ETV Bharat / bharat

দীঘলীয়া হ'ব কেজৰিৱালৰ জামিনৰ অপেক্ষা ! - Delhi liquor Policy Scam

author img

By ANI

Published : Sep 5, 2024, 8:49 PM IST

Delhi liquor policy scam: আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কিছুদিন কাৰাগাৰতে থাকিব লাগিব । উচ্চতম ন্যায়ালয়ে কথিত সুৰা নীতি কেলেংকাৰীৰ চি বি আই গোচৰত তেওঁৰ জামিন আবেদনৰ ওপৰত ৰায় সংৰক্ষিত ৰাখিছে ।

Delhi liquor Policy Scam
দীঘলীয়া হ'ব কেজৰিৱালৰ জামিনৰ অপেক্ষা (ANI)

নেশ্যনেল ডেস্ক, ৫ ছেপ্টেম্বৰ : উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জামিন বিচাৰি দাখিল কৰা আবেদনৰ ওপৰত আদেশ সংৰক্ষিত ৰাখে । কথিত দিল্লীৰ সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাইছিল । কেজৰিৱাল আৰু চিবিআইক প্ৰতিনিধিত্ব কৰা অধিবক্তাসকলৰ শুনানিৰ পিচত ন্যায়াধীশ সূৰ্য কান্ত আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে আদেশটো সংৰক্ষিত ৰাখে ।

ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৰ যুক্তি

শুনানিৰ সময়ত চি বি আইৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কেজৰিৱালক জামিনৰ বাবে বিচাৰ আদালতত আবেদন নকৰাৰ বাবে আপত্তি জনাইছিল । কেজৰিৱালে জামিনৰ বাবে পোনপটীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু তাৰ পিচত শীৰ্ষ আদালতলৈ গৈছিল । ছলিচিটৰ জেনেৰেলে আদালতক কয়, "তেওঁ সত্ৰ আদালতলৈ নোযোৱাকৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । এয়া মোৰ প্ৰাথমিক আপত্তি । যোগ্যতাৰ ভিত্তিত, বিচাৰ আদালতে ইয়াক প্ৰথমে চাব পাৰিলেহেঁতেন । সাধাৰণ ক্ষেত্ৰত প্ৰথমে সত্ৰ আদালতৰ কাষ চাপিব লাগে ।" অধিবক্তাগৰাকীয়ে লগতে জামিনৰো বিৰোধিতা কৰে ।

কেজৰিৱালৰ অধিবক্তাৰ যুক্তি

কেজৰিৱালৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে বিচাৰপীঠক কয় যে উচ্চতম ন্যায়ালয়ে তেওঁক দুবাৰকৈ মুকলি কৰিছে । এবাৰ মে'ত নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ আৰু দ্বিতীয়বাৰৰ বাবে তেওঁক আবকাৰী নীতিৰ ক্ষেত্ৰত ই ডিয়ে পঞ্জীয়ন কৰা গোচৰটোত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল । সিংভিয়ে লগতে কয় যে কেজৰিৱাল সমাজৰ বাবে ভাবুকি নহয়; তেওঁ দুৰ্ধৰ্ষ অপৰাধীও নহয় ।

শীৰ্ষ আদালতে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে কৰা আবেদন আৰু গোচৰটোত জামিন বিচাৰি এক পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰিছিল । ৫ আগষ্টত দিল্লী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাটো আইন সংগত বুলি বজাই ৰাখে । কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ কৰি আদলতে কৈছিল যে ২০২৪ চনৰ এপ্ৰিলত পৰ্যাপ্ত প্ৰমাণ সংগ্ৰহ আৰু অনুমোদন লাভ কৰাৰ পিচতহে চিবিআইয়ে তেওঁৰ বিৰুদ্ধে অধিক তদন্ত আগবঢ়াইছিল । উচ্চ ন্যায়ালয়ে কৈছিল যে চিবিআইৰ কাৰ্যকলাপত কোনো বিদ্বেষ নাই, যিয়ে প্ৰদৰ্শন কৰে যে কেজৰিৱালে কেনেদৰে সাক্ষীসকলক প্ৰভাৱিত কৰিব পাৰে যিসকলে গ্ৰেপ্তাৰ হোৱাৰ পিচতহে সাক্ষ্য দিবলৈ সাহস দেখুৱাব পাৰে ।

লগতে পঢ়ক :বাংলাদেশী অনুপ্ৰৱেশৰ সুবিধা কৰি দিছে অসম চৰকাৰে : হেমন্ত ছোৰেণ - Hemant Soren

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.