ETV Bharat / bharat

কন্যা ৰাশি আজি মৌন হৈ থকাই শ্ৰেয়...ধনুৰ ওপৰত আকৌ আজি আশীৰ্বাদৰ বৰষুণ...কেনেদৰে যাব আজিৰ দিনটো ? - HOROSCOPE TODAY 19TH JUNE

author img

By ETV Bharat Features Team

Published : Jun 19, 2024, 12:50 AM IST

Daily horoscope : কোনোৱে যদি নতুন কাম হাতত লোৱাৰ বাবে শুভ সময়, আন কোনোৱে আকৌ গভীৰ চাপৰ মাজেৰে পাৰ কৰিব লাগিব দিনটো ৷ জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

daily  horoscope  for  19th  june  2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat) (ETV Bharat)

মেষ ৰাশি : নতুন পোছাক আৰু গহনা ক্ৰয় কৰাৰ সম্ভাৱনা আছে । বন্ধুৰ লগত বজাৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । খোৱা, কিনাৰ মাজেৰে দিনটো আনন্দেৰে পাৰ হ’ব । অত্যধিক ব্যয় হৈছে বুলি অনুভৱ কৰিব পাৰে । সামাজিক খ্যাতি বৃদ্ধি পাব । আবেলিলৈ অলপ বেয়ালগা অনুভৱ কৰিব পাৰে । নতুনকৈ লগ পোৱা মানুহৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ আগত সাৱধান । বিৰোধীৰ চকু আপোনাৰ ওপৰত, সতৰ্ক থাকক । স্বাস্থ্যৰ যত্ন লওক ।

বৃষ ৰাশি : দিনটো ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক হ’ব । ব্যৱসায়ীক দিশত প্ৰতিদ্বন্দ্বীক হৰুৱাই নিজৰ অৱস্থা টনকিয়াল কৰিব পাৰে । সহকৰ্মীৰ পৰা সহায় বিচাৰিব পাৰে, উপকৃত হ’ব । বন্ধুৰ লগত চিনেমা চাই বা পিকনিকলৈ গৈ আবেলিৰ সময়খিনি আনন্দেৰে কটাব পাৰে ।

মিথুন ৰাশি : এটা সাধাৰণ দিন । নতুন কামক স্থগিত কৰিব পৰা প্ৰতিবন্ধকতাই দেখা দিব পাৰে, সামাজিক যোগাযোগ সীমিত হ’ব আৰু সন্তানৰ চিন্তাই আমনি কৰিব ৷ শান্ত আৰু আৰামদায়ক সন্ধিয়া এটা উপভোগ কৰিব পাৰিব । ঘৰুৱা পৰিবেশ বন্ধুত্বপূৰ্ণ হৈ থাকিব আৰু কোনো সৃজনশীল কামৰ বাবে প্ৰেৰণা লাভ কৰিব । আৰ্থিক লাভৰ সম্ভাৱনা আছে ।

কৰ্কট ৰাশি : দিনটো গভীৰ চাপৰ মাজেৰে পাৰ হোৱাৰ যোগ ৷ বিৰক্তি আৰু অলসভাৱে আপোনাক অশান্তি দিব । দুদোল্যমান মনটোক নিয়ন্ত্ৰণ কৰি শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ মনটো ঠিৰ কৰক । যাত্ৰা কৰাৰ পৰা বিৰত থাকক ৷ দিনটো কাৰ্যালয়ৰ কামৰ বাবে উপযুক্ত সময় নহয় । মাতৃৰ শৰীৰৰ অৱনতি ঘটিব পাৰে, যত্ন লওক । আজি নতুন কাম হাতত ল’লে সফলতা নাপাবও পাৰে । গান শুনক, ই আপোনাক শান্ত কৰিব আৰু চৌপাশৰ পৰিবেশ আৰামদায়ক কৰি তুলিব ।

সিংহ ৰাশি : যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে, আজিৰ দিনটো তাৰ বাবে অতি শুভ । বিনিয়োগৰ বাবেও উপযুক্ত সময় । দুপৰীয়ালৈ অধিক আবেগিক হৈ পৰিব পাৰে, যিয়ে আপোনাক হতাশ আৰু উদাস কৰাৰ সম্ভাৱনা আছে । মাতৃৰ শৰীৰৰ যতন লওক । ঘৰ বা সম্পত্তিৰ লেনদেন সম্পূৰ্ণ কৰিবৰ বাবে আজিৰ দিনটো শুভ নহয় । সতৰ্ক হৈ থাকক ।

কন্যা ৰাশি : আজি আপুনি মনে মনে থকাই উচিত ৷ চকু আৰু কাণ খোলা ৰাখক কিন্তু মুখ বন্ধ কৰি থাকিলেই দিনটো শান্তিৰে পাৰ হৈ যাব । প্ৰাৰম্ভিক অধ্যয়ন নকৰাকৈ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব । স্বাস্থ্যৰ দিশত শুভ । আজৰি সময়ত আপুনি পৰিয়াল কেন্দ্ৰিক গুৰুত্বপূৰ্ণ আৰু বৌদ্ধিক চৰ্চা কৰিব পাৰে । কষ্টোপাৰ্জিত ধন বিনিয়োগৰ বাবে ভাল দিন । দৰ্শনীয় স্থানত পিকনিকৰ পৰিকল্পনাৰে সন্ধিয়া সময়খিনি কটাওক ।

