ETV Bharat / bharat

মণিপুৰৰ জিৰিবামত এম্বুছত নিহত চি আৰ পি এফ জোৱান, মুখ্যমন্ত্ৰীৰ গৰিহণা - Manipur Violence

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 3:26 PM IST

Updated : Jul 14, 2024, 10:59 PM IST

Ambushed In Manipur : মণিপুৰৰ জিৰিবাম জিলাত মণিপুৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা যৌথ দলক লক্ষ্য কৰি অচিনাক্ত অস্ত্ৰধাৰী দুৰ্বৃত্তই আক্ৰমণ কৰে। এই ঘটনাত নিহত হৈছে এজন চি আৰ পি এফ জোৱান । এই ঘটনাক তীব্ৰ গৰিহণা দিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৷

Ambushed In Manipur
চি আৰ পি এফৰ জোৱানৰ মৃত্যু (ETV BHARAT ASSAM)

কাছাৰ/তেজপুৰ, 14 জুলাই : মণিপুৰত এতিয়াও অব্যাহত আছে হিংসাজৰ্জৰ পৰিস্থিতি ৷ দেওবাৰে মণিপুৰত পুনৰ সংঘটিত হয় এক হিংসাত্মক ঘটনা ৷ এই ঘটনাত এজন চি আৰ পি এফৰ জোৱানৰ মৃত্যু হৈছে ৷ দেওবাৰে মণিপুৰৰ জিৰিবাম জিলাত চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীৰ এটা যুটীয়া দলক লক্ষ্য কৰি সশস্ত্ৰ দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ফলত এজন কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) জোৱান নিহত হয় আৰু আন তিনিজন আহত হয় ৷

পুৱা প্ৰায় 9.40 বজাত অজ্ঞাত অস্ত্ৰধাৰীয়ে চি আৰ পি এফৰ 20 নং বেটেলিয়ন আৰু মণিপুৰ আৰক্ষীৰ এটা দলক লক্ষ্য কৰি লয় বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে ৷ 2023 চনৰ মে’ মাহৰ পৰা ৰাজ্যখনত আৰম্ভ হোৱা, বৰ্তমান চলি থকা জাতিগত হিংসাৰ মাজতে নিৰাপত্তা পৰিস্থিতি ভয়াৱহ হৈ থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হয় ৷

13 জুলাইত সংঘটিত হোৱা গুলীচালনা কাণ্ডৰ সৈতে জড়িত তালাচী অভিযান চলাবলৈ সংযুক্ত নিৰাপত্তাৰক্ষীৰ দলটোৱে মনবুং গাঁৱৰ কাষ চাপি অহাৰ সময়তে এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷

নিহত চি আৰ পি এফৰ জোৱানজন বিহাৰৰ 43 বছৰীয়া অজয় ​​কুমাৰ ঝা বুলি চিনাক্ত কৰা হৈছে ৷ আহত তিনিজন জোৱানৰ ভিতৰত জিৰিবাম থানাৰ এজন উপ-পৰিদৰ্শক (এছ আই) ও আছে বুলি বিষয়াসকলে লগতে কয় ৷

মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ গৰিহণা:

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে নিৰাপত্তাৰক্ষীৰ ওপৰত কৰা এই আক্ৰমণক গৰিহণা দিছে। এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- "আজি জিৰিবাম জিলাত কুকি উগ্ৰপন্থীৰ এটা সন্দেহযুক্ত সশস্ত্ৰ গোটৰ আক্ৰমণত চি আৰ পি এফ জোৱানৰ হত্যাক মই তীব্ৰ গৰিহণা দিছো । কৰ্তব্যৰশাৰীত এজন সৈনিকৰ সৰ্বোচ্চ ত্যাগ বৃথা নহ'ব । মৃত জোৱানজনৰ শোকসন্তপ্ত পৰিয়াললৈ মই আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো । আক্ৰমণৰ সময়ত আঘাতপ্ৰাপ্ত লোকসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও মই প্ৰাৰ্থনা জনাইছো ।"

লগতে পঢ়ক : মণিপুৰ আৰু চীন সীমান্তত নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা সেনাপ্ৰধান জেনেৰেল দ্বিবেদীৰ - Army Chief Gen Upendra Dwivedi

Last Updated : Jul 14, 2024, 10:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.