মেষ ৰাশি : আপোনাৰ গ্ৰহ শুভ ৷ আপুনি কোনো অনুষ্ঠানত প্ৰিয়জনৰ লগত ভাগ ল’ব পৰে ৷ ধন আগমনৰ যোগ ৷ ব্যৱসায়ৰ পৰিকল্পনা কৰিবলৈ লৈছে যদি সাৱধান হওক ৷ শৰীৰ আৰু মন সুস্থ ৰাখক ৷ শান্ত থাকক ৷
বৃষ ৰাশি : উদ্বিগ্নতাৰ ফলত মনৰ স্থিৰতা হেৰুৱাব পাৰে ৷ পৰিয়ালৰ লগৰ তৰ্ক বিতৰ্ক নকৰিব ৷ কৰ্মফলত ব্যৰ্থ হ’ব পাৰে ৷ আৰ্থিক দিশত অশুভ ৷ বুদ্ধিমত্তাৰ পৰিচয় দিয়ক ৷
মিথুন ৰাশি : ব্যবসায়ীৰৰ বাবে লাভজনক দিন ৷ ব্যৱসায়ত লাভ ৷ পদোন্নতিৰ যোগ আছে ৷ বিবাহযোগ্য ব্যক্তি সকলে জীৱন সংগী বিচাৰি পাব ৷ আপোনাৰ স্বামী আৰু পুত্ৰৰ পৰা ভাল খবৰ পাব ৷
ককৰ্ট ৰাশি : শুভ দিন ৷ চাকৰিয়াল আৰু ব্যবসায়ীৰ পদোন্নতি হ’ব পাৰে ৷ নিজকে সতেজ অনুভৱ কৰিব ৷ মাতৃৰ পৰা সহায় লাভ কৰিব ৷ ধন আগমনৰ যোগ আছে ৷
সিংহ ৰাশি: অস্থিৰ হৈ থাকিব ৷ সফলতা লাভ কৰিবলৈ অত্যধিক কষ্ট কৰিব লগা হ’ব ৷ পেটৰ বিষত ভুগিব পাৰে ৷ সাৱধানে থাকক ৷
কন্যা ৰাশি : দিন বৰ ভাল নহয় ৷ শান্ত হৈ থাকক আৰু ধৈৰ্য ধৰক ৷ খঙৰ ফলত শৰীৰ বেয়া হ’ব ৷ সাৱধানে থাকক, বেআইনী আৰু অনৈতিক কামৰ পৰা আঁতৰত থাকক ৷ ব্যয় বৃদ্ধি হ’ব ৷
তুলা ৰাশি : দিনটো শুভ ! পৰিয়ালৰ লগত সামাজিক অনুষ্ঠানলৈ যাব পৰে ৷ সন্মান বৃদ্ধি হ’ব ৷ ব্যৱসায়ীসকলৰ পদোন্নতি ৷
বৃশ্চিক ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ লগত সুন্দৰ সময়কটাওক ৷ ভাল খবৰে আপোনাক আনন্দিত কৰিব ৷ গ্ৰহৰ প্ৰভাৱত আপোনাৰ ধন আগমন হ’ব ৷
ধনু ৰাশি : হজম কৰাৰ ঔষধ খাওক ৷ কামত বাধা ৷ মনটো চিন্তা আৰু উদ্দেগ মুক্ত কৰিবলৈ আপুনি সাহিত্য চৰ্চা কৰক বা আন কলাসুলভ কাম কৰক ৷ ভ্ৰমনৰ পৰিকল্পনা বাতিল কৰক ৷
মকৰ ৰাশি : টোপনি পূৰ নোহোৱাৰ বাবে এলেহুৱা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক ৷ অপমান আৰু সন্মান হানিৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হব পাৰে ৷
কুম্ভ ৰাশি : এটা আনন্দপূৰ্ণ দিন ৷ শৰীৰ সুস্থ ৷ ভ্ৰমনৰ পৰিকল্পনা কৰিব পাৰে ৷
মীন ৰাশি : এটা মিশ্ৰিত দিন ৷ খং নিয়ন্ত্ৰণ কৰক ৷ অযথা তৰ্কা-তৰ্কি নকৰিব ৷ খাদ্যাভাস সলনি কৰক নহ’লে অসুখত ভুগিব পাৰে ৷