ETV Bharat / bharat

সনাতন ধৰ্মৰ ওপৰত মন্তব্য: উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন উদয়ানিধি ষ্টেলিন

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 3:33 PM IST

SC on Sanatana Dharma Case : উচ্চতম ন্যায়ালয়ে সোমবাৰে তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টেলিনক 'সনাতন ধৰ্ম' সম্পৰ্কে কৰা মন্তব্যৰ ওপৰত প্ৰশ্ন কৰে । লগতে শীৰ্ষ ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত পৰৱৰ্তী শুনানিৰ বাবে ১৫ মাৰ্চৰ তাৰিখ নিৰ্ধাৰণ কৰে ।

উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন উদয়ানিধি ষ্টেলিন

নিউজ ডেস্ক, ৪ মাৰ্চ : উচ্চতম ন্যায়ালয়ে সোমবাৰে তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টেলিনৰ 'সনাতন ধৰ্ম' সন্দৰ্ভত কৰা মন্তব্যত অসন্তুষ্টি প্ৰকাশ কৰে । এই সন্দৰ্ভত শীৰ্ষ ন্যায়ালয়ে কয়, "আপুনি যি কৈছিল তাৰ পৰিণামৰ বিষয়ে আপুনি নাজানে নেকি ? আৰু ই অনুচ্ছেদ ১৯ (১) (ক)ৰ (বাক স্বাধীনতা) অপব্যৱহাৰ নহয়নে ?"

ষ্টেলিনক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা এ এম সিংভিয়ে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তক লৈ গঠিত এখন বিচাৰপীঠৰ সন্মুখত কয় যে কৰ্ণাটক, উত্তৰ প্ৰদেশ, জম্মু, মহাৰাষ্ট্ৰ আদিত তেওঁৰ মক্কেলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । ষ্টেলিনে 'সনাতন ধৰ্ম' সন্দৰ্ভত কৰা তেওঁৰ মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ নিৰ্দেশ বিচাৰি শীৰ্ষ ন্যায়ালয়ৰ ওচৰ চাপিছে । সিংভিয়ে এই কথাও কয় যে তেওঁৰ মক্কেলৰ বিৰুদ্ধে বহু ৰাজ্যত গোচৰ ৰুজু কৰা হৈছে ।

আনহাতে, ন্যায়াধীশ দত্তই ষ্টেলিনৰ অধিবক্তাক কয়, আপুনি অনুচ্ছেদ 19(1)(ক)ৰ অধিকাৰ আৰু অনুচ্ছেদ-25ৰ অপব্যৱহাৰ কৰে নেকি ? এতিয়া আপুনি অনুচ্ছেদ ৩২ সঠিকভাৱে ব্যৱহাৰ কৰি আছেনে ? "আপুনি যি কৈছিল তাৰ পৰিণাম আপুনি নাজানে নেকি ?" ন্যায়াধীশ দত্তই ষ্টেলিনৰ অধিবক্তাক কয় ।

এই ক্ষেত্ৰত সিংভিয়ে অৰ্ণৱ গোস্বামী, নূপুৰ শৰ্মা, মহম্মদ জুবেইৰ আৰু অমিশ দেৱগনৰ গোচৰৰ ওপৰত নিৰ্ভৰ কৰে, য'ত উচ্চতম ন্যায়ালয়ে এফআইআৰসমূহ এখন বিচাৰপীঠলৈ আনিবলৈ সন্মত হৈছিল । আনহাতে, ন্যায়াধীশ খান্নাই সিংভিক কোনো উচ্চ ন্যায়ালয়লৈ যাবলৈ কয় । এই ক্ষেত্ৰত সিংভিয়ে কয় যে তেওঁৰ মক্কেলে ইয়াৰ বাবে সকলো উচ্চ ন্যায়ালয়লৈ যাব লাগিব আৰু তাৰ বাবে তেওঁ নিৰন্তৰ তাতেই আবদ্ধ হৈ থাকিব লাগিব, আৰু 'এয়া হৈছে বিচাৰৰ নামত উৎপীড়ন' ।

আনহাতে, ন্যায়াধীশ দত্তই কয় যে তেওঁ এগৰাকী সাধাৰণ লোক নহয়, তেওঁ এগৰাকী মন্ত্ৰী । সেয়ে 'আপুনি ইয়াৰ পৰিণাম জানিব লাগে...' বুলি ন্যায়াধীশগৰাকীয়ে কয় ।

ইফালে সিংভিয়ে দাবী কৰে যে ষ্টেলিনে য'ত মন্তব্য কৰিছিল সেয়া আছিল এক ৰুদ্ধদ্বাৰ সভা, কোনো ৰাজহুৱা সমদলত তেওঁ উক্ত মন্তব্য কৰা নাছিল । কিন্তু ন্যায়াধীশ খান্নাই এই ক্ষেত্ৰত প্ৰশ্ন কৰে, উক্ত বিষয়টোৰ সৈতে মোকাবিলা কৰিবলৈ চিআৰপিচিত কোনো ব্যৱস্থা আছে নেকি ? সিংভিয়ে ইয়াক তামিলনাডুত 'প্ৰথম বা দ্বিতীয় স্থানত ৰখা নাই, ইয়াক (এফআইআৰ একত্ৰিত কৰা) এক নিৰপেক্ষ স্থানত ৰাখিছ...' । লগতে কয় যে গোচৰটোৰ প্ৰকাৰে এফআইআৰ একত্ৰিত কৰাৰ আবেদনক প্ৰভাৱিত নকৰিব ।

লগতে সিংভিয়ে কয় যে তেওঁ ন্যায়াধীশ দত্তৰ পৰা যি উত্তৰ আহিছে তাৰ পৰা তেওঁ আঁতৰি যোৱা নাই, আৰু তেওঁ সেইটো বুজি পোৱা বুলিও উল্লেখ কৰে । সিংভিয়ে এক নিৰ্দিষ্ট ঠাইত এফআইআৰবোৰ একত্ৰিত কৰাৰ ওপৰত জোৰ দিয়ে আৰু লগতে কয়, "মই যোগ্যতাৰ ওপৰত এটা শব্দও উচ্চাৰণ কৰা নাই, সেয়েহে এই কথা নিভাবিব যে মই ন্যায়ৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছোঁ, অস্বীকাৰ কৰিছোঁ, সমালোচনা কৰিছোঁ... ।"

আনহাতে, অধিবক্তাৰ পৰা শুনানিৰ পিচত শীৰ্ষ ন্যায়ালয়ে বিষয়টো অহা শুকুৰবাৰে পৰৱৰ্তী শুনানিৰ বাবে নিৰ্ধাৰণ কৰে ।

উল্লেখ্য যে ২০২৩ চনৰ ছেপ্টেম্বৰত এক সন্মিলনত ভাষণ দি উদয়ানিধি ষ্টালিনে কৈছিল যে সনাতন ধৰ্ম সামাজিক ন্যায় আৰু সমতাৰ বিৰোধী আৰু ইয়াক 'নিৰ্মূল' কৰা উচিত । আনহাতে, তেওঁৰ বক্তব্যৰ বাবে প্ৰতিক্ৰিয়াৰ সন্মুখীন হোৱা সত্ত্বেও উদয়ানিধি ষ্টেলিনে নিজৰ স্থিতিত অটল হৈ থাকি কয় যে তেওঁ সনাতন ধৰ্ম চিৰদিনৰ বাবে বিৰোধিতা কৰি যাব ।

লগতে পঢ়ক :ইডিৰ অষ্টম চমন প্ৰত্যাখ্যান কেজৰিৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.