ETV Bharat / bharat

মই ভাৰতৰ মুখ্য ন্যায়াধীশ, 500 টকা পঠিয়াব পাৰিবনে ? মুখ্য ন্যায়াধীশৰ নামত চাইবাৰ জালিয়াতিৰ প্ৰয়াস - cyber fraud

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 3:17 PM IST

Cyber fraud in name of CJI : দিল্লীত মুখ্য ন্যায়াধীশৰ নামত চাইবাৰ জালিয়াতিৰ চেষ্টা । অভিযুক্তই তেওঁৰ নামত ৫০০ টকা দাবী কৰে । উচ্চতম ন্যায়ালয়ে বিষয়টো বিবেচনা কৰি এখন এজাহাৰ দাখিল কৰিছে । দিল্লী আৰক্ষীৰ চাইবাৰ চেলে তদন্ত আৰম্ভ কৰিছে ।

Cyber Fraud In Name of CJI
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় (ANI Photo)

নিউজ ডেস্ক, ২৮ আগষ্ট : চাইবাৰ জালিয়াতি এতিয়া চৌদিশে সংঘটিত হ'বলৈ ধৰিছে । কেৱল সাধাৰণ নাগৰিকেই নহয়, উচ্চ পৰ্যায়ৰ বিষয়ালৈকে চাইবাৰ আক্ৰমণৰ কবলত পৰিছে । আনহাতে, চাইবাৰ জালিয়াতিৰ কবলত পৰি নিজৰ সাঁচতীয়া ধন হেৰুৱালগীয়া হৈছে বহুতে । এইক্ষেত্ৰত সাধাৰণ বেংক গ্ৰাহকৰ পৰা আৰম্ভ কৰি বেংকৰ বিষয়ালৈকে চাইবাৰ অপৰাধীৰ চিকাৰ হৈছে ।

এনেধৰণৰ বহু চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা এতিয়া য'তে ত'তে সংঘটিত হ'বলৈ ধৰিছে । কিন্তু দিল্লীত এনে এটা চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে, যাৰ বিষয়ে জানিলে আপুনি হতবাক হৈ পৰিব । কিয়নো এইবাৰ চাইবাৰ অপৰাধীয়ে চাইবাৰ প্ৰৱঞ্চনাৰ বাবে ব্যৱহাৰ কৰিছে ভাৰতৰ মুখ্য ন্যায়াধীশৰ নাম ।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নাম ব্যৱহাৰ কৰি এইবাৰ প্ৰৱঞ্চনাৰ চেষ্টা কৰা হৈছে । দিল্লী আৰক্ষীৰ চাইবাৰ চেলে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে । লগতে ঘটনা সন্দৰ্ভত কঠোৰ পদক্ষেপ গ্ৰহণৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।

মঙলবাৰে এজন ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত মেছেজ কৰি কয়, "হেল্ল', মই ভাৰতৰ মুখ্য ন্যায়াধীশ (চি জে আই) । কলেজিয়ামৰ সৈতে মোৰ এক গুৰুত্বপূৰ্ণ বৈঠক আছে । মই কনাণ্ট প্লেচত আবদ্ধ হৈ আছো । আপুনি মোক এখন কেবৰ বাবে ৫০০ টকা পঠিয়াব পাৰিবনে ? উচ্চতম ন্যায়ালয়ত উপস্থিত হোৱাৰ পিচতে মই এই পইচা ঘূৰাই দিম ।"

মেছেজটোৰ শেষত ইয়াকো কোৱা হৈছে যে এই মেছেজটো কোনটো ডিভাইচৰ পৰা প্ৰেৰণ কৰা হৈছে । তাত লিখিছে প্ৰেৰণ কৰা ডিভাইচটোৰ নাম 'আইপেডৰ পৰা প্ৰেৰণ কৰা হৈছে ৷' ইতিমধ্যে ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে চাইবাৰ জালিয়াতিৰ অভিযোগ দাখিল কৰিছে ।

উল্লেখ্য যে বিভিন্ন সময়ত চৰকাৰৰ তৰফৰ পৰা চাইবাৰ প্ৰৱঞ্চকৰ কবলত নপৰিবলৈ নাগৰিকসকলক সকীয়াই দি অহা হৈছে । ইতিমধ্যে চাইবাৰ প্ৰৱঞ্চনা সন্দৰ্ভত আদালততো ৰুজু হৈ আছে বহু গোচৰ । আদালতৰ তৰফৰ পৰাও এই বিষয়ত সাৱধান হ'বলৈ কোৱা হৈছে । কিন্তু এইবাৰ খোদ দেশৰ মুখ্য ন্য়ায়াধীশৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ।

লগতে পঢ়ক :বিপদজনক হ’ব পাৰে অনলাইনত চাকৰিৰ সন্ধান : ব্য়ক্তিগত তথ্য় হেকাৰৰ হাতত পৰা সম্ভাৱনা - CYBER CRIME ON JOB PORTAL
লগতে পঢ়ক :মহিলা বেংক মেনেজাৰক ভিডিঅ' কলত ব্যস্ত ৰাখি চাইবাৰ অপৰাধীয়ে লুটিলে 17 লাখ টকা - Bank Manager Digital Arrest Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.