ETV Bharat / bharat

এছইউ30 যুঁজাৰু বিমানৰ উন্নীতকৰণ; ভাৰতীয় প্ৰতিষ্ঠানেৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ চুক্তি

author img

By ANI

Published : Mar 2, 2024, 1:15 PM IST

Ministry of Defence : এই চুক্তিবোৰে থলুৱা সামৰ্থ্য অধিক শক্তিশালী কৰিব, বৈদেশিক মুদ্ৰা ৰক্ষা কৰিব আৰু ভৱিষ্যতে বিদেশী মূলৰ সঁজুলি নিৰ্মাতাসকলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বুলি উল্লেখ কৰা হৈছে ।

ভাৰতীয় প্ৰতিষ্ঠানেৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ চুক্তি

নিউজ ডেস্ক, ২ মাৰ্চ : প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ুসেনাৰ এছইউ-৩০ এমকেআই যুঁজাৰু বিমানৰ ছিমুলেটৰ উন্নীতকৰণৰ বাবে এটা ভাৰতীয় প্ৰতিষ্ঠানৰ সৈতে চুক্তি স্বাক্ষৰ কৰে ।

"এমএছএমইৰ নেতৃত্বত এই উন্নীতকৰণত সকলো থলুৱা অস্ত্ৰ আৰু সামৰ্থ্য অন্তৰ্ভুক্ত কৰা হ'ব । যাৰ ফলত আইএএফ পাইলটসকলৰ বাবে কাৰ্যকৰী প্ৰশিক্ষণ বৃদ্ধি হ'ব ।" এক চৰকাৰী বিবৃতিত কোৱা হৈছে ।

উল্লেখ্য যে এছইউ-৩০ এমকেআই যুঁজাৰু বিমানসমূহ ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু নৌবহৰৰ মেৰুদণ্ড । ইয়াৰে ২৭০ খনতকৈও অধিক বিমান বাহিনীটোত অন্তৰ্ভুক্ত কৰা হৈছে ।

এই ছিমুলেটৰবোৰে পাইলটসকলৰ প্ৰশিক্ষণ অধিক উন্নত কৰাত সহায় কৰিব । ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰালয়ে শুকুৰবাৰে দিল্লীত ৩৯,১২৫.৩৯ কোটি টকাৰ পাঁচটা মুখ্য মূলধন অধিগ্ৰহণ চুক্তি স্বাক্ষৰ কৰে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামনেৰ উপস্থিতিত এই চুক্তিকেইখন স্বাক্ষৰ কৰা হয় ।

এই পাঁচখন চুক্তিৰ ভিতৰত এখন হৈছে মিগ-29 বিমানৰ বাবে এৰো-ইঞ্জিন ক্ৰয়ৰ বাবে হিন্দুস্তান এৰোনেটিক্স লিমিটেডৰ সৈতে । দ্বিতীয়খন হৈছে লাৰ্চেন এন টুব্ৰো লিমিটেডৰ সৈতে ক্ল'জ-ইন ৱেপন ছিষ্টেম (চিআইডব্লিউএছ) ক্ৰয় । ইয়াৰ উপৰি হাই-পাৱাৰ ৰাডাৰ (এইচপিআৰ) ক্ৰয় আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ বাবে ব্ৰহ্মছ মিছাইল ক্ৰয় আৰু জাহাজ বহন কৰা ব্ৰহ্মছ ব্যৱস্থাৰ বাবে জাহাজ ক্ৰয়ৰ বাবে দুখন চুক্তি ।

এই চুক্তিবোৰে থলুৱা সামৰ্থ্য অধিক শক্তিশালী কৰিব, বৈদেশিক মুদ্ৰা ৰক্ষা কৰিব আৰু ভৱিষ্যতে বিদেশী মূলৰ সঁজুলি নিৰ্মাতাসকলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বুলি উল্লেখ কৰা হৈছে ।

মিগ-২৯ বিমানৰ বাবে আৰডি-৩৩ এৰো-ইঞ্জিনৰ চুক্তি হিন্দুস্তান এৰোনেটিক্স লিমিটেডৰ (এইচএএল) সৈতে ৫,২৪৯.৭২ কোটি টকা ব্যয়েৰে স্বাক্ষৰিত হৈছে । এই এৰো-ইঞ্জিনবোৰ এইচএএলৰ কোৰাপুট বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা হ'ব ।

চিআইডব্লিউএছ ক্ৰয়ৰ চুক্তি লাৰ্চেন এণ্ড টুব্ৰো লিমিটেডৰ সৈতে 7,668.82 কোটি টকা ব্যয়েৰে স্বাক্ষৰিত হৈছে । এইচপিআৰ ক্ৰয়ৰ চুক্তি লাৰ্চেন এণ্ড টুব্ৰো লিমিটেডৰ সৈতে ৫,৭০০.১৩ কোটি টকা ব্যয়েৰে স্বাক্ষৰিত হৈছে । ই এলএএফৰ বিদ্যমান দীৰ্ঘ-দূৰত্বৰ ৰাডাৰবোৰৰ সলনি আধুনিক সক্ৰিয় এপাৰচাৰ ফেজড এৰে' ভিত্তিক এইচপিআৰৰ সলনি উন্নত নিৰীক্ষণ সুবিধা প্ৰদান কৰিব ।

ব্ৰাহ্মছ মিছাইল ক্ৰয়ৰ চুক্তি ব্ৰহ্মছ এৰোস্পেচ প্ৰাইভেট লিমিটেডৰ (বিএপিএল) সৈতে ১৯,৫১৮.৬৫ কোটি টকা ব্যয়েৰে স্বাক্ষৰিত হৈছে । এই মিছাইলবোৰ ভাৰতীয় নৌসেনাৰ যুঁজাৰু কাৰ্য আৰু প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব ।

লগতে পঢ়ক :ম্যানমাৰ সীমান্তত বেৰ দিয়াত বিৰোধিতা নাগালেণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.