ETV Bharat / bharat

দিল্লীৰ আলিপুৰ বজাৰত অগ্নিকাণ্ড; অখিল জৈন আৰু ৰাজৰাণী গ্ৰপ্তাৰ

author img

By PTI

Published : Feb 18, 2024, 10:34 AM IST

Delhi Fire: সকলোৰে জ্ঞাত যে দিল্লীৰ আলিপুৰ বজাৰত অগ্নিকাণ্ডত ১১ জনৰ মৃত্যু ৷ ইয়াৰে ভিতৰত এজন হৈছে কাৰখানাটোৰ মালিক ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত এই অগ্নিকাণ্ডত মৃত্যু হোৱা কাৰখানাৰ মালিক অশোক জৈনৰ পুত্ৰ অখিল জৈন (৩৭) আৰু কাৰখানাটো থকা মাটিখিনিৰ মালিক ৰাজৰাণীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

Delhi fire probe
দিল্লীৰ আলিপুৰ বজাৰত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, ১৮ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে বিয়লি দিল্লীৰ আলিপুৰ বজাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডত মৃত্যু হয় ১১ জন লোকৰ । এটা ৰাসায়নিক কাৰখানাত এই জুইৰ সূত্ৰপাত হয় ৷ নিমিষতে সমগ্ৰ অঞ্চলটো জুইৰ লেলিহান শিখাই ছানি ধৰে ।

এই অগ্নিকাণ্ড ঘটনাৰ লগত জড়িত কাৰখানাৰ মালিকৰ পুত্ৰকে ধৰি দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ তেওঁলোক হ’ল এই অগ্নিকাণ্ডত মৃত্যু হোৱা কাৰখানাৰ মালিক অশোক জৈনৰ পুত্ৰ অখিল জৈন (৩৭) আৰু কাৰখানাটো থকা মাটিৰ মালিক ৰাজৰাণী ।

বিগত ১৫ ফেব্ৰুৱাৰীৰ বিয়লি দিল্লীৰ আলিপুৰ অঞ্চলৰ এই কাৰখানাটোত সংঘটিত হোৱা অগ্নিকাণ্ডত অশোক জৈনৰ লগতে ১০ জন শ্ৰমিকৰ মৃত্যু হয় । এই অগ্নিকাণ্ডৰ পূৰ্বে কাৰখানাটোত বিস্ফোৰণ সংঘটিত ৷ তাৰ পাচতে এই ড্ৰাগছ পুনৰ্বাসন কেন্দ্ৰ আৰু আঠখন দোকানলৈকে ধৰি ওচৰৰ অট্টালিকাসমূহলৈকে বিয়পি পৰে ।

এই অগ্নিকাণ্ড ঘটনা সন্দৰ্ভত পঞ্জীয়ন হোৱা FIR ত উল্লেখ কৰা অনুসৰি, কাৰখানাটোৰ ভিতৰত বিপুল পৰিমাণৰ জ্বলনশীল সামগ্ৰী (inflammable material) উদ্ধাৰ কৰা হৈছে । ইয়াৰ পূৰ্বে দিল্লী পৌৰ নিগমে অগ্নিকাণ্ড সংঘটিত হোৱা অট্টালিকাটো ৰাসায়নিক ৰং মিহলোৱাৰ উদ্দেশ্যে অবৈধভাৱে ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছিল ।

আলিপুৰ থানাৰ উপ-পৰিদৰ্শক অনিল কুমাৰৰ এজাহাৰৰ ভিত্তিত এই FIR ৰুজু কৰা হৈছে । কুমাৰে হেড কনিষ্টবল সুভাষ সিং আৰু সঞ্জীতৰ লগতে কনিষ্টবল কৰম্বীৰৰ সৈতে সেই স্থানত উপস্থিত হৈ প্ৰত্যক্ষ কৰে যে কাৰখানাৰৰ আৰু তাৰ গাতে লাগি থকা ঘৰবোৰত জুই জ্বলি আছে ।

উদ্ধাৰ অভিযানৰ সময়ত আৰক্ষী জোৱানসকলে একাধিক বিস্ফোৰণৰ শব্দও শুনিছিল বুলি FIR ত উল্লেখ কৰা হৈছে ৷ ইতিমধ্যে সংবাদ সংস্থা PTI ক ইয়াৰ প্ৰতিলিপি প্ৰদান কৰিছে আৰক্ষীয়ে ৷ ইফালে এই উদ্ধাৰ অভিযানৰ সময়ত আহত হয় কনিষ্টবল কৰম্বিৰ ।

এজন আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, যিহেতু কাৰখানাৰ মালিকজনৰ এই অগ্নিকাণ্ডত মৃত্যু হৈছে, সেয়েহে তেওঁৰ পুত্ৰ অখিল জৈনক জেৰা কৰি ২০১৭ চনৰ পৰা চলি থকা কাৰখানাটোৰ সকলো নথি-পত্ৰ জমা দিবলৈ কোৱা হৈছিল । ঘটনা সন্দৰ্ভত অখিল জৈন আৰু কাৰখানাটো থকা মাটিখিনি মালিক ৰাজৰাণীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

আৰক্ষীয়ে জনোৱা মতে, অগ্নিকাণ্ডত মৃত্যু হোৱা ১১ জন লোকৰ মৃতদেহ চিনাক্ত কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ সদস্যক গতাই দিয়া হৈছে । ইফালে আন এজন আৰক্ষী বিষয়াই জনোৱা মতে, "শুকুৰবাৰে চিনাক্তকৰণৰ পিচত ৮ টা মৃতদেহ পৰিয়ালকেইটাক গতাই দিয়া হয় । বাকী তিনিটা মৃতদেহ শনিবাৰে চিনাক্ত কৰা হয়’’ ।
ইফালে স্থানীয় লোকে দাবী কৰে যে উক্ত অঞ্চলটোত চকলেট, চেণ্ডল আৰু ৰং নিৰ্মাণ কৰা ১০০ ৰো অধিক কাৰখানা অবৈধভাৱে চলি আছে ৷ এই কাৰখানাবোৰৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীয়ে ৷

লগতে পঢ়ক : দিল্লীৰ আলিপুৰ বজাৰত অগ্নিকাণ্ডত ১১ জনৰ মৃত্যু; আহত ৪ জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.