ETV Bharat / bharat

নিৰ্বাচনৰ পূৰ্বে জম্মু-কাশ্মীৰত নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা ডিআইজিৰ - JK Assembly election 2024

author img

By ANI

Published : Aug 30, 2024, 9:36 AM IST

JK Assembly election 2024: অহা ১৮ ছেপ্টেম্বৰৰ পৰা ৩ টা পৰ্যায়ত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ পূৰ্বে অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰে ৰামবান, কিষ্টৱাৰ আৰু ডোডা ৰেঞ্জৰ উপ আৰক্ষী মহাপৰিদৰ্শক শ্ৰীধৰ পাটিলে । পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষা কৰ্মী থকা বুলিও তেওঁ আশ্বাস প্ৰদান কৰে ।

JK Assembly election 2024
নিৰ্বাচনৰ পূৰ্বে জম্মু-কাশ্মীৰত নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা ডিআইজিৰ (ANI)

নেশ্যনেল ডেস্ক, ৩০ আগষ্ট : সমাগত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত কেন্দ্ৰীয় শাসিত অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । আৰক্ষী বিভাগৰ মতে অঞ্চলটোত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষা বাহিনী আছে । বৃহস্পতিবাৰে ৰামবান, কিষ্টৱাৰ আৰু ডোডা ৰেঞ্জৰ উপ আৰক্ষী মহাপৰিদৰ্শক শ্ৰীধৰ পাটিলে এই কথা ঘোষণা কৰে ।

  • নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা

পাটিলে কয়, "১০ বছৰৰ অন্তত ইয়াত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে । আমি মানুহৰ উচ্ছাসিত দেখিছো... মই ইয়ালৈ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ আহিছো... আমি ইতিমধ্যে যথেষ্ট অগ্ৰগতি লাভ কৰিছো, প্ৰস্তুতি খুব ভালদৰে চলি আছে...সকলোবোৰ পৰিকল্পনা অনুসৰি চলি আছে । আমাৰ ওচৰত পৰ্যাপ্ত সুৰক্ষা বাহিনী আছে...।"

  • সুৰক্ষিতভাৱে ইভিএম স্থানান্তৰ

ইয়াৰ পূৰ্বে, ২৬ আগষ্টত ডোডাৰ জিলা নিৰ্বাচন কৰ্তৃপক্ষই কঠোৰ নিৰাপত্তাৰ অধীনত ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে ডোডাৰ তিনিটা পৃথক ষ্ট্ৰং ৰূমলৈ ৮০০ টা ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) সফলতাৰে প্ৰেৰণ কৰে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৷ ডোডাৰ জিলা নিৰ্বাচন কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত তিনিটা বিধানসভা সমষ্টিৰ ষ্ট্ৰং ৰূমলৈ ইভিএমসমূহ সুৰক্ষিতভাৱে পৰিবহণ কৰা হৈছে ৷

ডোডাৰ জিলা নিৰ্বাচনী বিষয়া হৰবিন্দৰ সিঙে নিশ্চিত কৰে যে ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়টো মুক্ত আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত হোৱাটো নিশ্চিত কৰি সকলো ইভিএম নিজ নিজ সমষ্টিলৈ প্ৰেৰণ কৰা হৈছে । সিঙে নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতা বজাই ৰখাৰ প্ৰতিশ্ৰুতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

  • জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন

উল্লেখ্য যে জম্মু-কাশ্মীৰত ১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত ৯০ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । একেদৰে ৪ অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব ।

নিৰ্বাচন আয়োগৰ মতে, কেন্দ্ৰীয় শাসিত অঞ্চলটোত ৮৮.০৬ লাখ ভোটাৰ আছে । ইফালে, জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বটোৱাৰা চুক্তি অনুসৰি নেচনেল কনফাৰেন্সে ৯০ খন আসনৰ ভিতৰত ৫১ খন আৰু কংগ্ৰেছে ৩২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব । দুয়োটা দলে ৫ খন আসনত বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব আৰু চিপিআই(এম) আৰু পেন্থাৰছ পাৰ্টীক এখনকৈ আসন এৰি দিয়া হ'ব ।

লগতে পঢ়ক :ৰাজৌৰীত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ: নিহত ৩ সন্ত্ৰাসবাদী - Jammu and Kashmir gunfight

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.