ETV Bharat / bharat

দীপাৱলীৰ পূৰ্বে ভয়ংকৰ প্ৰদূষণৰ কবলত ৰাজধানী দিল্লী - DELHI AIR QUALITY

Delhi Air Pollution: বিগত কেইবাদিনো ধৰি দিল্লীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে । প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

Delhi Air Pollution
দীপাৱলীৰ পূৰ্বে ভয়ংকৰ প্ৰদূষণৰ কৱলত ৰাজধানী দিল্লী (IANS)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 1:50 PM IST

নতুন দিল্লী : দেশৰ ৰাজধানী নতুন দিল্লীৰ প্ৰদূষণ দিনক দিনে অস্বস্তিকৰ হৈ আহিছে । শীতৰ আগমনৰ লগে লগে পুনৰ দিল্লীত প্ৰদূষণে কালৰূপ ধাৰণ কৰিছে । দেওবাৰে শুই উঠিয়ে দিল্লীবাসীয়ে কুঁৱলীৰ এক ডাঠ আচ্ছাদন প্ৰত্যক্ষ কৰে । ইফালে চিষ্টেম অফ এয়াৰ কোয়ালিটি এণ্ড ৱেডাৰ ফৰকাষ্টিং এণ্ড ৰিছাৰ্চৰ দিল্লীৰ বায়ুৰ সূচাংক ৩৫২ত উপনীত হৈছে । যাক ‘‘অতি দুৰ্বল’’ শ্ৰেণীত ধৰা হয় ।

শনিবাৰে দিল্লীত বায়ুৰ সূচাংক আছিল ২৫৫ । যাক বায়ুমণ্ডলৰ প্ৰদূষণৰ পৰিস্থিতি দুৰ্বল শ্ৰেণী বুলি কোৱা হয় । দীপাৱলীলৈ মাত্ৰ ৪ দিন বাকী আছে আৰু এনে পৰিস্থিতিত দিল্লীৰ প্ৰদূষণৰ স্তৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে । তথ্য অনুসৰি শনিবাৰে আনন্দ বিহাৰ অঞ্চলৰ বায়ুৰ সূচাংক ৪০০ৰ সীমা অতিক্ৰম কৰে । একেদৰে পুৱা ৭ বজাত ৪০৫ত উপনীত হয় 'গুৰুতৰ' শ্ৰেণীত ধৰা হয় ।

বতাহৰ গতি হ্ৰাস, তাপমাত্ৰা হ্ৰাস, আৰ্দ্ৰতাৰ স্তৰ বৃদ্ধি আৰু প্ৰদূষণ সৃষ্টিকাৰী কণাৰ উপস্থিতিৰ বাবে প্ৰদূষণৰ পৰিস্থিতি গুৰুতৰ হৈ আছে । ৰাষ্ট্ৰীয় ৰাজধানীৰ তাপমাত্ৰা পুৱা প্ৰায় ২৫ ডিগ্ৰী চেলচিয়াছ আছিল । ইফালে আইজিআই বিমানবন্দৰত বায়ুৰ সূচাংক ‘‘অতি দুৰ্বল’’ শ্ৰেণীত পোৱা গৈছে ।

বায়ুৰ সূচাংক কি ?

উল্লেখ্য যে, ০ আৰু ৫০ৰ মাজত থাকিলে বায়ুৰ সূচাংক (AQI)'ভাল' শ্ৰেণীত ধৰা হয় । একেদৰে ৫১-১০০ হ'লে 'সন্তোষজনক', ১০১-২০০ হ'লে 'মধ্যমীয়া', ২০১-৩০০ 'দৰিদ্ৰ', ৩০১-৪০০ 'অতি দৰিদ্ৰ', আৰু ৪০১-৫০০ 'গুৰুতৰ' বুলি গণ্য কৰা হয় । শনিবাৰে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে ঘোষণা কৰে যে পৰৱৰ্তী ১৫ দিন ৰাষ্ট্ৰীয় ৰাজধানীৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ।

তৎপৰ প্ৰশাসন

তেওঁ কয় যে উত্তৰ-পশ্চিমৰ পৰা বতাহে দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহলৈ প্ৰদূষণ সৃষ্টিকাৰী কণা বা প্ৰদূষণ কঢ়িয়াই আনিব পাৰে । যাৰ ফলত প্ৰদূষণৰ সংকট তীব্ৰতৰ হ'ব পাৰে । দীপাৱলীৰ প্ৰাকক্ষণত প্ৰদূষণ সম্পৰ্কীয় এনে সতৰ্কবাণীয়ে দিল্লীবাসীক চিন্তিত কৰি তুলিছে । মন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰোণৰ জৰিয়তে প্ৰদূষণৰ স্তৰ নিৰীক্ষণ কৰাৰ পৰিকল্পনা কৰা হৈছে । দিল্লী চৰকাৰে হটস্পট এলেকাবোৰত প্ৰদূষণৰ উৎস চিনাক্ত কৰিবলৈ ড্ৰোণ ব্যৱহাৰৰ পৰিকল্পনা কৰিছে ।

ৰাজধানী চহৰত যোৱা কেইবাদিনো ধৰি বায়ুৰ সূচাংক বিপদজনক হৈছে । যাৰ ফলত চৰকাৰ তথা প্ৰশাসনে জিআৰএপি বা গ্ৰেডেড ৰেচপন্স একচন প্লেনৰ দ্বিতীয় পৰ্যায় আৰোপ কৰিবলৈ বাধ্য হৈছে । কেইবাটাও অঞ্চলত ২১ অক্টোবৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

এই নিষেধাজ্ঞাৰ অধীনত দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত কয়লা আৰু কাঠৰ লগতে ডিজেল জেনেৰেটৰ ছেটৰ ব্যৱহাৰ কৰিব নোৱাৰিব । দিল্লী-এনচিআৰৰ লোকসকলকো ডাঠ আৱৰ্জনা আৰু বায়'মাছ মুকলিকৈ জ্বলোৱা পৰিহাৰ কৰিবলৈ কোৱা হৈছে ।

লগতে পঢ়ক :ওড়িশাত ডানাৰ ধ্বংসলীলা; ভাৰতীয় নৌসেনাৰ দ্বাৰা ৯ হাজাৰ আহাৰ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.