ETV Bharat / bharat

অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ - ARVIND KEJRIWAL GOT INTERIM BAIL

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 11:53 AM IST

SC Verdict Today: অৰবিন্দ কেজৰিৱালে লাভ কৰিছে অন্তৱৰ্তীকালীন জামিন । 17 মে’ত উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সংৰক্ষিত কৰিছিল । দিল্লী সুৰা নীতি কেলেংকাৰীৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে চলি আছে এটা গোচৰ ।

ARVIND KEJRIWAL GOT INTERIM BAIL
কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন (ETV Bharat)

নেশ্যনেল ডেস্ক, 12 জুলাই: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিছে জামিন । আদালতে তেওঁৰ গোচৰটো উচ্চস্তৰীয় বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে । উচ্চস্তৰীয় বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ নকৰালৈকে জামিনত থাকিব কেজৰিৱাল ।

উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰা তথ্যত 12 জুলাইৰ পিচত নিৰ্ধাৰিত সূচী অনুসৰি ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বাধীন বিচাৰপীঠে ৰায়দান কৰিব । 17 মে’ত ন্যায়াধীশ দীপাংকৰ দত্তকো অন্তৰ্ভুক্ত কৰা বিচাৰপীঠখনে কেজৰিৱালৰ আবেদন সন্দৰ্ভত ৰায় সংৰক্ষিত কৰি ৰাখিছিল । বিগত 15 এপ্ৰিলত কেজৰিৱালক ধন সৰবৰাহৰ গোচৰত কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই ইডিৰ পৰা উত্তৰ বিচাৰিছিল দেশৰ শীৰ্ষ আদালতখনে ।

লগতে পঢ়ক: কাৰাবন্দী হৈয়েই থাকিব কেজৰিৱাল : জামিন আদেশত স্থগিতাদেশ - ARVIND KEJRIWAL

আম আদমী পাৰ্টীৰ মুৰব্বীগৰাকীয়ে এই গোচৰত গ্ৰেপ্তাৰক সমৰ্থন কৰা দিল্লী উচ্চ ন্যায়ালয়ৰ 9 এপ্ৰিলৰ নিৰ্দেশক উচ্চতম ন্যায়ালয়ত জনাই প্ৰত্যাহ্বান । উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰক সমৰ্থন কৰি কয় যে, ইয়াত কোনো অবৈধতা নাই আৰু ইডিয়ে বাৰে বাৰে চমন প্ৰেৰণ কৰাৰ পিচতো তদন্তত সহযোগ কৰিবলৈ অস্বীকাৰ কৰাৰ পিচতহে কোনো বিকল্প নথকাত যোৱা ২১ মাৰ্চত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীক ।

গোচৰটোত এক লাখ টকাৰ ব্যক্তিগত বণ্ডত কেজৰিৱালক আদালতে জামিন প্ৰদান কৰিছিল । ইয়াৰ পিচত ইডিয়ে পিছদিনা দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপি দাবী কৰিছিল যে, নিম্ন আদালতে কেজৰিৱালক জামিন দিয়াৰ আদেশ একপক্ষীয় আৰু অপ্ৰাসংগিক তথ্যৰ ওপৰত আধাৰিত ।

লগতে পঢ়ক: পিতৃ-মাতৃৰ আশীৰ্বাদ লৈ পুনৰ কাৰাগাৰলৈ উভতিল কেজৰিৱাল - Arvind Kejriwal Return Tihar Jail

সেয়ে 21 জুনত উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন সাহায্যৰ বাবে ইডিৰ আবেদনৰ ওপৰত নিৰ্দেশ প্ৰদান নোহোৱালৈকে নিম্ন আদালতৰ জামিন আদেশৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰদান কৰে । 25 জুনত উচ্চ ন্যায়ালয়ে এই ৰায়দানৰ বিৰুদ্ধে আদেশ স্থগিত ৰাখে । যাৰ পিচত চিবিআইয়ে বিগত 26 জুনত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে, 9 জুলাইত ইডিয়ে ৰাউজ এভিনিউ আদালতত সুৰা নীতিৰ গোচৰ সম্পৰ্কীয় 208 পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰে । এই অভিযোগপত্ৰত অৰবিন্দ কেজৰিৱালক গোচৰটোৰ মূল অভিযুক্ত বুলি উল্লেখ কৰা হৈছে ৷ অভিযোগপত্ৰখনত উল্লেখ কৰা অনুসৰি, কেলেংকাৰী সম্পৰ্কীয় সকলো ধন আম আদমী পাৰ্টীৰ বাবে ব্যয় কৰা হৈছে ৷

ইডিয়ে অভিযোগ কৰা অনুসৰি, আম আদমী পাৰ্টীয়ে এই ধন গোৱা নিৰ্বাচনত খৰচ কৰিছে । লগতে অভিযোগ আছিল যে, কেজৰিৱালে দক্ষিণ গোটৰ সদস্যসকলৰ পৰা 100 কোটি টকাৰ উৎকোচ দাবী কৰিছিল, যাৰ ভিতৰত গোৱা নিৰ্বাচনত 45 কোটি টকা ব্যয় কৰা হৈছিল ।

লগতে পঢ়ক: দিল্লী সুৰা কেলেংকাৰী: কেজৰিৱাল আৰু আপৰ বিৰুদ্ধে ইডিৰ অভিযোগনামা দাখিল - Delhi liquor scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.