ETV Bharat / bharat

আজি এইসমূহ ৰাশিৰ প্ৰেমৰ সম্পৰ্ক হ’ব গভীৰ...কৰ্কট ৰাশিৰ পদোন্নতিৰ যোগ...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 24th August

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 12:04 AM IST

Daily Horoscope: আজি ৰাশি সলনি কৰি মেষ ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 24th August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব পাৰে, সেইবাবে আপুনি আজি বৰ উৎসাহ-উদ্দীপনাৰে সৈতে নিজৰ কামবোৰ শেষ কৰিব ৷ ধনৰ ক্ষেত্ৰত আজি শুভ ৷ আজি আপুনি নিজৰ পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে দিন কটাব ৷ মাতৃৰ পৰা কোনো লাভ পোৱাৰ সম্ভাৱনা আছে ৷ আজি আপোনাৰ ঘৰত বন্ধু আৰু আত্মীয়-স্বজনৰ উপস্থিতিয়ে আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব ৷

বৃষ ৰাশি: আজি আপোনাৰ মূলমন্ত্ৰ হওক সাৱধানতা ৷ সকলো প্ৰকাৰৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব ৷ আপোনাৰ স্বাস্থ্য বেয়া হ’ব পাৰে ৷ চকু সম্বন্ধীয় সমস্যা দেখা দিব পাৰে ৷ আজি যি কামেই হাতত ল’ব, সেয়াই অসম্পূৰ্ণ হৈ ৰ’ব ৷ ভবাতকৈ অধিক ব্যয় হ’ব পাৰে৷ আপুনি সফল হ’ব বিচাৰিলে আপোনাক কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ আপোনাৰ দুৰ্ঘটনা হ’ব পাৰে ৷ সাৱধানে থাকক ৷

মিথুন ৰাশি: প্ৰচুৰ লাভৰ যোগ ৷ বিবাহ কৰাৰ কথা ভাবি আছে যিসকলে তেওঁলোকে আদৰ্শ জীৱনসংগী পাব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ বন্ধুৰ সৈতে সাক্ষাৎ আনন্দদায়ক হ’ব ৷ তেওঁলোকৰ পৰা আপুনি উপকৃতও হ’ব পাৰে ৷ তদুপৰি আপুনি নিজৰ ভাই-ভনী, পত্নী আৰু পুত্ৰৰ পৰাও উপকৃত হ’ব ৷ বন্ধুৰ বাবে কিবা কাম কৰিব পাৰে ৷ আপোনাৰ সন্তানৰ পৰা ভাল খবৰ পাব পাৰে৷ নিজৰ বৃত্তিৰ জগতত লাভৱান হ’ব ৷ মহিলাসকলৰ মাজত থকাৰ বিলাসীতাই দিনটোক আকৰ্ষণীয় কৰি তুলিব ৷

কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ মনৰ বাবে অনুকূল ৷ আজি আপুনি সকলো কাম সহজতে সম্পন্ন কৰিব পাৰিব ৷ আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ কামত আনন্দ পাব ৷ আপোনাৰ পদোন্নতিৰ যোগ আছে ৷ আপুনি আজি নিজৰ ঊৰ্ধ্বতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব পাৰে ৷ খোলা মনেৰে আপুনি হয়তো আজি নিজৰ পৰিয়ালৰ লোকৰ সৈতেও আলাপ-আলোচনা কৰিব পাৰে ৷ অফিচৰ কামত ভ্ৰমণ হ’ব পাৰে ৷ চৰকাৰী লাভ আৰু সুযোগ পোৱাৰ সম্ভাৱনা আছে আজি ৷ আজি গোটেই দিনটো শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব ৷

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ আগতে আপুনি যি লক্ষ্যস্থিৰ কৰি থৈছে, সেয়া আজি পূৰণ হ’ব পাৰে ৷ আজি আপোনাৰ মনোভাৱ বাস্তৱবোধ সম্পন্ন হ’ব পাৰে ৷ ধৰ্মীয় কাৰ্যকলাপে আপোনাক ব্যস্ত ৰাখিব পাৰে ৷ তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ আপুনি সামান্য আগ্ৰাসী হৈ উঠিব পাৰে ৷ বিদেশত বসবাস কৰা আত্মীয়-স্বজনৰ খা-খবৰ পাব পাৰে ৷ আপুনি খুব সম্ভৱ মানসিক অস্থিৰতাত ভুগিব পাৰে ৷ সন্তান সম্বন্ধীয় দুশ্চিন্তাত আপুনি ভুগিব পাৰে ৷ ব্যৱসায়ীসকলে কিছু বাধাৰ সন্মূখীন হ’ব পাৰে ৷

কন্যা ৰাশি: আজি নতুন কাম হাতত লোৱাৰ বাবে দিনটো শুভ ৷ নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিব লাগিব আপুনি ৷ জাংক ফুড আৰু ৰেষ্টুৰেণ্টত খোৱা-লোৱা বিশেষকৈ এৰাই চলক ৷ নিজৰ মুখত লেকাম টানি ৰাখক কিয়নো আজি আপোনাৰ মূৰ হঠাতে গৰম হৈ যাব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কোনো ডাঙৰ কৰাৰ পৰা দূৰত থাকক ৷ সম্ভৱ হ’লে পানীৰ পৰা দূৰত থাকক ৷ ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে ৷ বে-আইনী বা চৰকাৰ-বিৰোধী কাম-কাজত লিপ্ত নহ’ব ৷ কাজিয়া-বিবাদৰ পৰা আঁতৰি থাকক৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ আনন্দেৰে পাৰ হ’ব৷ আপোনাৰ বন্ধু আৰু পৰিয়ালৰ লোকে আপোনাৰ ভ্ৰমণক স্মৰণীয় কৰি তুলিব ৷ নতুন কানি কাপোৰ কিনিব পাৰে ৷ আজি গোটেই দিনটো আপুনি মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হৈ থাকিব ৷ সামাজিক সন্মান লাভ কৰিব পাৰে ৷ সংগীৰ সৈতে সম্পৰ্ক আৰু অধিক গভীৰ হ’ব ৷ ৰোমাণ্টিকভাৱে দিনটো কটাবলৈ সংগীৰ সৈতে বাহিৰত ক’ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিলে ভাল হয় ৷

