ETV Bharat / bharat

বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত সংসদক সম্বোধন কৰিব বিদেশ মন্ত্ৰী এছ জয়শংকৰে - Bangladesh Violence

author img

By ANI

Published : Aug 6, 2024, 1:48 PM IST

Jaishankar to Address Parliament : বাংলাদেশৰ বৰ্তমান পৰিস্থিতি কি ? ই সন্দৰ্ভত সদনক জনাব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । দুপৰীয়া ২.৩০ বজাত ৰাজ্যসভাত আৰু ৩.৩০ বজাত লোকসভাক দেশখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বিবৃতি প্ৰদান কৰিব জয়শংকৰে ।

Jaishankar to Address Parliament
বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৰ্বদলীয় বৈঠক (ANI Photo)

নিউজ ডেস্ক, ৬ আগষ্ট : লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মঙলবাৰে সংসদৰ নিম্ন সদনক জনায় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত এক বিবৃতি দিব ৷ প্ৰশ্নকালৰ পিচত বিৰলাই সদনক জনায় যে জয়শংকৰে লোকসভাত আবেলি ৩.৩০ বজাত এটা নিজাববীয়া বিবৃতি দিব ৷

আনহাতে, জয়শংকৰে ৰাজ্যসভাতো দুপৰীয়া ২.৩০ বজাত বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত এক বিবৃতি প্ৰদান কৰিব ৷ ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে মঙলবাৰে সংসদত এখন সৰ্বদলীয় বৈঠকত সভাপতিত্ব কৰে আৰু বাংলাদেশত চলি থকা শেহতীয়া ঘটনা আৰু চুবুৰীয়া দেশৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে নেতাসকলক অৱগত কৰে ৷

তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা কেনেদৰে ভাৰতলৈ আহিল আৰু ভাৰতে বাংলাদেশী নেত্ৰীগৰাকীৰ যত্ন কেনেদৰে ল'ব, সেই সন্দৰ্ভতো কয় বুলি সৰ্বদলীয় বৈঠকৰ সূত্ৰই এ এন আইক জনায় ।

জয়শংকৰে কয় যে শ্বেখ হাছিনা ভাৰতত আছে আৰু ভাৰত চৰকাৰে তেওঁৰ ভৱিষ্যতৰ কাৰ্যপন্থা কি হ'ব সেয়া জনাবলৈ সময় দিব বিচাৰে । এক্সত এছ জয়শংকৰে কয়, "বাংলাদেশত চলি থকা পৰিস্থিতিৰ বিষয়ে আজি সংসদত এখন সৰ্বদলীয় বৈঠকৰ বিষয়ে অৱগত কৰা হয় । সৰ্বসন্মতভাৱে ইয়াক সকলোৱে সমৰ্থন কৰে আৰু এইক্ষেত্ৰত বুজাবুজিৰ প্ৰশংসা কৰে ।"

বৈঠকত জয়শংকৰে নেতাসকলক কয় যে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশ সেনাৰ সৈতেও যোগাযোগ ৰক্ষা কৰি আছে । তেওঁ কয় যে এইটো এক চিন্তা কৰিবলগা পৰিস্থিতি আৰু চৰকাৰে সঠিক সময়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব । এক সূত্ৰত এই কথা প্ৰকাশ ।

সূত্ৰ অনুসৰি, দলীয়া বৈঠকত নেতাসকলক জনোৱা হয় যে দেশখনত ২০,০০০ ভাৰতীয় নাগৰিক আছে । তাৰে ভিতৰত এতিয়ালৈকে 8,000 ভাৰতীয় নাগৰিক নিজদেশলৈ ঘূৰি আহিছে । জয়শংকৰে বৈঠকত জনায় যে ভাৰত চৰকাৰে ভাৰতীয় নাগৰিকসকলৰ সৈতে যোগাযোগ কৰি আছে আৰু তাত উচ্চ আয়োগেও কাম কৰি আছে ।

লগতে নেতাসকলক জনায় যে দেশখনত থকা সংখ্যালঘুসকলৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু তেওঁলোকক সুৰক্ষিত কৰিব লাগে । সৰ্বদলীয় বৈঠকৰ সূত্ৰই এ এন আইক জনায় ।

সৰ্বদলীয় বৈঠকত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ভাৰতৰ দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী ৰণনীতিৰ বিষয়ে জানিব বিচাৰে । এইক্ষেত্ৰত চৰকাৰে কয় যে এইটো এক প্ৰগতিশীল পৰিস্থিতি আৰু তেওঁলোকে ইয়াক বিশ্লেষণ কৰি থাকিব ।

আনহাতে, ৰাহুল গান্ধীয়ে বাংলাদেশৰ পৰিস্থিতিত বিদেশী হাত জড়িত থকাৰ সম্ভাৱনীয়তাৰ বিষয়েও চৰকাৰক প্ৰশ্ন কৰে । কেন্দ্ৰীয় চৰকাৰে কয় যে সম্ভৱপৰ সকলো দিশ অধ্যয়ন কৰা হৈছে । চৰকাৰে এই তথ্য অৱগত কৰাৰ পিচত ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত লোৱা পদক্ষেপসমূহৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে ।

উল্লেখ্য যে বাংলাদেশত সৃষ্টি হোৱা এক অস্থিৰ ৰাজনৈতিক পৰিস্থিতি আৰু বৰ্ধিত প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত শ্বেখ হাছিনাই সোমবাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰে । মুখ্যত চৰকাৰী চাকৰিৰ বাবে কোটা ব্যৱস্থা বন্ধ কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে কৰা এই প্ৰতিবাদসমূহে চৰকাৰবিৰোধী প্ৰতিবাদৰ ৰূপ লয় ।

আনহাতে, ঢাকাত বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ নেতাসকলে বাংলাদেশৰ চলিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে নোবেল বঁটাবিজয়ী ডঃ মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰস্তাৱ দিছে ।

ইফালে শ্বেখ হাছিনাই পদত্যাগ-পত্ৰ প্ৰদান কৰি সোমবাৰে সন্ধিয়া ভাৰতত উপস্থিত হয় । অৱশ্যে এইটো স্পষ্ট হোৱা নাই যে শ্বেখ হাছিনাই দিল্লীত থাকিব নে অন্য ঠাইলৈ যাব ।

লগতে পঢ়ক :অশান্ত বাংলাদেশ : ভাৰত সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ হাই এলাৰ্ট জাৰি - BSF High Alert on Border
লগতে পঢ়ক :বাংলাদেশত হ'ব অন্তৱৰ্তীকালীন চৰকাৰ : ঘোষণা বাংলাদেশৰ সামৰিক মুৰব্বীৰ - Bangladesh protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.