ETV Bharat / health

আপুনি হয়তো পূৰ্বে কেতিয়াও শুনা নাই নহৰু দিয়া চাহৰ এই আচৰিত গুণসমূহ - Garlic Tea

author img

By ETV Bharat Health Team

Published : Sep 10, 2024, 12:30 PM IST

Garlic Tea Benefits: ভাৰতত নহৰু দিয়া চাহ খোৱাটো ইমান সাধাৰণ কথা নহয়, কিন্তু যদি আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে এবাৰ জানি লয় তেন্তে আপুনি নিশ্চিতভাৱে প্ৰতিদিনে পুৱা এই চাহ খাব । এই চাহ ঘৰতে প্ৰস্তুত কৰাৰ পদ্ধতি তথা উপকাৰিতা জানি লওক-

The anti-viral properties present in garlic tea will eliminate these diseases
আপুনি হয়তো পূৰ্বে কেতিয়াও শুনা নাই নহৰু দিয়া চাহৰ এই আচৰিত গুণসমূহ (ETV Bharat)

এতিয়ালৈকে আপুনি হয়তো আদা দিয়া বা আন ধৰণৰ চাহ খাইছিল, কিন্তু আজি আমি আপোনালোকক ক’বলৈ ওলাইছো নহৰু দিয়া চাহৰ আচৰিত উপকাৰিতাৰ বিষয়ে ৷ নহৰু দিয়া চাহ খালে বহু উপকাৰিতা পাব পাৰি ৷ এই চাহে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণৰ কাম কৰে ৷ ইয়াৰ উপৰিও বহুতো ইয়াৰ এনে বহু উপকাৰিতা আছে যিবোৰৰ বিষয়ে আপুনি হয়তো জ্ঞাত নহয় ৷ আজি আমি সেই উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম ৷

নহৰু দিয়া চাহ খোৱাৰ ৭টা উপকাৰিতা

ডায়েটিচিয়ান আয়ুষী যাদৱে জনোৱা মতে, নহৰুৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণ আছে ৷ ইচ্ছা কৰিলে নহৰু দিয়া চাহত আদা আৰু দালচেনিও আপুন দিব পাৰে ৷ যাতে স্বাস্থ্য উপকাৰিতা দুগুণ বৃদ্ধি হ’ব পাৰে আৰু চাহৰ সোৱাদো বৃদ্ধি কৰিব পাৰে ৷

১) ডায়েবেটিছ ৰোগীৰ বাবে নহৰু দিয়া চাহ অতি উপকাৰী ৷ ইয়াৰ ফলত শৰীৰত তেজত শৰ্কৰাৰ মাত্ৰাও হ্ৰাস পায় ৷ বিপাকীয় অৱস্থাতো ই সহায় কৰে ৷

২) নহৰু চাহ সেৱন কৰিলে শৰীৰৰ পৰা দূষিত পদাৰ্থসমূহ আঁতৰাব পাৰি ৷

৩) নহৰু চাহ খালে ওজন কমোৱাত সহায় হয় ৷ এই চাহে আপোনাৰ শৰীৰৰ বেছিভাগ অংশতে চৰ্বি দ্ৰৱীভূত কৰাৰ কাম কৰে ৷ ইয়াত বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰা গুণ পোৱা যায়, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে ৷

৪) নহৰু চাহে হৃদযন্ত্ৰৰ স্বাস্থ্যও উন্নত কৰিব পাৰে ৷ ইয়াক সেৱন কৰিলে ৰক্ত সঞ্চালন উন্নত হয়, বেয়া কলেষ্টেৰলৰ মাত্ৰাও হ্ৰাস পায় ৷ যাৰ বাবে হৃদৰোগৰ পৰা হাত সাৰিব পাৰি ৷

৫) নহৰু চাহ খালে শ্বাস-প্ৰশ্বাসজনিত ৰোগ প্ৰতিৰোধ কৰিব পাৰি ৷ শীতকালত জ্বৰ আৰু কাহ নিৰাময়ৰ বাবেও ইয়াক সেৱন কৰিব পাৰি ৷

৬) এই চাহ এবিধ শক্তিশালী এন্টিবায়টিক পানীয়, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷

৭) নহৰু চাহ খালে শৰীৰৰ প্ৰদাহ কম কৰাত সহায় কৰে ৷

নহৰু চাহ কেনেকৈ বনাব ?

নহৰু দিয়া চাহ তৈয়াৰ কৰিবৰ বাবে আপুনি প্ৰথমে এটা বাচন লৈ লওক ৷ তাত একাপ পানী উতলাই লওক ৷ কিছুসময়ৰ পাচত নহৰুখিনি থেতেলিয়াই দি তাত দিব ৷ ইয়াৰ লগতে এচামুচ জালুক দি তাৰ পিছত চাহখিনি পাঁচ মিনিট উতলিবলৈ দিব ৷ পাঁচ মিনিটৰ পিছত গেছ বন্ধ কৰি এটা পাত্ৰত চাহখিনি চেকি লওক ৷ এইদৰে আপোনাৰ চাহ সাজু হ’ব ৷

Ref:-https://www.ncbi.nlm.nih.gov/pmc/articles/PMC7402177/

লগতে পঢ়ক: চাহ-কফিৰ মাজত কোনবিধ শৰীৰৰ বাবে উত্তম ? বিশেষজ্ঞই কি কয় জানি লওক - Tea vs Coffee

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.