বৃশ্চিক ৰাশি: ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দপূৰ্ণ হৈ থাকিব ৷ আজি আপুনি দিনটো শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব ৷ বিশাল ব্যয় বা বিলাসীতাৰ নামত ব্যয় হোৱাৰ সম্ভাৱনা নাই ৷ অসুস্থতাত ভুগি থকা লোকসকলে আজি কিছু সুস্থ বোধ কৰিব পাৰে ৷ আপোনাৰ শত্ৰুসকলে আজি পৰাজিত হ’ব ৷ অফিচত সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ পিতৃ-মাতৃৰ পৰা খা-খবৰ পাব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ যিবোৰ কাম শেষ নোহোৱাকৈ ৰৈ আছে, সেইবোৰ আজি শেষ কৰিব পাৰিব ৷

ধনু ৰাশি: আজি ভ্ৰমণ এৰাই চলক ৷ আজি গোটেই দিনটো সন্তানৰ স্বাস্থ্য আৰু শিক্ষাক লৈ উদ্বিগ্ন হৈ থাকিব ৷ নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক, অন্যথা আপুনি নিজৰ কাম শেষ কৰিব নোৱাৰা হ’ব ৷ আজি আপুনি কোনো বিষয়ক লৈ কল্পৰাজ্যত বিচৰণ কৰিব ৷ সাহিত্যৰ প্ৰতি আকৃষ্ট হ’ব পাৰে ৷ প্ৰিয়জনৰ সৈতে সময় কটোৱাটো বৰ উত্তেজনাপূৰ্ণ হ’ব ৷ সংগীৰ সৈতে ৰোমাণ্টিক সময় কটাবলৈ ফুৰিবলৈ যোৱাৰ যোগ আছে ৷ বুদ্ধিজীৱী আলোচনাৰ পৰা দূৰত থাকক ৷

মকৰ ৰাশি: আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হৈ নাথাকিবও পাৰে ৷ প্ৰাণচঞ্চল ঘৰুৱা পৰিৱেশে আপোনাক নষ্টালজিক কৰি পেলাব ৷ আজি আপুনি উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব পাৰে ৷ প্ৰিয়জনৰ সৈতে বিবাদত জড়িত হৈ পৰিব পাৰে, যাৰ ফলত এক প্ৰতিকূল পৰিৱেশৰ সৃষ্টি হ’ব পাৰে ৷ বুকুৰ বিষে কষ্ট দিব পাৰে আপোনাক ৷ আজি আপোনাৰ টোপনি ভাল হ’ব ৷ নাৰীৰ পৰা সাৱধান ৷ পানীৰ পৰা দূৰত থাকক ৷

কুম্ভ ৰাশি: আজি আপুনি মানসিকভাৱে প্ৰফুল্ল অনুভৱ কৰিব পাৰে ৷ দুশ্চিন্তা এৰাই চলক৷ আজি ভাই-ভনীৰ সৈতে কোনো অনুষ্ঠান বা কোনো ভ্ৰমণৰ আয়োজন কৰিব পাৰে ৷ ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপুনি আজি বৰ ভাল সময় কটাব ৷ বন্ধু আৰু প্ৰিয়জনৰ সৈতে সাক্ষাৎকাৰ হ’ব পাৰে ৷ আপুনি ওচৰে-পাজৰে ক’ৰবাত ফুৰিবলৈ যাব পাৰে ৷ আপোনাৰ শত্ৰুসকলে আজি আপোনাৰ ওচৰত সেও মানিব ৷ নাৰীভাগ্য আপোনাৰ আজি উজ্জ্বল ৷ আপোনাৰ প্ৰতি আপোনাৰ সংগীৰ প্ৰেম আৰু দুগুণ বৃদ্ধি হ’ব ৷

মীন ৰাশি: প্ৰয়োজনৰ তুলনাত অধিক ব্যয় হ’বলৈ নিদিব ৷ আকৌ কোনেও যাতে আপোনাৰ আচৰণত আঘাত নাপায় তাৰ বাবে নিজৰ কথা-বতৰা আৰু আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক ৷ ধন সম্বন্ধীয় বিষয়ত আজি সতৰ্ক থাকক ৷ আজি গোটেই দিনটো আপোনাৰ মানসিক আৰু শাৰীৰিক অৱস্থা মধ্যমীয়া হৈ থাকিব ৷ নেতিবাচক চিন্তা ত্যাগ কৰক ৷ অধিকভোজন এৰাই চলক ৷

লগতে পঢ়ক: এই সপ্তাহত ধনৰ লেনদেন কৰোঁতে সাৱধান হওক এই ৰাশিৰ লোক...এইসকল লোকৰ বাবে খোল খাব উপাৰ্জনৰ পথ...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.