ETV Bharat / bharat

বিপদজনক হ’ব পাৰে অনলাইনত চাকৰিৰ সন্ধান : ব্য়ক্তিগত তথ্য় হেকাৰৰ হাতত পৰা সম্ভাৱনা - CYBER CRIME ON JOB PORTAL

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 12:53 PM IST

Fraud in Online Job Search: যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে বিভিন্ন প’ৰ্টেল আৰু এপৰ জৰিয়তে চাকৰিৰ অনুসন্ধানৰ প্ৰৱণতা ৷ চাইবাৰ অপৰাধীসকলে টাৰ্গেট কৰি লৈছে এনে চাকৰি সন্ধানী যুৱক-যুৱতীসকলক ৷ এই প্ৰৱঞ্চনাৰ পৰা কেনেদৰে হাত সাৰিব পাৰি, পঢ়ক আমাৰ এই প্ৰতিবেদনত ৷

CYBER CRIME ON JOB PORTAL
বৃদ্ধি পাইছে চাইবাৰ অপৰাধ (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 9 আগষ্ট : বিজ্ঞান-প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰৰ মাজত যুৱচামৰ মাজত বৃদ্ধি পাইছে অনলাইনত চাকৰিৰ সন্ধান কৰাৰ প্ৰৱণতা ৷ যাৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰে বিভিন্ন চাকৰি সংক্ৰান্তীয় প’ৰ্টেল আৰু এপ ৷

লগতে পঢ়ক: মহিলা বেংক মেনেজাৰক ভিডিঅ' কলত ব্যস্ত ৰাখি চাইবাৰ অপৰাধীয়ে লুটিলে 17 লাখ টকা - Bank Manager Digital Arrest Case

পিছে আজিকালি অধিক সক্ৰিয় হৈ পৰা চাইবাৰ অপৰাধীসকলে টাৰ্গেট কৰি লৈছে যুৱচামক ৷ ইণ্টাৰনেটৰ জৰিয়তে সক্ৰিয় হৈ চাইবাৰ প্ৰৱঞ্চকসকলে চাকৰি প্ৰত্যাশীৰ পৰা সংগ্ৰহ কৰি গৈছে ধন ৷ চাকৰিৰ প’ৰ্টেলত চাইবাৰ প্ৰৱঞ্চকসকলে ভুৱা প্ৰফাইল সৃষ্টি কৰি চাকৰি বিচাৰি থকা যুৱক-যুৱতীসকলক প্ৰতাৰণা কৰাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ এনে পৰিস্থিতিত কিছু সাৱধানতা অৱলম্বন কৰি হাত সাৰিব পাৰি চাইবাৰ প্ৰৱঞ্চনাৰ পৰা ৷

চাইবাৰ প্ৰৱঞ্চকসকলে এনেদৰে কৰে প্ৰৱঞ্চনা :

চাইবাৰ প্ৰৱঞ্চকসকলে চাকৰিৰ প’ৰ্টেল আৰু এপবোৰত ভুৱা প্ৰফাইল সৃষ্টি কৰি লক্ষ্য কৰি লয় চাকৰি সন্ধানী যুৱক-যুৱতীসকলক ৷ তেওঁলোকে এনেধৰণৰ প্ৰফাইলৰ সৈতে যুৱচামক চাকৰি প্ৰদান কৰাৰ অজুহাতত মেছেজৰ জৰিয়তে যোগাযোগ কৰে । মোটা অংকৰ দৰমহাৰ অজুহাতত প্ৰৱঞ্চকসকলে প্ৰাৰ্থীৰ ব্যক্তিগত তথ্য গ্ৰহণ কৰি পঞ্জীয়নৰ নামত দাবী কৰে ধন ।

পঞ্জীয়নৰ নামত দাবী কৰে ধন :

তথ্য় অনুসৰি, ৰাজস্থানৰ জয়পুৰৰ এগৰাকী যুৱতীয়ে দীৰ্ঘদিনৰে পৰা বিচাৰি আছিল এটা ভাল চাকৰি । ইয়াৰ বাবে তেওঁ এটা এপ্পত পোষ্ট কৰিছিল । ইয়াৰ পিছতে যুৱতীগৰাকীয়ে লাভ কৰিছিল এটা কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ ৷ কোম্পানীটোৱে নিজৰ প্ৰফাইলত শ্বেয়াৰ কৰিছিল কিছুসংখ্যক ফটো আৰু ভিডিঅ’ ।

তাৰ পিছত তেওঁ পঞ্জীয়নৰ নামত জমা দিয়ে দুই হাজাৰ টকা ৷ এই ধন জমা দিয়াৰ কিছুসময়ৰ পিছতে সেই কোম্পানীটোৰ প্ৰফাইল নিৰ্দিষ্ট এপটোৰ পৰা নাইকিয়া হৈ যায় ৷ ইয়াকে দেখি হতবাক হৈ পৰে যুৱতীগৰাকী ৷

ধন জমা দিয়াৰ পিছতে প্ৰৱঞ্চনা :

এজন যুৱকে অনলাইনৰ জৰিয়তে এটা চাকৰি সন্ধান এপৰ পৰা পাইছিল চাকৰিৰ প্ৰস্তাৱ ৷ যুৱকজনক দিয়া হৈছিল মাৰ্কেটিং মেনেজাৰৰ পদ ৷ কোম্পানীটোৰ এইচ আৰ (HR) হিচাপে আত্মপ্ৰকাশ কৰি চাইবাৰ প্ৰৱঞ্চকে বেংক একাউণ্টকে ধৰি অন্যান্য তথ্যসমূহ বিচাৰিছিল যুৱকজনৰ পৰা ৷

লগতে পঞ্জীয়নৰ নামত দাবী কৰিছিল তিনি হাজাৰ টকা । মোটা অংকৰ দৰমহাৰ লোভত যুৱকজনে জমা দিছিল তিনি হাজাৰ টকা ৷ ইয়াৰ পিছতে যুৱকজনে চাইবাৰ অপৰাধীৰ দ্বাৰা প্ৰৱঞ্চনাৰ বলি হোৱা বুলি জানিব পাৰে ৷

লগতে পঢ়ক: প্ৰায় ৬ লাখ ছিমকাৰ্ড বন্ধ কৰিলে চৰকাৰে: কিয় এই পদক্ষেপ ? - MHA on Cyber Crime

প্ৰৱঞ্চকে লুটিলে 120 কোটি টকা : গমেই নাপালে বেংক কৰ্তৃপক্ষই - Cyber fraud in Union Bank

পাছৱৰ্ড পৰিচালনা কৰাৰ সৰ্বোত্তম উপায় : অধিক পাছৱৰ্ড মনত ৰাখিবলৈ কি কৰা উচিত - Tips to remember too many passwords

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.