ETV Bharat / bharat

চলন্ত ৰে'লৰ পৰা বিচ্ছিন্ন হ'ল ইঞ্জিন; কথমপি ৰক্ষা পৰিল শ শ যাত্ৰী - VIVEK EXPRESS ENGINE DECOUPLED

Vivek Express: তামিলনাডুত ভয়ংকৰ ঘটনা । চলন্ত ৰে'লৰ পৰাই বিচ্ছিন্ন হ'ল ইঞ্জিন । কোনো হতাহত হোৱা নাই ।

Vivek Express
চলন্ত ৰে'লৰ পৰা বিচ্ছিন্ন হ'ল ইঞ্জিন (ANI)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 2:01 PM IST

ভেলোৰ/চেন্নাই : ভেলোৰত চলন্ত ৰে'লৰ পৰা বিচ্ছিন্ন হৈ পৰিল ইঞ্জিন । ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল কন্যাকুমাৰী অভিমুখী বিবেক এক্সপ্ৰেছ । যোৱা ২২ অক্টোবৰৰ সন্ধিয়া ৭.৫৫ বজাত অসমৰ ডিব্ৰুগড়ৰ পৰা বিবেক এক্সপ্ৰেছ কন্যাকুমাৰী অভিমুখে ৰাওনা হৈছিল । এই ৰে'লখন ৰেনিগুণ্টা, কাটপাড়ি হৈ কন্যাকুমাৰীলৈ যাত্ৰা কৰে । ৰে'লখনে শুকুৰবাৰে পুৱা ৮.৪৫ বজাত ভেলোৰ জিলাৰ তিৰুভালমত উপস্থিত হয় ।

ৰে'লৰ পৰা বিচ্ছিন্ন ইঞ্জিন

কাটপাড়ি ৰে'লৱে আৰক্ষীৰ মতে, হঠাতে ইঞ্জিনৰ পৰা দবাবোৰ বিচ্ছিন্ন হৈ যায় । যাৰ ফলত কেৱল ইঞ্জিনটোহে চলি থাকে । কিছু মুহূৰ্তৰ পিছতে লোকো পাইলটে পৰিস্থিতিৰ উমান পাই আৰু লগে লগে ইঞ্জিনটো ৰখাই দিয়ে । প্ৰায় ডেৰ কিলোমিটাৰ যাত্ৰা কৰাৰ পিছতহে ইঞ্জিনটো ৰৈ যায় । এনে পৰিস্থিতিত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

পিছত কাটপাড়ি ৰে'লৱেৰ বিষয়াসকলক এই বিষয়ে অৱগত কৰা হয় । লগে লগে উক্ত স্থানত বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত হয় আৰু কেনেদৰে ইঞ্জিনটো ৰে'লৰ পৰা বিচ্ছিন্ন হ'ল তাৰ অনুসন্ধান আৰম্ভ কৰে । লগতে ইঞ্জিনটো পুনৰ ৰে'লৰ সৈতে সংযোগ কৰাৰ কাম কৰা হয় । ঘটনাস্থলীৰ পৰা ভাইৰেল হোৱা এচা ভিডিঅ'ত দেখা গৈছে যে যাত্ৰীসকল ৰে'লৰ পৰা নামি ৰে'ল লাইনৰ ওচৰত অপেক্ষা কৰি আছে । সংযোগ কৰা ডিভাইচটো (coupling device) ৰে'ল লাইনত পৰি আছে ।

২ ঘণ্টা পলমকৈ যাত্ৰা আৰম্ভ

ইয়াৰ বাবে, কাটপাড়ি ৰে'ল ষ্টেচনৰ পৰা এটা নতুন ইঞ্জিন অনা হয় আৰু পিছত ইয়াক ৰে'লৰ সৈতে সংযোগ কৰা হয় । লগতে কাপলিং প্ৰক্ৰিয়াও মেৰামতি কৰা হয় । ইয়াৰ বাবে ৰে'লখনৰ যাত্ৰা প্ৰায় ২ ঘণ্টা পলম হয় । পিছত ৰে'লখনে পুৱা ১০.৫০ বজাত পুনৰ যাত্ৰা আৰম্ভ কৰে ।

ইটিভি ভাৰতে এই সন্দৰ্ভত ৰে'ল বিষয়াসকলৰ সৈতে যোগাযোগ কৰে । বিষয়াসকলে কয়,"যেতিয়া বিবেক এক্সপ্ৰেছ ৰে'লখন কাটপাড়ি ৰে'ল ষ্টেচনৰ কাষ চাপিছিল ইঞ্জিনটো ৰে'লখনৰ পৰা বিচ্ছিন্ন হৈ পৰে । যেতিয়া লোকো পাইলটে এয়া লক্ষ্য কৰে আৰু লগে লগে কাটপাড়ি ৰে'ল ষ্টেচনক বিষয়টো অৱগত কৰে ।

ষ্টেচন মাষ্টাৰে সতৰ্ক কৰি দিয়ে আৰু উক্তৰ ৰে'লপথৰ প্ৰতিখন ৰে'ল ৰখাই দিয়া হয় । বিবেক এক্সপ্ৰেছৰ অন্তিম দবাত থকা গাৰ্ডজনকো বাৰ্তা প্ৰেৰণ কৰা হয় । গাৰ্ডজনে জৰুৰীকালীন ব্ৰেক প্ৰয়োগ কৰে । যাৰ বাবে ৰে'লখনৰ বাকী দবাবোৰৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু ৰে'লখন ৰৈ যায় ।

লগতে পঢ়ক : লোকমান্য তিলক এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হোৱাৰ প্ৰকৃত কাৰণসমূহ কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.