কেন্দ্ৰবিন্দু আছিল নকলাক অঞ্চলৰ ১০ কিলোমিটাৰ গভীৰতাত ।
- নাগালেণ্ডত ভূমিকম্প
নেশ্যনেল চেণ্টাৰ ফৰ চিচম'লজিয়ে এক্সৰ পোষ্টত লিখিছে, "ভূমিকম্পৰ প্ৰাবস্য:৩.০, সময় : ০১/০৯/২০২৪ ভাৰতীয় সময় মতে ০৩:৩৬:৩৯ বজাত, অক্ষাংশ: ২৬.২৪ নৰ্থ, দ্ৰাঘিমাংশ: ৯৫.০৩ ইষ্ট, গভীৰতা: ১০ কিমি, স্থান: নকলাক, নাগালেণ্ড ।" ভূমিকম্পটো যিহেতু নিম্ন প্ৰাবল্যৰ আছিল সেয়ে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ এতিয়ালৈ অহা নাই ।
EQ of M: 3.0, On: 01/09/2024 03:36:39 IST, Lat: 26.24 N, Long: 95.03 E, Depth: 10 Km, Location: Noklak, Nagaland.
— National Center for Seismology (@NCS_Earthquake) August 31, 2024
For more information Download the BhooKamp App https://t.co/5gCOtjdtw0 @DrJitendraSingh @OfficeOfDrJS @Ravi_MoES @Dr_Mishra1966 @ndmaindia pic.twitter.com/mJQqdFdHcc
অৱশ্যে অনুসন্ধান অব্যাহত আছে । প্ৰশাসনে ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । অৱশ্যে পুৱতি নিশা কম্পন অনুভৱ কৰাৰ লগে লগে অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰিছে ।
- জম্মু-কাশ্মীৰত ভূমিকম্প
ইয়াৰ পূৰ্বে যোৱা ২০ আগষ্টত জম্মু-কাশ্মীৰৰ বাৰামুলা ৪.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল । নেশ্যনেল চেণ্টাৰ ফৰ চিচম'লজিয়ে এই কথা অৱগত কৰিছিল । এনচিএছৰ মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু অক্ষাংশ ৩৪.১৭ নৰ্থ, দ্ৰাঘিমাংশ ৭৪.১৬ ইষ্ট, ৫ কিলোমিটাৰ গভীৰতাত আছিল ।
এক্সৰ পোষ্টত এনচিএছয়ে লিখিছিল, "ভূমিকম্পৰ প্ৰাবল্য ৪.৯, সময়: ২০/০৮/২০২৪ ভাৰতীয় সময় মতে ০৬:৪৫:৫৭, অক্ষাংশ: ৩৪.১৭ নৰ্থ, দ্ৰাঘিমাংশ: ৭৪.১৬ ইষ্ট, গভীৰতা : ৫ কিমি, স্থান : বাৰামুলা, জম্মু আৰু কাশ্মীৰ ।" এই ভূমিকম্পৰ ফলত প্ৰাণহানি বা সম্পত্তিৰ ক্ষতি হোৱাৰ কোনো খবৰ পোৱা হোৱা নাছিল ।
লগতে পঢ়ক :উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা : হতাহত হোৱা নাই কোনো লোক - Uttarakhand Helicopter crash