তুলা ৰাশি : দিনটো সাধাৰণভাৱেই পাৰ হ’ব ৷ পুৱা খোজ কাঢ়িবলৈ গ’লে অধিক আনন্দিত অনুভৱ কৰিব । নতুন পোছাক আৰু গহনা ক্ৰয় কৰি নিজকে সন্তুষ্ট কৰক, একে সময়তে ব্যয়ৰ প্ৰতিও লক্ষ্য ৰাখক ৷ অপ্ৰয়োজনীয় বস্তুত ব্যয় কৰাৰ সম্ভাৱনা আছে । পৰিয়ালৰ লগত থকা দূৰত্ব কথা পাতি দূৰ কৰিব পাৰে । কামৰ মাজত আপোনাৰ অহংকাৰক আহিবলৈ নিদিব ৷ মানুহৰ লগত বুজাপৰা ৰাখি কথা পাতক ।

বৃশ্চিক ৰাশি : এটা ইতিবাচক দিন । নিৰাশাবাদী মনোভাৱক দূৰত ৰাখক । আইনী কামকাজসমূহ নিজৰ গতিত আগবাঢ়িবলৈ দিয়ক । আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । দিনটোৰ পিছভাগলৈ পৰিস্থিতি উন্নত হ’ব পাৰে । আপুনি উত্‍সাহী আৰু আত্মবিশ্বাসী অনুভৱ কৰিব আৰু সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব । চিনেমা বা খেলাধূলাৰ দৰে বিনোদনশীল কাৰ্যত ব্যয় হ’ব পাৰে ।

ধনু ৰাশি : আশীৰ্বাদৰ বৃষ্টি হ’ব আজি আপোনাৰ ওপৰত ৷ দিনটো আপোনাৰ বাবে লাভপূৰ্ণ হ’ব । আয় বা লাভ বৃদ্ধি হৈ আৰ্থিকভাৱে উপকৃত হোৱাৰ সম্ভাৱনা আছে । অত্যধিক ব্যয় নকৰিব । সামাজিক অনুষ্ঠান আৰু যোগাযোগত নিজকে সক্ৰিয়ভাৱে নিয়োজিত কৰি ৰাখক । মানুহৰ লগত কথা-বতৰা পাতোতে আপুনি শান্ত আৰু ধৈৰ্যশীল হ’ব লাগিব ৷ কিয়নো আপোনাৰ সোনকালে খং উঠা প্ৰবৃত্তিয়ে এটা ভাল সুযোগ নষ্ট কৰিব পাৰে । গাড়ী চলাওতে সতৰ্ক থাকক আৰু কোনো ট্ৰেফিক নিয়ম ভংগ নকৰিব; দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ।

মকৰ ৰাশি : আপুনি বিচৰা সকলো পাব । সম্পত্তি বিষয়ক লেনদেনৰ বাবে এক উপযুক্ত সময় । কৰ্মস্থলীত কাম আৰম্ভ কৰি সম্পূৰ্ণ কৰিব পাৰিব আপুনি । শীৰ্ষজনক প্ৰভাৱ কৰিব পাৰিব নিজৰ কামেৰে । পদোন্নতিৰ সুযোগ আছে । সম্বন্ধসমূহ জীপাল কৰি তুলিবলৈ সোণালী সময়খিনি পৰিয়াল আৰু বন্ধুৰ লগত কটাওক । আপোনাৰ সপোন পূৰণ কৰাৰ সময় এয়া ।

কুম্ভ ৰাশি : পেছাদাৰী লোকসকলে দিনটোৰ আৰম্ভণিতে সাৱধানতা অবলম্বন কৰিব লগা হ’ব পাৰে । কনিষ্ঠ আৰু জ্যেষ্ঠজনৰ সৈতে ভাৱ আদান-প্ৰদানৰ সময়ত শান্ত হৈ থাকক; ই উপকৃত কৰিব । মধ্যাহ্নৰ পিছত কৰ্মস্থলীত পৰিবেশ আপোনাৰ পক্ষতে থাকিব । ঘৰতো শান্তিপূৰ্ণ পৰিবেশে আপোনাক আনন্দিত আৰু উত্‍সাহিত কৰিব । প্ৰমোদ ভ্ৰমণ বা কামৰ বাবে দীঘলীয়া ভ্ৰমণ কৰিব লগা হ’ব পাৰে । ধৰ্মীয় স্থান দৰ্শন কৰাৰ সম্ভাৱনা আছে ।

মীন ৰাশি : নিজকে অধিক ভালদৰে জানিবলৈ প্ৰচেষ্টা কৰাৰ সম্ভৱনা আছে ৷ সৃষ্টিমূলকভাৱে আজি আত্ম নিৰীক্ষণত ব্যস্ত হৈ থাকিব আপুনি । চিন্তাধাৰাক মুক্ত কৰক আৰু লিখা-পঢ়া কৰি নিজৰ মনৰ ভাৱ ব্যক্ত কৰক । ভৌতিক বিষয়ৰ উপৰিও ধনাত্মক বিষয়ত আপুনি আগ্ৰহী হোৱাৰ সম্ভাৱনা আছে । কিছু সময় মৌন হৈ থাকি নিজকে নিৰীক্ষণ কৰক ৷ আত্মবিশ্লেষণে বহু কথাৰ সমাধান দিয়ে । কৰ্মস্থলীত সতৰ্ক হৈ থাকক । সহকৰ্মী আৰু জ্যেষ্ঠকৰ্মীসকলৰ লগত দীঘলীয়া আলোচনাৰ পৰা আঁতৰত থাকক । স্বাস্থ্যৰ যত্ন লওক ।

লগতে পঢ়ক : কুম্ভ-মিথুন-সিংহ ৰাশিয়ে লাভ কৰিব চাকৰিৰ সুযোগ...ধনু ৰাশিৰ বিবাহৰ যোগ...কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.