ETV Bharat / bharat

৮ আগষ্টলৈ বৃদ্ধি কেজৰিৱালৰ ন্যায়িক জিম্মা, জুলাইৰ শেষলৈকে মনীষ ছিছ’দিয়া, কে কবিতাৰ ন্যায়িক জিম্মা বৃদ্ধি - Kejriwal judicial custody extended

author img

By ANI

Published : Jul 25, 2024, 2:22 PM IST

Delhi excise scam: দিল্লী আবকাৰী কেলেংকাৰীৰ গোচৰত ৰাউছ এভিনিউ আদালতে অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ৮ আগষ্টলৈ বৃদ্ধি কৰিছে । আনহাতে মনীষ চিছ’দিয়া আৰু বি আৰ এছৰ নেতা কে কবিতাৰ ন্যায়িক জিম্মাও বৃদ্ধি কৰা হৈছে । পঢ়ক সম্পূৰ্ণ খবৰ..

Delhi excise scam
কেজৰিৱালৰ ন্যায়িক জিম্মা ৮ আগষ্টলৈ বৃদ্ধি (ETV Bharat Assam)

নিউজ ডেস্ক, ২৫ জুলাই: দিল্লীৰ আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত দিল্লীৰ ৰাউছ এভিনিউ আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ৮ আগষ্টলৈ বৃদ্ধি কৰিছে ৷ দিল্লী আবকাৰী কেলেংকাৰীৰ চিবিআই সম্পৰ্কীয় গোচৰত কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাত বৃহস্পতিবাৰে ৰাউছ এভিনিউ আদালতত হাজিৰ কৰোৱা হৈছিল । বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাৰ আদালতত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্ৰী কেজৰিৱালক হাজিৰ কৰা হয় ।

একে সময়তে আবকাৰী কেলেংকাৰীৰ গোচৰৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু কে কবিতাৰো ন্যায়িক জিম্মা বৃদ্ধি কৰা হৈছে । তেওঁলোকৰ জিম্মা ৩১ জুলাইলৈ বৃদ্ধি কৰা হৈছে । ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তেও তেওঁলোকক আদালতত হাজিৰ কৰা হয় ।

লগতে পঢ়ক: জামিন নাপালে অৰবিন্দ কেজৰিৱালে : পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ - Arvind Kejriwal Hearing

উল্লেখ্য যে, ১৭ মে’ত ইডিয়ে সপ্তম পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল, য’ত আম আদমি পাৰ্টী আৰু অৰবিন্দ কেজৰিৱালক অভিযুক্ত কৰা হৈছিল । এই গোচৰত এই পৰ্যন্ত ১৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, য’ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া, আপৰ সাংসদ সঞ্জয় সিং আৰু বি আৰ এছ নেতা কে কবিতা সন্নিবিষ্ট কৰা হৈছে । সঞ্জয় সিঙক নিয়মীয়া জামিন মঞ্জুৰ কৰিছে উচ্চতম ন্যায়ালয়ে ।

ইয়াৰ পূৰ্বে ১৮ জুলাইত দিল্লী উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালে জেলৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অধিবক্তাৰ সৈতে অতিৰিক্ত দুখনকৈ আইনী বৈঠক বিচাৰি কৰা আবেদনৰ আদেশ সংৰক্ষিত কৰি ৰাখিছিল ।

লগতে পঢ়ক: অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ - ARVIND KEJRIWAL GOT INTERIM BAIL

অৱশ্যে তেওঁৰ এই আবেদনৰ বিৰোধিতা কৰে জেল কৰ্তৃপক্ষৰ অধিবক্তা আৰু বলবৎকাৰী সঞ্চালকালয়ে (ইডি) । ন্যায়াধীশ নীনা বংশাল কৃষ্ণই পক্ষসমূহৰ অধিবক্তাৰ দাখিল শুনানিৰ পিচত এই আবেদনৰ ওপৰত আদেশ সংৰক্ষণ কৰে । অৰবিন্দ কেজৰিৱালৰ হৈ জ্যেষ্ঠ অধিবক্তা ৰমেশ গুপ্তাই নিজ পক্ষ দাখিল কৰে ।

১ জুলাইত ৰাউছ এভিনিউ আদালতে তিহাৰ জেলৰ পৰা ভিডিঅ’ কনফাৰেন্সিং (ভিচি)ৰ জৰিয়তে কেজৰিৱালক তেওঁৰ অধিবক্তাৰ সৈতে অতিৰিক্ত দুখন বৈঠকত অৱতীৰ্ণ হোৱাটো অস্বীকাৰ কৰিছিল । বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই অৰবিন্দ কেজৰিৱালৰ হৈ উত্থাপিত আবেদন খাৰিজ কৰে ।কেজৰিৱালে ভিচিৰ জৰিয়তে তেওঁৰ অধিবক্তাৰ সৈতে অতিৰিক্ত দুখন বৈঠকৰ অনুমতি দিয়াৰ বাবে জেল কৰ্তৃপক্ষক নিৰ্দেশনা বিচাৰি আবেদন দাখিল কৰিছিল ।

লগতে পঢ়ক: সুৰা নীতি কেলেংকাৰী: জামিন লাভ কৰিবনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ? - Excise policy case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.