ETV Bharat / bharat

মহাকালেশ্বৰ মন্দিৰত ভস্ম আৰতিৰে শিৱক আৰাধনা - Holy Shravan Month

author img

By ANI

Published : Aug 5, 2024, 10:14 AM IST

Ujjain’s Mahakaleshwar Temple: আজি পবিত্ৰ শাওণ মাহৰ তৃতীয়টো সোমবাৰ ৷ এই উপলক্ষে মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰত প্ৰাৰ্থনা কৰাৰ লগতে ভস্ম আৰতিও কৰা হয় ।

Devotees offer prayers at Ujjain's Mahakaleshwar Temple on third Monday of 'Sawan'
শিৱক আৰাধনা কৰা উদ্দেশ্যে মহাকালেশ্বৰ মন্দিৰত ভস্ম আৰতি পৰিৱেশন (ANI)

নেশ্যনেল ডেস্ক, 5 আগষ্ট : পবিত্ৰ শাওণ মাহত সমগ্ৰ দেশৰ হিন্দু ধৰ্মাৱলম্বী লোকসকল আধ্যাত্মিক চিন্তাত মগ্ন হৈ পৰা পৰিলক্ষিত হৈছে ৷ দেশৰ বিভিন্ন মন্দিৰত শাওণ মাহ তথা শিৱৰাত্ৰি উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷

(null)

আজি পবিত্ৰ শাওণ মাহৰ তৃতীয়টো সোমবাৰ ৷ এই উপলক্ষে মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰত প্ৰাৰ্থনা কৰাৰ লগতে ভস্ম আৰতিও পৰিৱেশন কৰা হয় । সমান্তৰালভাৱে উত্তৰ প্ৰদেশৰ কাশী বিশ্বনাথ মন্দিৰ আৰু দিল্লীৰ গৌৰী শংকৰ মন্দিৰতো প্ৰাৰ্থনা কৰা হয় ।

শুকুৰবাৰে ‘শাওণৰ শিৱৰাত্ৰি’ উপলক্ষে মহাকালেশ্বৰ মন্দিৰত বহু ভক্তই প্ৰাৰ্থনা কৰিবলৈ ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল । লগতে এই উপলক্ষে ভক্তসকলে গংগা নদীত ডুব মৰাও দেখিবলৈ পোৱা গৈছিল ।

উল্লেখ কৰা প্ৰয়োজন যে, শাওণ মাহক ভগৱান শিৱৰ মাহ বুলি গণ্য কৰা হয় । এই মাহত শিৱৰ ভক্তসকলে আশীৰ্বাদ লাভ কৰে বুলি জনবিশ্বাস প্ৰচলিত । শাওণ মাহৰ এটা দিন শিৱৰাত্ৰিৰ হিচাবে পালন কৰা হয় ৷ এই শাওণ মাহত পালন কৰা শিৱৰাত্ৰিৰ গুৰুত্ব বছৰেকীয়া শিৱৰাত্ৰিৰ সমপৰ্যায়ৰে হয় ।

সাধাৰণতে ইংৰাজী জুলাই-আগষ্ট মাহৰ ভিতৰত পৰে এই পবিত্ৰ মাহটো আৰু এই মাহত ভগৱান শিৱক পূজা, শিৱৰ নামত উপবাস আৰু তীৰ্থযাত্ৰা কৰাৰ সময় বুলি বিবেচিত । হিন্দু পৌৰাণিক কাহিনীত শাওণ মাহৰ বিশেষ স্থান আছে ৷ এই মাহতেই ভগৱান শিৱই সাগৰ মন্থনৰ পৰা ওলোৱা বিষ (সমুদ্ৰ মন্থন) সেৱন কৰি বিশ্বব্ৰহ্মাণ্ডক ইয়াৰ বিষাক্ত প্ৰভাৱৰ পৰা ৰক্ষা কৰিছিল বুলি বিশ্বাস কৰা হয় ।

এই সময়ছোৱাত শিৱ ভক্তসকলে উপবাসে থাকি ভগৱান শিৱৰ আশীৰ্বাদ বিচাৰে । শাওণৰ শীতল বৰষুণ শিৱৰ কৰুণা আৰু উপকাৰৰ প্ৰতীক । শাওণৰ সময়ত ভক্তসকলে সাধাৰণতে সোমবাৰে উপবাসে থাকে । বহুতে শস্য খোৱাৰ পৰা বিৰত থাকে আৰু উপবাসৰ সময়ত বিশেষ কিছুমান ফল-মূল, গাখীৰ আৰু নিৰ্দিষ্ট খাদ্যহে খায় ।

এই সময়ছোৱাত মন্দিৰবোৰৰ লগতে ঘৰ-দুৱাৰতো শিৱমন্ত্ৰৰ জপ, ভজন গোৱা (ভক্তিগীত), ৰুদ্ৰভিষেক (পবিত্ৰ পদাৰ্থৰে শিৱ লিংগৰ আনুষ্ঠানিকভাৱে স্নান) আদি কৰা দেখা যায় ৷

লগতে পঢ়ক: দেৱাদিদেৱ মহাদেৱক ঔষধৰ ভোগ অৰ্পণ কৰা এটা বিশেষ মন্দিৰ - Raseshwar Mahadev Temple in BHU

শাওনৰ প্ৰথমটো সোমবাৰে নলবাৰীত হাজাৰ হাজাৰ ভক্তৰ সমাগম - Holy Shravan Month

শিৱলিংগত কি সামগ্ৰী ঢালিলে কি ফল পাব ? - Lord shiva prayer method in sawan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.