ETV Bharat / bharat

বেংক নে মালিচ চেণ্টাৰ ? কি চলিছে এইটো সমবায় বেংকত - MP Bank manager video - MP BANK MANAGER VIDEO

MP Bank manager video: এটা সমবায় বেংকত সংঘটিত হৈছে এক আচৰিত ঘটনা । শাখাটোলৈ অহা গ্ৰাহকৰ দ্বাৰা হাত-ভৰি মালিচ কৰোৱাই মেনেজাৰে । এগৰাকী গ্ৰাহকে বেংক মেনেজাৰৰ ভৰি মালিচ কৰি থকা ভিডিঅ' ভাইৰেল হৈ পৰিছে ।

MP Bank manager video
বেংক নে মালিচ চেণ্টাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 1:30 PM IST

নেশ্যনেল ডেস্ক,২১ জুলাই : মধ্য প্ৰদেশৰ দামোহ জিলাত আচৰিত ঘটনা । সমবায় বেংকৰ এটা শাখাক মালিচ চেণ্টাৰলৈ ৰূপান্তৰিত কৰিছে মেনেজাৰে ! গ্ৰাহক আহিলেই হাত-ভৰি মালিচ কৰিবলৈ দিয়ে বেংকটোৰ মেনেজাৰে । মেনেজাৰক এগৰাকী গ্ৰাহকে ভৰি মালিচ কৰি থকা ভিডিঅ' সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । এই ঘটনাটো পাথাৰিয়া অঞ্চলৰ এটা সমবায় বেংকৰ । বেংকটোৰ জেনেৰেল মেনেজাৰে তদন্তৰ ঘোষণা কৰিছে ।

কোৱা হয় যে গ্ৰাহক এজন ঈশ্বৰৰ দৰে, কিন্তু এই বেংক মেনেজাৰৰ বাবে গ্ৰাহক মালিচ কৰা লোক ! ভিডিঅ'টোত দেখাৰ দৰে বেংক মেনেজাৰক এগৰাকী গ্ৰাহকে হাত-ভৰি হেঁচি থকা দেখা গৈছে । কোনো লোকে এই সমগ্ৰ দৃশ্য মোবাইলৰ কেমেৰাত বন্দী কৰি ৰাখিছে । যিটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ আছে । জানিব পৰা মতে এগৰাকী বৃদ্ধ গ্ৰাহক মধ্যাহ্নভোজনৰ সময়ত বেংকত উপস্থিত হৈছিল । তেতিয়া বেংকৰ কৰ্মচাৰীসকল দুপৰীয়াৰ আহাৰ গ্ৰহণত ব্যস্ত আছিল । তেতিয়া বৃদ্ধ লোকজনে বেংকৰ মেনেজাৰ ৰাকেশ জৈনৰ ওচৰলৈ গৈছিল । সেই সময়ত মেনেজাৰজন এখন চকীত জিৰণি লৈ আছিল ।

তাৰ পিচত বেংক মেনেজাৰে সকলো কাম স্থগিত ৰাখি বৃদ্ধ লোকজনক ভৰি মালিচ কৰিবলৈ কৈছিল । ৬০ বছৰীয়া ব্যক্তিজনে বহু সময়ত ধৰি বেংক মেনেজাৰৰ ভৰি মালিচ কৰি থাকিল । বহু সময়ৰ পিচত বেংক মেনেজাৰজনে বৃদ্ধজনক মালিচ কৰিবলৈ বাধা দিছিল । তেতিয়া বৃদ্ধ গ্ৰাহকজন ৰাকেশ জৈনক হাতযোৰ কৰে । বৃদ্ধজনে এই ঘটনা সন্দৰ্ভত কয় যে তেওঁ তেওঁৰ কামৰ বাবে বেংকলৈ গৈছিল । কিন্তু তেওঁ যেতিয়া এটাৰ পিচত আন এটা কাউণ্টাৰলৈ গৈছিল তাত তথা লোকসকলে কৈছিল যে তেওঁলোকে আহৰ গ্ৰহণ কৰা বাবে এতিয়া কাম কৰিব নোৱাৰে । সেইকাৰণে তেওঁ পোনপটীয়াকৈ মেনেজাৰৰ ওচৰলৈ যায় ।

উল্লেখ্য যে কৃষকসকলৰ বাবে এখন সমবায় সমিতি গঠন কৰা হয় । য'ত কৃষকসকলে তেওঁলোকৰ ধন জমা ৰাখে আৰু প্ৰয়োজন হ'লে তাৰ পৰা কৃষি কৰ্মৰ বাবে ঋণ লয় । এই সমিতিবোৰ ডাঙৰ চহৰৰ এটা শাখাৰ সৈতে সংলগ্ন হৈ আছে । পাথাৰিয়াৰ ঝাণ্ডা চকত তেনে এটা শাখা খোলা আছে । য'ত এই ঘটনা সংঘটিত হয় । ঘটনা সন্দৰ্ভত বেংক মেনেজাৰ ৰাজেশ জৈনে কয় যে তেওঁ কাম কৰি ভাগৰি পৰিছিল আৰু তেওঁৰ ভৰিত বিষ হৈছিল । অৱশ্যে বিষয়টো সন্দৰ্ভত বেংকৰ জেনেৰেল মেনেজাৰ অনুপম খাৰে কয় যে তেওঁ বিষয়টো গুৰুতৰভাৱে লৈছে । এতিয়া ঘটনা সন্দৰ্ভত তদন্ত কৰা হ'ব আৰু ব্যৱস্থা লোৱা হ'ব ।

লগতে পঢ়ক :প্ৰতিবছৰে পঞ্জীয়ন হয় হাজাৰ হাজাৰ বিবাহ বিচ্ছেদৰ গোচৰ; নতুন দম্পতীৰ মাজত বুজাবুজিৰ অভাৱ - Divorce Case Issues in India

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.